
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰা দেখা গৈছে। ভিডিঅ’টোত আমি দেখোঁ যে কেইগৰাকীমান যুৱতীয়ে হিজাব খুলি পেলাইছে। তাৰ পাছতে তেওঁলোকে ইৰাণৰ শাসক খামেইনীৰ ফটোত জুই জ্বলাই দিছে। এই ভিডিঅ’টোৰে দাবী কৰা হৈছে যে ইৰাণত এইদৰে বহুকেইগৰাকী যুৱতীয়ে খামেইনী তথা শাসকীয় চৰকাৰখনৰ বিৰুদ্ধে বিদ্ৰোহ কৰিছে, প্ৰতিবাদ কৰিছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো এক বিশেষ কাৰিকৰী ব্যৱস্থাৰে কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তাৰ ফলত আমি এই ভিডিঅ’টোৰ সৈতে মিল থকা একাধিক ভিডিঅ’ আমি ইনষ্টাগ্ৰামত লাভ কৰিলোঁ।
এটা ইনষ্টাগ্ৰাম হেণ্ডেলত আমি কেইটামান ভিডিঅ’ পালোঁ, যিবোৰ আচলতে এই ভিডিঅ’টোৰ বিভিন্ন এংগলৰ পৰা লোৱা টুকুৰা।

আমি সেই হেণ্ডেলটো পৰীক্ষা কৰি চাই দেখিলোঁ যে সেইটো কেমিল ইৰছ নামৰ ফ্ৰান্সৰ এগৰাকী সমাজকৰ্মীৰ হেণ্ডেল। তেওঁ কালেক্টিভ ইৰছ নামৰ সংস্থাটোৰ সৈতে জৰিত। তেওঁলোকে শেহতীয়াকৈ ফ্ৰান্সৰ পেৰিছত ইৰাণৰ শেহতীয়া পৰিস্থিতিৰ বিৰুদ্ধে যোৱা ১১ জানুৱাৰী ২০২৬ত এইদৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছিল। সেই প্ৰতিবাদীকাৰ্যসূচীত তেওঁলোকে হিজাব খুলি আৰু খামেইনীৰ ফটো জ্বলাই বিক্ষোভ প্ৰদৰ্শন কৰিছিল। তাত দেখা বগা বৰণৰ চোলা পৰিহিতা যুৱতীগৰাকীয়েই হৈছে কেমিল ইৰছ।

তাৰে এটা ভিডিঅ’ত আমি দেখিলোঁ যে তাত টেক্সট ওভালে’ কৰি লিখা আছে- You are French women and you support Iranian women।

আনহাতে এলিচ কোৰ্ডিয়েৰ নামৰ আন এগৰাকী যুৱতীৰ ইনষ্টাগ্ৰামতো আমি সেই প্ৰতিবাদৰ বিভিন্ন ভিডিঅ’ দেখিলোঁ।

জানিব পাৰিলোঁ যে এলিচ কোৰ্ডেয়ৰ হৈছে কালেক্টিফ নেমেছিচ নামৰ সংস্থাটোৰ সভানেত্ৰী। নাৰীৰ বিৰুদ্ধে হোৱা হিংসাৰ বিৰোধী এই সংস্থাটোৱেও কালেক্টি ইৰছৰ সৈতে সেই প্ৰতিবাদত অংশ গ্ৰহণ কৰিছিল। আমি ভিডিঅ’ত দেখা পাতল সেউজীয়া চোলা পিন্ধা যুৱতীগৰাকীয়েই হৈছে এলিচ কোৰ্ডিয়েৰ।

ইয়াৰে আঁত ধৰি আমি কালেক্টিফ নেমেছিচৰ ইনষ্টাগ্ৰাম হেণ্ডেলটো পৰীক্ষা কৰোতে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ মূল উৎসটো লাভ কৰিলোঁ।

আমি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান ইউৰো নিউজতো এই প্ৰতিবাদ সম্পৰ্কে বাতৰি লাভ কৰিলোঁ।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে যিটো ভিডিঅ’ ইৰাণত হোৱা শেহতীয়া প্ৰতিবাদৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত একাধিক সংগঠনে ইৰাণৰ শাসকপক্ষৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা প্ৰতিবাদৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো বিভ্ৰান্তিকৰ। যিটো ভিডিঅ’ ইৰাণত হোৱা শেহতীয়া প্ৰতিবাদৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে, সেইটো আচলতে ফ্ৰান্সৰ ৰাজধানী পেৰিছত একাধিক সংগঠনে ইৰাণৰ শাসকপক্ষৰ বিৰুদ্ধে প্ৰদৰ্শন কৰা প্ৰতিবাদৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:হিজাব খুলি,খামেইনীৰ ফটো জ্বলাই কৰা এই প্ৰতিবাদ ইৰাণৰ নহয়, ফ্ৰান্সৰ একাংশ সমাজকৰ্মীৰ হে।
Fact Check By: Pranjal SharmaResult: Misleading


