লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক পেজৰ পৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ ভিডিঅ’ বুলি দাবী কৰা হৈছে। ভিডিঅ’টোত দেখা গৈছে এগৰাকী খাকী পোচাকধাৰীৰ সৈতে দুগৰাকী পুৰুষ-মহিলাৰ হতাহতি লাগিছে। মহিলাগৰাকীয়ে চেণ্ডেলেৰে খাকী পোচাকধাৰী গৰাকীক প্ৰহাৰ কৰিছে আৰু পুৰুষগৰাকীয়েও তেওঁৰ সৈতে মাৰপিটত লিপ্ত হৈছে। খাকী পোচাকধাৰীগৰাকীয়েও দুয়োকে প্ৰহাৰ কৰিছে। পোষ্টটোত সেই পুৰুষ-মহিলাহালক এক দম্পতী বুলি অভিহিত কৰিছে। লিখিছেঃ- কোকৰাঝাৰ ৰেলৱে ষ্টেচনত এহাল দম্পতীৰ লগত ৰেলৱে আৰক্ষীৰ প্ৰচন্দ মাৰ পিটৰ ঘটনা

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcTZ0a2IhwhZjWK_B5x3acKQDe0LvWPbr3GS-cLwXriqDd_Kf9ZAkZNQdtIhMfqVrVw2DRuoUf8s_UBqbUCqI2miiyinw9D0P9DR_nYdkXyHRqIqK17-9PVMu4pJh-fHDpXRV1rcg?key=CDOkjySUjqfZpfvYph7zfhxY

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কিছুমান ফ্ৰেম উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ফলত আমি কেইটামান ইউটিউৱ লিংক লাভ কৰিলোঁ। The Diesel Spotters নামৰ এটা ইউটিউৱ চেনেলত लखनऊ चारबाग स्टेशन पर जवान और दंपत्ति के मारपीट का वीडियो हुआ वायरल কেপছনেৰে আপলোড কৰা সেই একেটা ভিডিঅ’ মতে সেয়া লক্ষ্নৌৰ ছাৰবাগ ষ্টেছনত এজন জোৱানৰ সৈতে সেই দম্পতীৰ মাৰপিট সংঘটিত হৈছিল। সেই দম্পতীৰ পুত্ৰ সন্তানৰ হাতত আঘাত কৰাৰ বাবেই আৰক্ষীৰ জোৱানজনৰ সৈতে এইদৰে তেওঁলোক খণ্ডযুদ্ধত লিপ্ত হৈছিল। ভিডিঅ’টো ২৩ মাৰ্চ,২০২৫ত আপলোড কৰা হৈছিল। 

Bharat Ek Nayi Soch নামৰ ইউটিউৱ চেনেলটোত আমি ২১ মাৰ্চ, ২০২৫ত একেটা ভিডিঅ’কে चारबाग रेलवे स्टेशन पर पुलिसकर्मी की दबंगई, बच्चे पर डंडा मारने के बाद बवाल কেপছনেৰে আপলোড কৰি থোৱা দেখিলোঁ। তাতো কোৱা হৈছে যে ছাৰবাগ ষ্টেছনত এটি শিশুৰ ওপৰত লাঠিৰে প্ৰহাৰ কাৰণেই শিশুটিৰ পিতৃ-মাতৃয়ে সেই আৰক্ষীৰ জোৱানজনক চেণ্ডেলেৰে তথা লাঠিৰে প্ৰহাৰ কৰিছিল। ভিডিঅ’টোত ইয়াকো কোৱা হৈছে যে প্ৰত্যক্ষদৰ্শীয়ে জোৱানজন নিচাসক্ত হৈ আছিল বুলি দাবী কৰিছে। 

