
২০ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ৰাহুল গান্ধীয়ে শেহতীয়াকৈ বিহাৰত উলিওৱা ভোট অধিকাৰ যাত্ৰাৰ সময়ৰ।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন সামাজিক মাধ্যমত কেইটাবাও পুৰণি পোষ্টৰ লিংক পালোঁ। সেই পোষ্টসমুহত এই ভিডিঅ’টো আছিল।
২০২৫ চনৰ ৩১ জুলাইত Kare_santo নমাৰ ইনষ্টাগ্ৰাম একাউণ্টটোতো একেই ভিডিঅ’ শ্বেয়াৰ কৰিছিল। এই ভিডিঅ’টো শ্বেয়াৰ কৰা হৈছে ‘খামগাঁৱৰ পৰা শ্বেগাঁওলৈ লাইভ ভিডিঅ’ বুলি কেপছনেৰে।
খামগাঁও আৰু শ্বেগাঁও হৈছে মহাৰাষ্ট্ৰৰ দুখন ঠাই। এইফালে ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰা আৰম্ভ হৈছিল ১৭ আগষ্ট ২০২৫ৰ পৰা। যিহেতু যাত্ৰা আৰম্ভ হোৱাৰ বহু আগতেই ভিডিঅ’টো প্ৰচাৰিত হৈ আছিল, গতিকে এই ভিডিঅ’টো যে ভোট অধিকাৰ যাত্ৰাৰ সৈতে সম্পৰ্কিত নহয় সেয়া স্পষ্ট হৈ পৰিছে। ইনষ্টাগ্ৰামৰ পোষ্টটো ইয়াত চাব পাৰিব।
তদুপৰি ২ আগষ্ট ২০২৫ত এই একেটা ভিডিঅ’ divyavarhad_নামৰ ইনষ্টাগ্ৰাম একাউণ্টটোতো শ্বেয়াৰ কৰা হৈছিল আৰু কেপচন দিছিল ‘গজানন মহাৰাজৰ পালাংকীন খামগাঁও চহৰৰ পৰা শ্বেগাঁওলৈ ওলাইছে’। ইনষ্টাগ্ৰামৰ পোষ্টটো ইয়াত চাব পাৰিব।
পালাংকীন শোভাযাত্ৰাৰ অন্তিম পৰ্যায়ৰ এটা ভিডিঅ’ ইউটিউব চেনেল ‘দিব্যা বৰ্হাদ মাৰাঠী (Divya Varhad Marathi)’ত শ্বেয়াৰ কৰা হৈছে। লাখ লাখ ভক্তই অংশগ্ৰহণ কৰা এই শোভাযাত্ৰাৰ ৯.৪ মিনিটৰ ভিডিঅ’টোত ৭ মিনিটৰ পৰা ভাইৰেল হোৱা ভিডিঅ’টো দেখুওৱা হৈছে। একেই তম্বু, একেই ৰাস্তাত ৰখাই থোৱা লৰীখন, ফ্লেক্স বৰ্ডবোৰ সকলো একেই। ইউটিউব ভিডিঅ’টো তলত চাব পাৰিব।
আমাৰ অধিক তদন্তত মহাৰাষ্ট্ৰৰ বিখ্যাত শ্ৰী পালখী উৎসৱৰ সৈতে জড়িত পালাংকীন শোভাযাত্ৰা আৰম্ভ হোৱাৰ সময়ত দ্য টাইমছ অৱ ইণ্ডিয়াই প্ৰকাশ কৰা এক প্ৰতিবেদন আমি পালোঁ ৷ তাত আমি পঢ়িবলৈ পালোঁ যে গজানন মহাৰাজৰ পালাংকীন শোভাযাত্ৰা হৈছে এই উৎসৱৰ এক প্ৰধান অংশ। জুন মাহৰ প্ৰথম সপ্তাহত শ্বেগাঁৱৰ পৰা পান্ধৰপুৰলৈ আৰম্ভ হোৱা এই পালাংকীনে দুমাহত ১২৭৫ কিলোমিটাৰ অতিক্ৰম কৰে। অংশগ্ৰহণকাৰী ভক্তসকলে এই পালাংকীনত ৭২৫ কিলোমিটাৰ পান্ধৰপুৰলৈ খোজ কাঢ়ি যায় আৰু ৫৫০ কিলোমিটাৰ উভতি শ্বেগাঁওলৈ আহে। বগা বস্ত্ৰ আৰু তুলসী মালা পৰিধান কৰা ৱৰ্কাৰিছ নামেৰে পৰিচিত লোকসকলে বিত্থল ভগৱান আৰু শ্ৰী গজানন মহাৰাজৰ প্ৰশংসাস্তুতি পৰিবেশন কৰি কৰি যাত্ৰা কৰে। আন ভক্তসকলেও এই যাত্ৰাত অংশগ্ৰহণ কৰে। টাইমছ অৱ ইণ্ডিয়াৰ প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব ৷
এইখিনি তথ্যৰ পৰা এইটো স্পষ্ট হয় যে প্ৰচাৰিত ভিডিঅ’টো ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ নহয়, বৰঞ্চ মহাৰাষ্ট্ৰৰ পালখী উৎসৱৰ পালাংকীন যাত্ৰাৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ভিডিঅ’টো ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰাৰ নহয়, বৰঞ্চ মহাৰাষ্ট্ৰৰ পালখী উৎসৱৰ পালাংকীন যাত্ৰাৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:মহাৰাষ্ট্ৰৰ ধৰ্মীয় শোভাযাত্ৰাৰ ভিডিঅ’ ৰাহুল গান্ধীৰ ভোট অধিকাৰ যাত্ৰা বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
