
শেহতীয়াভাৱে অসমৰ একাধিক সংবাদ প্ৰতিষ্ঠানে বাতৰিৰ জৰিয়তে তথা ফেচবুক ব্যৱহাৰকাৰী পোষ্টৰ জৰিয়তে দাবী কৰিছে যে অহা ১৫জুলাই ২০২৫ৰ পৰা মটৰ চাইকেল তথা স্কুটী আৰোহীয়েও দিব লাগিব টোলটেক্স। তেনেকুৱা এক বাতৰিৰ খণ্ডচিত্ৰ তলত দেখুওৱা হৈছে।
আন এক সংবাদ প্ৰতিষ্ঠানেও একেই দাবী কৰি বাতৰি পৰিবেশন কৰিছে।
একেই দাবীৰে অন্যান্য ফেচবুক পোষ্ট ইয়াত, ইয়াত ইয়াত চাব পাৰিব। তদুপৰি ইয়াত, ইয়াত,ইয়াত, ইয়াত আৰু ইয়াতো অনুৰূপ পোষ্ট চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি প্ৰাসংগিক শব্দৰে কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু ভাৰতীয় ৰাষ্ট্ৰীয় ঘাইপথ প্ৰাধিকৰণৰ এটা টুইট পালোঁ। তাত উল্লেখ কৰা হৈছে কিছুমান সংবাদ প্ৰতিষ্ঠানে মিছাকৈ প্ৰচাৰ কৰিছে যে এতিয়াৰে পৰা দুচকীয় বাহনেও টোলটেক্স দিব লাগিব। টুইটটোত স্পষ্ট কৰি দিয়া হৈছে যে তেনেকুৱা কোনো সিদ্ধান্ত এই পৰ্যন্ত লোৱা হোৱা নাই। এই টুইটটো কৰা হৈছে ২৬জুন ২০২৫ অৰ্থাত এই প্ৰতিবেদন লিখি থকাৰ এটা দিন পূৰ্বে।
তদুপৰি কেন্দ্ৰীয় পথ পৰিবহন আৰু ৰাষ্ট্ৰীয় ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীয়েও একে কথাকে উল্লেখ কৰি টুইট কৰিছে। মিছা খবৰ প্ৰচাৰ কৰাৰ পৰা সংবাদ মাধ্যমসমূহক আঁতৰি থাকিবলৈ আহ্বান জনোৱা হৈছে এই টুইটটোত।
আমি পিআইবি ফেক্ট চেকৰ এটা টুইটো লাভ কৰিলোঁ। তাতো ইয়াক মিছা খবৰ আখ্যা দিয়া হৈছে।
ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিছে যে কেন্দ্ৰীয়ে চৰকাৰে দুচকীয়া বাহনৰ ওপৰত অহা ১৫জুলাই ২০২৫ৰ পৰা টোলটেক্স লগাব বুলি কৰা প্ৰচাৰটো মিছা। কেন্দ্ৰীয় চৰকাৰে সদ্যহতে তেনেকুৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। কেন্দ্ৰীয়ে চৰকাৰে দুচকীয়া বাহনৰ ওপৰত অহা ১৫জুলাই ২০২৫ৰ পৰা টোলটেক্স লগাব বুলি কৰা প্ৰচাৰটো মিছা। কেন্দ্ৰীয় চৰকাৰে সদ্যহতে তেনেকুৱা কোনো সিদ্ধান্ত গ্ৰহণ কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title: ১৫জুলাইৰ পৰা দুচকীয়া বাহনেও টোলটেক্স দিব লাগিব বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
