
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ স্কুবা ডাইভিঙৰ সময়ৰ অন্তিমটো ভিডিঅ’। চিংগাপুৰত আয়োজন কৰা নৰ্থ-ইষ্ট ফেষ্টিভেলত অংশ গ্ৰহণ কৰিবলৈ যোৱা জুবিন গাৰ্গে সাগৰত স্কুবা ডাইভিং কৰিবলৈ গৈ উশাহ বন্ধ হৈ মৃত্যুমুখত পৰা বুলি প্ৰাৰম্ভিক খবৰ আহিছিল। সেই সময়তেই এই ভিডিঅ’টো ভাইৰেল হৈ পৰা দেখা গৈছে। ভিডিঅ’টোত এজন স্কুবা ডাইভাৰক পানীৰ মাজত কেলি কৰি থকা দেখা গৈছে। সেই ডাইভাৰজনক জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে আমাৰ দৃষ্টিগোচৰ হোৱা ফেচবুক পোষ্টসমূহত।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। ইউটিউৱত scubatopdive নামৰ চেনেল এটাত ২০২৫চনৰ ২১ ফেব্ৰুৱাৰী তাৰিখে এই ভিডিঅ’টো আপলোড কৰা হৈছিল। অৰ্থাত ১৯ চেপ্তেম্বৰ ২০২৫ত জুবিন গাৰ্গৰ দেহাৱসানৰ প্ৰায় ৭মাহ আগতেই আপলোড কৰা ভিডিঅ’ সেইটো। তাত লিখা হৈছিল এইদৰে-Dive into the crystal-clear waters of Thailand and explore one of the world’s most breathtaking underwater worlds! In this video, we’ll take you to iconic dive sites like the Similan Islands, Koh Tao, and Richelieu Rock, where vibrant coral reefs, majestic whale sharks, and playful sea turtles await. Whether you’re a beginner or a seasoned diver, Thailand offers unforgettable experiences for everyone! ( থাইলেণ্ডৰ স্ফটিকস্বৰূপ পানীত ডুব যাওক আৰু বিশ্বৰ অন্যতম স্বাসৰূদ্ধকৰ পানীৰ তলৰ জগতখনৰ অন্বেষণ কৰক! এই ভিডিঅ’টোত আমি আপোনাক চিমিলান দ্বীপপুঞ্জ, কোহ টাও, আৰু ৰিচেলিউ ৰকৰ দৰে আইকনিক ডাইভ চাইটলৈ লৈ যাম, য’ত স্পন্দনশীল প্ৰবাল প্ৰাচীৰ, ভয়ংকৰ তিমি আৰু চঞ্চল সাগৰীয় কচ্ছপে অপেক্ষা কৰি আছে। আপুনি এজন নবীন বা অভিজ্ঞ ডুবাৰুৱেই হওক, থাইলেণ্ডে সকলোৰে বাবে অবিস্মৰণীয় অভিজ্ঞতা আগবঢ়ায়!) ইয়াত কোনো ডুবাৰুৰ নাম উল্লেখ নাছিল।

ফেচবুকতো আমি ভিডিঅ’টো আপলোড কৰা দেখিলোঁ। ২০২৫ৰ ২১ ফেব্ৰুৱাৰীত ফেচবুকত নামৰ পেজটোত ভিডিঅ’টো আপলোড কৰা হৈছিল। তাত লিখা আছিল-GIANT MORAY EEL. Have you ever taken a selfie with monster eel ? Don’t forget the distance. safety stop 5 / 3 Dive safe @mahmoud_diving_instructor @gopro @scuba.dive.adventure EGYPT ।

ফেচবুকৰ ওপৰোক্ত ভিডিঅ লিংকটোত আমি মাহমুদ ডাইভিং ইনষ্ট্ৰাক্টৰ বুলি টেগ এটা পালোঁ আৰু লগতে ইজিপ্ট বুলি লিখাও দেখিলোঁ। তাৰে আঁত ধৰি সন্ধান কৰোতে আমি প্ৰথমে নিম্নোক্ত ইনষ্টাগ্ৰাম লিংকটো লাভ কৰিলোঁ। তাত আন কেইটামান ভিডিঅ’ৰে সৈতে ভাইৰেল ভিডিঅ’টোও আছিল। এই ইনষ্টাগ্ৰাম পোষ্টটো যদিও যোৱা ২৫ জুলাই ২০২৫ত দিয়া হৈছিল, ইয়াত আমি পূৰ্বৱৰ্তী ফেচবুক পোষ্টটোৰ দৰে ইজিপ্তৰ উল্লেখ আৰু মাহমুদ ডাইভিং ইনষ্ট্ৰাক্টৰৰ টেগ পালোঁ।

সেই মৰ্মে আমি মাহমুদ ইব্ৰাহিম নামৰ পেছাদাৰী ডুবাৰুগৰাকীৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোৰ লিংকটো পালোঁ।

আৰু তাতেই আমি চিংগাপুৰত দেহাৱসান ঘটা জুবিন গাৰ্গৰ শেষ ভিডিঅ’ বুলি ভাইৰলে কৰা মূল ভিডিঅ’টো লাভ কৰিলোঁ। মাহমুদ ইব্ৰাহিম নামৰ ডুবাৰুগৰাকীয়ে তেওঁৰ হেণ্ডেলত সেইটো ২০২৫ৰ ৯ ফেব্ৰুৱাৰী তাৰিখেই আপলোড কৰিছিল। আমি জানিব পাৰিলোঁ যে যিজনক অসমত জুবিন গাৰ্গ বুলি ভাইৰেল কৰা হৈছে, তেওঁ আচলতে ডুবাৰু মাহমুদ ইব্ৰাহিমহে। তেওঁ ইজিপ্তত এইদৰে সাগৰতলীত এই ভিডিঅ’টো প্ৰস্তুত কৰিছিল।

ইয়াৰ পৰাই স্পষ্ট হয় যে যিটো ভিডিঅ’ জুবিন গাৰ্গে চিংগাপুৰত সাগৰতলীত স্কুবা ডাইভিং কৰা শেষ ভিডিঅ’ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাবী ডুবাৰুৱে ইজিপ্তত সাগৰতলীত কৰা পুৰণি ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ জুবিন গাৰ্গে চিংগাপুৰত সাগৰতলীত স্কুবা ডাইভিং কৰা শেষ ভিডিঅ’ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাবী ডুবাৰুৱে ইজিপ্তত সাগৰতলীত কৰা পুৰণি ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইজন জুবিন গাৰ্গ নহয়। এয়া মাহমুদ ইব্ৰাহিম নামৰ এজন পেছাদাৰী ডুবাৰুৰ এটা পুৰণি ভিডিঅ’হে।
Fact Check By: Pranjal SharmaResult: False
