
শেহতীয়াকৈ অসমৰ এটা ফেচবুক একাউণ্টত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধৰ মাজতেই পাৰমানৱিক পৰীক্ষা চলোৱা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- সৰ্বোচ নেতা আয়াতুল্লাহ আলি খোমাইনীয়ে ইছলামত মানৱ জাতি আৰু সমস্ত জীৱকুল ধ্বংস হব পৰা কাম কৰা হাৰাম ৰূপে ফটোৱা জাৰি কৰা কাৰণে প্ৰকৃততে পাৰমাণৱিক কাৰ্যক্ৰম জাৰি ৰাখিলেও পৰীক্ষা চলোৱা নাছিল-আমেৰিকা-ইজৰাইলে অপপ্ৰচাৰ চলাইহে বিশ্ব বাসীক বুৰ্বক সজাই আক্ৰমণ চলাইছিল,কিন্ত্ত সেইজন খোমাইনীৰ মৃত্যুৰ পাছত ফটোৱাৰ অন্তত পাৰমাণৱিক পৰীক্ষা কৰা বুলি সন্দেহ। তাৰে এই VDO হব পাৰে॥ ইৰাণে পাৰমাণৱিক পৰীক্ষা চলালেনেকি যুদ্ধৰ মাজতেই ।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০১৭ চনৰ ২৬ মাৰ্চত এটা ইউটিউব চেনেলত আপলোড কৰা এই ভিডিঅ’টোৰ দীঘলীয়া সংস্কৰণ এটা দেখিলোঁ।

ভিডিঅ’টোৰ বৰ্ণনাত লিখা আছিল- “Two people have been injured as a result of explosions in artillery warehouses of the Ministry of Defense near Balaklia, Kharkiv region, the National Police of Ukraine in the Kharkiv region has said.”(“খাৰকিভ অঞ্চলৰ বালাক্লিয়াৰ সমীপৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ আৰ্টিলাৰী গুদামত বিস্ফোৰণৰ ফলত দুজন লোক আহত হৈছে বুলি খাৰকিভ অঞ্চলৰ ইউক্ৰেইনৰ ৰাষ্ট্ৰীয় আৰক্ষীয়ে জনাইছে।”
আমি ২০১৭ চনৰ ২৩ মাৰ্চত এটা ইউটিউব চেনেলত আন এটা ভিডিঅ’ পালোঁ, য’ত এই ভাইৰেল ক্লিপটো আছিল।

ভিডিঅ’টোৰ বৰ্ণনাৰ অনুবাদ মতে, “ইউক্ৰেইনৰ বালাক্লিয়া জ্বলি আছে আৰু এটা গোলাবাৰুদ ডিপোত বিস্ফোৰণ হৈছে। ঘাটটো জ্বলিছে। আজি নিশা খাৰকিভ অব্লাষ্টৰ বালাক্লিয়াত দেশৰ সৰ্ববৃহৎ গোলাবাৰুদ ডিপোত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়।বালাক্লিয়াৰ সামৰিক ডিপোত প্ৰায় ৩:০০ বজাৰ পৰা জুই আৰম্ভ হয়।তাতেই গোলাবাৰুদ মজুত কৰা হয় । উদ্ধাৰকাৰীসকলে কয় যে অস্ত্ৰভাণ্ডাৰৰ কাৰিকৰী এলেকাত বিস্ফোৰণ ঘটিছে।”
খবৰ অনুসৰি ২০১৭ চনৰ ২৩ মাৰ্চত বালাক্লিয়াৰ ওচৰৰ ইউক্ৰেইনৰ সশস্ত্ৰ বাহিনীৰ আটাইতকৈ ডাঙৰ গোলাবাৰুদ ডিপোটো অজ্ঞাত উৎসৰ বৃহৎ ধাৰাবাহিক বিস্ফোৰণৰ ফলত জোকাৰি গৈছিল যদিও বিধ্বংসী ৰূপ লোৱাটো ইয়াৰ অন্যতম সন্দেহজনক কাৰণ। ইউক্ৰেইনৰ কৰ্তৃপক্ষই চহৰখন আৰু ইয়াৰ আশে-পাশে থকা অঞ্চলৰ পৰা প্ৰায় ২০ হাজাৰ বাসিন্দাক উলিয়াই আনি ৫০ কিলোমিটাৰ ব্যাসাৰ্ধৰ আকাশমাৰ্গ বন্ধ কৰি দিয়ে।
অনুগ্ৰহ কৰি ইয়াত আৰু ইয়াত পঢ়ক।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু ইৰাণ আৰু ইজৰাইলৰ মাজত চলি থকা উত্তেজনাৰ সৈতে কোনো সম্পৰ্ক নাই।
তদুপৰি এতিয়ালৈকে কোনো বিশ্বাসযোগ্য প্ৰতিবেদন বা চৰকাৰী বিবৃতিত ইজৰাইলৰ পাৰমাণৱিক ৰিয়েক্টৰ প্লাণ্টত শেহতীয়াকৈ ইৰাণৰ আক্ৰমণৰ কথা উল্লেখ কৰা হোৱা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ


