
শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেইটো আহমেদাবাদৰ বিমান দুৰ্ঘটনাৰ সময়ৰ বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতিৰ
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত দাবী কৰা ভিডিঅ’টো বিভিন্ন সময়ত আপলোড কৰা আমি দেখিলোঁ। যোৱা ২৭ মে’ ২০২৫ত আৰবী ভাষাৰ কেপছনেৰে ইনষ্টাগ্ৰামত এই ভিডিঅ’টো চৌদি টুৰিষ্ট নামৰ হেণ্ডেলটোৰ পৰা আপলোড কৰা হৈছিল। তাত থকা কেপছনৰ অসমীয়া ভাবানুবাদ হৈছে ধুমুহা আৰু কম্পনৰ সময়ত বিমানৰ ভিতৰৰ লোকসকল দুটা ভাগত ভাগ হৈ পৰে। একাংশই সেই কম্পন উপভোগ কৰে আৰু একাংশই আতংকত চিঞৰে।
আনহাতে যোৱা ৫ মাৰ্চ ২০২৫ত ইনষ্টাগ্ৰামতে এগৰাকী ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো আপলোড কৰি সেয়া তেওঁলোকৰ বিমান দুৰ্ঘটনা বুলি উল্লেখ কৰিছিল(টেক্সট ওভাৰলে’)।
২৯ ডিচেম্বৰ ২০২৪ত ফেচবুকত সিংহালা ভাষাৰ কেপছনেৰে সৈতে এগৰাকী ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো আপলোড কৰি থোৱা আমি দেখিলোঁ। কেপছনটোৰ অসমীয়া ভাবানুবাদ হৈছে- মৃত্যু কেতিয়া কেনেকৈ আহিব আমি নাজানো..। যিকোনো কামৰ বাবে সাজু হৈ জীয়াই থাকক।
আমি ১৫ নৱেম্বৰ ২০২৪ত এই ভিডিঅ’টো এটা ইউটিউৱ চেনেলত আপলোড কৰি থোৱা দেখিলোঁ। তাত বিৱৰণত একো লিখা নাই যদিও কেপছনত সেয়া ভাৰত মহাসাগৰৰ ওপৰেৰে উৰি যোৱা এখন বিমানত ধুমুহাৰ মাজত হোৱা তীব্ৰ কম্পনৰ দৃশ্য বুলি উল্লেখ কৰা হৈছে।
তদুপৰি ২০২৪ৰ ২৭ ফেব্ৰুৱাৰীত একেটা ভিডিঅ’ ইউটিউৱ শ্বৰ্টছত আপলোড কৰা হৈছিল। ইটালীয়ান ভাষাত লিখা বিৱৰণৰ অসমীয়া ভাবানুবাদ হৈছে- আটলাণ্টিক সোঁতৰ পৰা অহা প্ৰচণ্ড বতাহে আমেৰিকা আৰু ব্ৰিটেইনৰ মাজত বিমান চলাচলত সমস্যাৰ সৃষ্টি কৰিছে। ফিলাডেলফিয়াৰ পৰা ডোহালৈ আমেৰিকান এয়াৰলাইন্সৰ এখন বিমানে ঘণ্টাত ১৩৫০ কিলোমিটাৰ বেগেৰে গতি কৰিছিল। ৱাশ্বিংটনৰ পৰা লণ্ডনলৈ যোৱা ভাৰ্জিনৰ বিমান এখনত তোলা ফুটেজত ফিউজবোৰ কঁপিছে, যাৰ ফলত বিমানখনত থকা যাত্ৰীসকলৰ মাজত ভয়ৰ সৃষ্টি হৈছে। যাত্ৰীসকলে তেওঁলোকৰ সন্মুখৰ আসনখন ধৰি ৰাখিছে। ৪৫ মিনিট আগতেই বিমানখন উপস্থিত হয় ব্ৰিটিছ ৰাজধানীত।
ইমানতে ক্ষান্ত নাথাকি আমি আমাৰ সন্ধান আগুৱাই নিয়াত ৰেডিট নামৰ ৱেবছাইটটোত দুবছৰ পূৰ্বে অৰ্থাত ২০২৩চনতেই এই ভিডিঅ’টো আপলোড কৰি সেয়া এমিৰেটছ এ৩৮০ বিমানৰ দৃশ্য বুলি উল্লেখ কৰা আমি দেখিলোঁ।
এই সূত্ৰৰ আঁত ধৰি অধিক সন্ধান কৰোতে আমি এটা টিকটক লিংক লাভ কৰিলোঁ। যিহেতু টিকটক আমাৰ দেশত নিষিদ্ধ হৈ আছে, সেইবাবে আমি আমাৰ ফেক্ট ক্ৰেছেণ্ডো কম্বোডিয়াৰ সহায় লৈ সেই টিকটক লিংকটোৰ সবিশেষ লাভ কৰিলোঁ। এমিৰেটছ এ৩৮০ৰ টিকটক একাউণ্টটোত সেই ভিডিঅটো ২০২৩চনৰ ২৮ জুলাইত আপলোড কৰা বুলি জানিব পাৰিলোঁ। তাত লিখা হৈছিল যে ভয়ংকৰ ধুমুহা কম্পনৰ ভিডিঅ’ কোনো যাত্ৰীয়ে শ্বেয়াৰ কৰিছিল। আমাৰ কম্বোডিয়াৰ সহকৰ্মীয়ে সেই টিকটক ভিডিঅ’টোৰ স্ক্ৰীনশ্বট প্ৰেৰণ কৰে। তলত সেই দৃশ্য চাব পাৰিব।
তাৰিখসহ চাব পাৰিব তলত।
এইদৰেই আমি নিশ্চিত হওঁ যে যিটো ভিডিঅ’ শেহতীয়া আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বুলি ফেচবুকত শ্বেয়াৰ কৰা হৈছে, সেইটো আচলতে ২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত কেমেৰাত বন্দী কৰা দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ শেহতীয়া আহমেদাবাদ বিমান দুৰ্ঘটনাৰ বুলি ফেচবুকত শ্বেয়াৰ কৰা হৈছে, সেইটো আচলতে ২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত কেমেৰাত বন্দী কৰা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনত এমিৰেটছ এ৩৮০ বিমানৰ ভিতৰত লোৱা এক দৃশ্য আহমেদাবাদত দুৰ্ঘটনাগ্ৰস্থ বিমানখনৰ ভিতৰৰ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