P24 News  ইউটিউৱ চেনেলটোৱেও ২১ মাৰ্চ, ২০২৫ত पुलिसवाले ने तोड़ा बच्चे का हाथ रेलवे स्टेशन पर भिड़ गए मां-बाप! কেপছনেৰে সেই ভিডিঅ’টো আপলোড কৰি এটি শিশুৰ হাত ভাঙি পোলোৱাৰ বাবে শিশুটিৰ পিতৃ-মাতৃয়ে সেইদৰে জোৱানজনৰ সৈতে কাজিয়াত লিপ্ত হোৱা বুলি উল্লেখ কৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdEccODKJBGyNVo7rvDaXJCh45NfGT5yiz-n_77dlYAj9hZMaKtUQSLzN4T0E4fMECaTUkf-lrsYtXbUa5naJz8uvCQUG7Vo8P3bUs1FdjpavOlwAk0WH1863QyGUvPkV2BevXGRw?key=CDOkjySUjqfZpfvYph7zfhxY

এইখিনি তথ্য লাভ কৰাৰ পাছত আমি প্ৰাসংগিক শব্দ কেইটামান লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া সেই ঘটনাটো সন্দৰ্ভত একাধিক সংবাদ মাধ্যমে পৰিবেশন কৰা বাতৰি লাভ কৰিলোঁ। Times Of Indiaৰদ্বাৰা প্ৰকাশিত হিন্দী বাতৰি কাকত নৱভাৰত টাইমছৰ ৱেবছাইটত সেই ভিডিঅ’টোৰে সৈতে পৰিবেশন কৰা বাতৰিটো পালোঁ। ২০২২ চনৰ ১৮ মাৰ্চত সেই বাতৰিটো Lucknow: चारबाग रेलवे स्टेशन पर महिला ने चप्पल से पुलिसवाले को पीटा, देखें वायरल वीडियो শিৰোনামেৰে প্ৰকাশ কৰা হৈছিল। বাতৰিটো পঢ়ি জানিব পাৰিলোঁ যে এই জোৱানজনে সেই দম্পতী আৰু তেওঁলোকৰ সন্তানক প্ৰথমে প্ৰহাৰ কৰিছিল আৰু শিশুটিৰ হাত ভাঙি দিব বুলি ধমক দিছিল। তাৰ পাছতেই সেই দম্পতীৰে সৈতে তেওঁৰ এই খণ্ডযুদ্ধ লাগিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdMkKUqQ75DCjRkCfrFemY8WG1nkC6ylUZby9TWhuqIjrMDtrPQmACR0bvjuPX4K87N233EvorBLzJ3q8bhe-Bn3o3nTR1gHteAHxip3Nd609VaGfXVgRW_SE222yq10qoFSnKZiQ?key=CDOkjySUjqfZpfvYph7zfhxY

আন এক সংবাদ প্ৰতিষ্ঠানে ২০২২ চনৰ ১৮ মাৰ্চত পৰিবশেন কৰা বাতৰিটোতো একেধৰণেই সেই জোৱানজনে পৰিয়ালটোৰ ওপৰত আক্ৰমণ কৰাৰ কাৰণেই ঘটনাটো ঘটিছিল বুলি কোৱা হৈছিল। লগতে জোৱানজন নিচাসক্ত হৈ আছিল বুলিও উল্লেখ কৰা হৈছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfxTdZUPJJzj-tNz_3MtOFDQLyEU0hT-gINs-lApGKMB3R1oYuspZ9D6xVhP7NaowB8LeWCf4BQ67prPD7Lj1_FafFXF91TFNmxQFUOV1Fv4LsEcktZTX5C4e-fJltBzD7Scx3u0Q?key=CDOkjySUjqfZpfvYph7zfhxY

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হওঁ যে যিটো ভিডিঅ’ অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ বুলি দাবী কৰি ফেচবুক পেজটোৱে প্ৰচাৰ কৰিছে, সেই ভিডিঅ’টো আচলতে উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ এটা পুৰণি ঘটনাৰ ভিডিঅ’। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। এই ভিডিঅ’টো আচলতে উত্তৰ প্ৰদেশৰ লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ এটা পুৰণি ঘটনাৰ ভিডিঅ’। অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ সৈতে ইয়াৰ কোনো সম্পৰ্ক নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:লক্ষ্নৌৰ ছাৰবাগ ৰেল ষ্টেছনৰ ২০২২চনৰে পুৰণি ভিডিঅ’ এটা অসমৰ কোকৰাঝাৰ ৰেল ষ্টেছনৰ শেহতীয়া দৃশ্য বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *