এয়া ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ এক দৃশ্য নহয়। এয়া গাজাৰহে দৃশ্য। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণ-ইজৰাইলৰ মাজত শেহতীয়াভাৱে চলি থকা যুদ্ধৰ এক দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে- কেতিয়া শেষ হ’ব এই ধ্বংসলীলা? যুদ্ধই কেৱল মৃত্যু আৰু দুখহে কঢ়িয়াই আনে। ইৰাণ আৰু ইজৰাইলৰ এই সংঘাতত বলি হৈছে হাজাৰ হাজাৰ সাধাৰণ মানুহ। আমি শান্তি বিচাৰোঁ নে ক্ষমতাৰ নামত ধ্বংস? আপোনাৰ মতামত কমেন্টত জনাওক। আহক, শান্তিৰ বাবে একেলগে মাত মাতোঁ।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ৬ ফেব্ৰুৱাৰী ২০২৬ত এই ভিডিঅ’টো এক্সত পেলেষ্টাইনৰ স্বাধীনতাৰ বাবে কাম কৰি থকা Sarah Wilkinson নামৰ এগৰাকী ব্যক্তিয়ে টুইট কৰিছিল। তাত লিখা আছে – The israelis bomb a three-storey residential building in the Zeitoun neighbourhood in the south & largest quarter of the Old City of Gaza (পুৰণি গাজাৰ দক্ষিণ অঞ্চলৰ সমীপৰ জেইটাউনত থকা এটা তিনিমহলীয়া আৱাসিক অট্টালিকাত ইজৰাইলীয়ে বোমাবৰ্ষণ কৰে।)

তদুপৰি ২০২৬ৰ ৭ ফেব্ৰুৱাৰীত টাইমছ নাওৰ ইউটিউৱ চেনেলত Dramatic Israel Army Strike In Gaza City Caught On Cam: Watch Palestinians Take Cover In Cemetery শীৰ্ষক বাতৰিটোত আমি এই ভিডিঅ’টো দেখিলোঁ। তাত বৰ্ণনাত লিখা আছিল- Dramatic footage – IDF strikes building in Gaza City. Building, located near a cemetery, flattened in seconds. Chaos and bloodletting, Gazans take cover in the cemetery. Israel Military: Hit Hamas infra used to make & store arms. Battered and bruised, delusional Hamas say it won’t disarm. Hamas gunmen now bleed as Israel Military twists the knife. IDF draws the red line for Hamas – Adhere to the deal, or pay. Iran, Gaza, West Bank, Syria, Lebanon and Yemen… 6 battle fronts, and Israel dominating each of them…Holding the white flag, the only option for sinister Hamas? (নাটকীয় ফুটেজ – গাজা চহৰত অট্টালিকাত আক্ৰমণ আইডিএফ। কবৰস্থানৰ ওচৰত অৱস্থিত অট্টালিকাটো কেইছেকেণ্ডমানৰ ভিতৰতে সমতল হৈ পৰিল। বিশৃংখলতা আৰু ৰক্তপাতত গাজাবাসীয়ে কবৰস্থানত আশ্ৰয় লয়। ইজৰাইল মিলিটাৰী: হিট হামাছ ইনফ্ৰাই অস্ত্ৰ নিৰ্মাণ আৰু সংৰক্ষণ কৰিবলৈ লৈছিল। মাৰপিট আৰু আঘাতত অভ্যস্ত হামাছে কয় যে তেওঁলোক নিৰস্ত্ৰ নহয়। ইজৰাইল মিলিটাৰীয়ে চুৰি চলোৱাৰ লগে লগে এতিয়া হামাছৰ বন্দুকধাৰীবোৰ ৰক্তাক্ত হৈছে। আইডিএফে হামাছৰ বাবে ৰক্ত-ৰেখা অংকন কৰিছে – হয়তো চুক্তি মানিব অথবা ধন দিব। ইৰাণ, গাজা, পশ্চিমাঞ্চল, ছিৰিয়া, লেবানন আৰু য়েমেন…৬ যুদ্ধ ক্ষেত্ৰ আৰু ইজৰাইলে সকলোতে আধিপত্য বিস্তাৰ কৰিছে…শুভ্ৰ পতাকা উৰুওৱাটোৱেই অশুভ হামাছৰ বাবে একমাত্ৰ বিকল্প?) 

আনফালে এছোচিয়েটেড প্ৰেছৰ ইনষ্টাগ্ৰামতো আমি এই দৃশ্যটো পালোঁ। ৬ ফেব্ৰুৱাৰী ২০২৬ত আপলোড কৰা এই বাতৰিটোত লিখা হৈছিল- The Israeli army struck a building in Gaza City on Friday after issuing a warning. The building, near a cemetery in Zeitoun, was flattened on video. No casualties were reported as it had been evacuated. (শুকুৰবাৰে গাজা চহৰৰ এটা অট্টালিকাত সতৰ্কবাণী জাৰি কৰি ইজৰাইল সেনাই আঘাত হানে। জেইটাউনৰ এখন কবৰস্থানৰ সমীপত থকা এই অট্টালিকাটো সমতল কৰি তোলা হৈছে। ইয়াক খালী কৰা হৈছে বাবে কোনো লোকৰ মৃত্যুৰ খবৰ পোৱা নগ’ল।)

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে এই দৃশ্যটো ২০২৬ৰ ফেব্ৰুৱাৰীত ইজৰাইলৰ আইডএফে গাজাৰ এখন কবৰস্থানৰ সমীপৰ এটা অট্টালিকাত কৰা বোমাবৰ্ষণৰ দৃশ্য। ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ দৃশ্য নহয়। দাবীটো মিছা।  

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ইৰাণ-ইজৰাইলৰ শেহতীয়া যুদ্ধৰ সময়ৰ এক দৃশ্য নহয়। এয়া গাজাৰহে দৃশ্য।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *