
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইউটিউৱ আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বা তাৰ পাছৰ বুলি দাবী কৰা দেখা গৈছিল। এটা ভিডিঅ’ত দেখা গৈছে যে এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ জৰিয়তে এগৰাকী ৰোগীক চিকিৎসা প্ৰদান কৰি থকা হৈছে। ভিডিঅ’টোৰ পাৰ্শ্বপটত জুবিন গাৰ্গৰ মায়াবিনী ৰাতিৰ বুকুত গীতটি শুনা হৈছে আৰু জুবিন গাৰ্গৰ কণ্ঠ শুনা গৈছে। কেপছনত লিখা হৈছে- আমাৰ মাজত সদাই জীয়াই থাকিব জুবিন দা। এইদৰেই দাবী কৰা হৈছে যে চিকিৎসা লাভ কৰি থকা লোকজন জুবিন গাৰ্গ।

Facebook Link Archived Link
আনহাতে তলত দিয়া ধৰণে ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।

Youtube Link Archived Link
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া প্ৰথমে আমি যোৱা ১২ এপ্ৰিল ২০২৫ত(জুবিন গাৰ্গৰ দেহাৱসানৰ প্ৰায় ৫ মাহ পূৰ্বেই) ইনষ্টাগ্ৰামত এই ভিডিঅ’টো দেখা পালোঁ। তাত লিখা আছিল-STRONG IMAGES!!! THIS ROBOT ALLOWS US TO PERFORM CARDIAC MASSAGE DURING A CARDIORESPIRATORY ARREST!! তাৰ পৰাই আমি প্ৰমাণ পালোঁ যে ভিডিঅ’টো পুৰণি।

২৭ এপ্ৰিল ২০২৫তো একেটা ভিডিঅ’ ইনষ্টাগ্ৰামত আপলোড কৰা হৈছিল।

৩ আগষ্ট ২০২৪ আৰু ২৫ মে’ ২০২৪তো একেটা ভিডিঅ’ বেলেগ বেলেগ ইনষ্টাগ্ৰাম হেণ্ডেলত আপলোড কৰা আমি দেখিলোঁ। অৰ্থাত প্ৰায় এবছৰ পূৰ্বেই। তদুপৰি এক্সটো সেই একেটা ভিডিঅ’ যোৱা ৮ মে’ ২০২৫ত আপলোড কৰা হৈছিল। আমি সত্যতা নিৰূপণ কৰি থকা এই ভিডিঅ’টো তথা অনুসন্ধান কালত লাভ কৰা ভিডিঅ’কেইটাত সেই বিশেষ যন্ত্ৰটোত এটা নাম লিখা আমি দেখিলোঁ। সেয়া হৈছে LUCAS 3।

আমি ইয়াৰ পাছত LUCAS 3 সন্দৰ্ভত সন্ধান কৰোতে জানিব পাৰিলোঁ যে LUCAS (Lund University Cardiopulmonary Assist System) হৈছে ২০২৩ত উদ্ভাৱন কৰা এটা চিপিআৰ যন্ত্ৰ। এতিয়ালৈ ইয়াৰ তৃতীয়টো সংস্কৰণ উপলব্ধ হৈছে আৰু

এই যন্ত্ৰটো সন্দৰ্ভত অধিত তথ্য আমি ইয়াত আৰু ইয়াত পালোঁ।
এইদৰেই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ” যোৱা ১৯ চেপ্তেম্বৰ ২০২৫ত চিংগাপুৰত দেহাসৱান ঘটা জুবিন গাৰ্গক যান্ত্ৰিকভাৱে চিপিআৰ দি থকা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে প্ৰায় এবছৰ পূৰ্বৰে পৰা ইণ্টাৰনেটত উপলব্ধ আৰু সেইটো আচলতে LUCAS 3নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। এয়া জুবিন গাৰ্গ নহয়। সেইটো আচলতে LUCAS 3নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এয়া জুবিন গাৰ্গ নহয়। সেইটো আচলতে LUCAS3 নামৰ এটা কৃত্ৰিম চিপিআৰ যন্ত্ৰৰ প্ৰদৰ্শনমূলক ভিডিঅ’হে।
Fact Check By: Pranjal SharmaResult: False
