
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কাঁচৰ কফিনৰ ভিতৰত এটা নশ্বৰদেহ থৈ দিয়া হৈছে আৰু বহুলোকে মৃতকৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰিছে। বিভিন্নজনে কান্দিছে আৰু ফুলৰ থোৰা দি শেষ শ্ৰদ্ধা নিবেদন কৰিছে। কাঁচৰ কফিনটোত থকা নশ্বৰদেহটো জুবিন গাৰ্গৰ বুলি দাবী কৰা হৈছে।

আনহাতে তলত দিয়া ধৰণে ফেচবুকতো একেটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰথমে আমি যোৱা ১৭ চেপ্তেম্বৰ ২০২৫ত(জুবিন গাৰ্গৰ দেহাৱসানৰ দুদিন পূৰ্বেই) ফেচবুকত এই ভিডিঅ’টো আপলোড কৰি মালায়ালাম ভাষাত কেপছন লিখা দেখা পালোঁ। কেপছনটোৰ অসমীয়া অনুবাদ হৈছে- প্ৰিয় জলী থাপালোদথে বিদায় লয়…থেভাৰা আৰু চাথ্যাথৰ প্যাৰিছত সহযোগী ভাইকাৰ হিচাপে, লৌৰ্ডেছ হাস্পতালৰ সহকাৰী পৰিচালক হিচাপে আৰু কোৰাট্টি, অংগমালি যুডাপুৰম, কোথাড, ত্ৰিপুনিথুৰা ভাডাক্কেকোট্টামা আৰু ভালুভাল্লীৰ প্যাৰিছত ভাইকাৰ হিচাপে তেওঁ পুৰোহিত হিচাপে প্ৰশংসনীয় সেৱা আগবঢ়ায়। তাৰ অৰ্থ হৈছে এয়া কেৰালাৰ এগৰাকী ধৰ্মীয় ব্যক্তিৰ নশ্বৰদেহ।

আনহাতে ইনষ্টাগ্ৰামত ১৮ চেপ্তেম্বৰ ২০২৫ত(জুবিন গাৰ্গৰ দেহাৱসানৰ এদিন পূৰ্বে) এটা ভিডিঅ’ আপলোড কৰা হৈছে। তাত ভাইৰেল হোৱা এই ভিডিঅ’ও আছে। তাতো উল্লেখ কৰা হৈছে যে এয়া ফাডাৰ জলী থাপালোদথৰ নশ্বৰদেহ। ইংৰাজীত লিখিছে- Lourdes’ Former Assistant Director (2002 – 2006), Rev. Fr. Jolly Thappalodath (54yrs) passed away. Funeral on *18/09, (Thurs), 10am at Chittoor Holyfamily Church, Holy Mass presided over by Archbishop His Grace Most Rev. Dr. Joseph Kalathiparambil. Prayers for the departed soul & heartfelt condolences from Lourdes family (লৌৰ্ডেছৰ প্ৰাক্তন সহকাৰী সঞ্চালক (২০০২ – ২০০৬), ৰেভাৰেণ্ড ফাডীৰ জলী থাপালোদথ (৫৪বছৰ)ৰ মৃত্যু হয়। *১৮/০৯, (বৃহস্পতিবাৰ), পুৱা ১০ বজাত চিত্তুৰ হলিফেমিলি চাৰ্চত, আৰ্কবিশ্বপ হিজ গ্ৰেচ মষ্ট ৰেভাৰেণ্ড ড° জোচেফ কালাথিপাৰাম্বিলৰ সভাপতিত্বত পবিত্ৰ মিচত শেষকৃত্য সম্পন্ন কৰা হ’ব। বিদায়ী আত্মাৰ বাবে প্ৰাৰ্থনা & লৌৰ্ডছ পৰিয়ালৰ পৰা আন্তৰিক সমবেদনা)

অসমত ভাইৰেল হোৱা ভিডিঅ’টো আৰু আমি লাভ কৰা এই একেটা ভিডিঅ’ যে হুবহু একেই। তাৰ প্ৰমাণৰূপে এক তুলনা তলত দিয়া হৈছে।

ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে কফিনৰ ভিতৰত থকা নশ্বৰদেহটো জুবিন গাৰ্গৰ নহয়। এয়া হৈছে জুবিন গাৰ্গৰ দেহাৱসানৰ দুদিন পূৰ্বেই দেহাৱসান ঘটা এগৰাকী খ্ৰীষ্টান পুৰোহিত ফাডাৰ জলী থাপালোদাথৰ নশ্বৰদেহ। তেওঁ বিভিন্ন গীৰ্জা তথা হাস্পতালত বিভিন্ন সময়ত ভিন্ন দায়িত্বত নিয়োজিত হৈ আছিল।
আমি জলী থাপালোদাথৰ শেষ বিদায় সম্পৰ্কত দিয়া ফেচবুক পোষ্ট আৰু ভিডিঅ’ও লাভ কৰিলোঁ। তদুপৰি লৌৰ্ডছ হাস্পতালৰ ফেচবুক পেজত তেওঁ প্ৰতি শ্ৰদ্ধা নিবেদন কৰি দিয়া পোষ্টো লাভ কৰিলোঁ।

ইয়াৰ দ্বাৰাই প্ৰমাণিত হৈছে যে যিটো ভিডিঅ’ জুবিন গাৰ্গক শেষ শ্ৰদ্ধা নিবেদন কৰা বুলি দাবী কৰা হৈছে, সেয়া আচলতে কেৰালাৰ ফাডাৰ জলী থাপালোদাথৰ শেষ শ্ৰদ্ধাঞ্জলিৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ জুবিন গাৰ্গক শেষ শ্ৰদ্ধা নিবেদন কৰা বুলি দাবী কৰা হৈছে, সেয়া আচলতে কেৰালাৰ ফাডাৰ জলী থাপালোদাথৰ শেষ শ্ৰদ্ধাঞ্জলিৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এয়া জুবিন গাৰ্গ নহয়। এয়া কেৰালাৰ ফাডাৰ জলী থাপালোদথৰ নশ্বৰদেহৰ ভিডিঅ’।
Fact Check By: Pranjal SharmaResult: False
