এয়া জুবিন গাৰ্গ নহয়। নেপালৰ গণঅভ্যুথানৰ সময়ৰ এখন হাস্পতালৰ দৃশ্য এয়া। 

False Social

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে কোনো এগৰাকী ৰোগীক এখন হাস্পতালত চিকিৎসক তথা চিকিৎসা কৰ্মীয়ে চিপিআৰ আছে আৰু প্ৰাণ ৰক্ষা কৰিবলৈ চেষ্টা কৰি আছে। সামাজিক মাধ্য়মৰ পোষ্টেৰে সেই ব্যক্তিগৰাকী জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।

Facebook Link Archived Link

আনহাতে তলত দিয়া ধৰণে ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।

Youtube Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰথমে আমি যোৱা ১২চেপ্তেম্বৰ ২০২৫ত(জুবিন গাৰ্গৰ দেহাৱসানৰ ৭দিন পূৰ্বেই) ইউটিউৱৰ এটা বিশেষ ভিডিঅ’ত ভাইৰেল ক্লিপটোৰ এটা অংশ আমি দেখা পালোঁ। ভিডিঅ’টোত নেপালৰ অতি শেহতীয়া জেন জি(Gen Z) আন্দোলনৰ বিষয়ে কোৱা হৈছে আৰু তাত Dark reality of Nepali Government লিখা আছে।  

ইয়াৰ পাছত আমি ইউটিউৱতে নেপালৰ শেহতীয়া পৰিস্থিতি সন্দৰ্ভত প্ৰস্তুত কৰা আন এটা ভিডিঅ’ পালোঁ। সেই ভিডিঅ’টো আপলোড কৰা হৈছিল ৯ চেপ্তেম্বৰ ২০২৫ত (জুবিন গাৰ্গৰ দেহাৱসানৰ ১০ দিন পূৰ্বেই)। তাতো আৰম্ভনীতে আমি ভাইৰেল ভিডিঅ’টো দেখা পালোঁ। 

আমি সন্ধান অব্যাহত ৰখাত ফেচবুকত যোৱা ৮ চেপ্তেম্বৰ ২০২৫ত Gen Z আন্দোলন বুলি লিখা এটা ভিডিঅ’ পালোঁ।সেই ভিডিঅ’টোত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’ ক্লিপটোৰ পূৰ্ণাংগ ৰূপটো দেখিলোঁ। তাত আমি জানিব পাৰিলোঁ যে সেয়া নেপালত শেহতীয়াকৈ হৈ যোৱা গণঅভ্যুথানৰ পাছত হাস্পতালত দেখা দিয়া এক পৰিস্থিতিৰ দৃশ্য সেয়া। 

আৰু অৱশেষত আমি ফেচবুকতে এই ভিডিঅ’ ক্লিপটোৰ সম্পূৰ্ণ সংস্কৰণটোৰে সৈতে কৰা পোষ্টটো পালোঁ। সেই পোষ্টটো কৰা হৈছিল ২০২৫ৰ ৮ চেপ্তেম্বৰত। যি সময়ত নেপালত অশান্ত পৰিবেশ তুংগত আছিল। সেয়া জুবিন গাৰ্গে চিংগাপুৰত শেষ নিশ্বাস ত্যাগ কৰাৰ ১১ দিন পূৰ্বৰে ঘটনা। তাত লিখা কথাখিনিৰ অনুবাদ এনেকুৱা ধৰণৰ- মোৰ দেশ নেপাল আজি ক‘ত। আজি জেন জি আন্দোলনৰ ওপৰত চৰকাৰে গুলীচালনাৰ নিৰ্দেশ দিয়াৰ পাছত হাস্পতাল আৰু জেন জি আন্দোলনকাৰীৰ অৱস্থা এয়া।(कथै मेरो देश नेपाल 😭😭आज जिनजी पुस्ताहरुको आन्दोलनमा सरकारले  गोली चलाउने आदेश दिएपछि hospital को र जेनजी पुस्ताहरूको अवस्था )

ইয়াৰ পৰাই নিশ্চিত হয় যে যিটো ভিডিঅ’ ক্লিপ ভাইৰেল কৰি সেইটো চিংগাপুৰত সাগৰত ডুবি যোৱাৰ পাছত জুবিন গাৰ্গক চিকিৎসক তথা চিকিৎসাকৰ্মীয়ে চিপিআৰ আদি দি চিকিৎসা কৰি থকা বুলি দাবী কৰা হৈছে, সেইটো আচলতে যোৱা ৮ চেপ্তেম্বৰ ২০২৫ত নেপালত দেখা দিয়া অশান্ত পৰিস্থিতৰ সময়ৰ এখন হাস্পতালৰ দৃশ্যহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো দৃশ্য জুবিন গাৰ্গক চিপিআৰ আদিৰে চিকিৎসা কৰি থকা বুলি দাবী কৰা হৈছে, সেইটো আচলতে যোৱা ৮ চেপ্তেম্বৰ ২০২৫ত নেপালত দেখা দিয়া অশান্ত পৰিস্থিতৰ সময়ৰ এখন হাস্পতালৰ দৃশ্যহে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া জুবিন গাৰ্গ নহয়। নেপালৰ গণঅভ্যুথানৰ সময়ৰ এখন হাস্পতালৰ দৃশ্য এয়া।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *