
শেহতীয়াভাৱে অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেই ভিডিঅ’টো শেহতীয়াভাৱে ভাৰতে আক্ৰমণ কৰি ধ্বংস কৰি দিয়া পাকিস্তানৰ কোনো এটা পেট্ৰোল পাম্পৰ দৃশ্যৰ ভিডিঅ’।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভাইৰেল ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিছিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো আৰু যিটো ঘটনাৰ ফলত সেই দৃশ্যৰ সৃষ্টি হৈছিল, তাৰে ভিডিঅ’ ফেচবুক, এক্স, ইউটিউৱ আদিত লাভ কৰিলোঁ।
আমি ফেচবুকত এটা পোষ্ট লাভ কৰিলোঁ। ২০২৫ৰ জানুৱাৰী মাহৰ ২৮ তাৰিখে এটা ভিডিঅ’ আপলোড কৰি সেই পোষ্টটো কৰা হৈছিল। তাত সিন্ধি ভাষাত কেপছন লিখা হৈছিল। লিখা কথাখিনিৰ অসমীয়া ভাবানুবাদ হৈছে- “কালি মুলতান কাণ্ডৰ পাছত আজি পুনৰ কোট ছাট্টা ঘাইপথৰ পেট্ৰল পাম্পত ৰখাই থোৱা গেছ টেংকাৰ এখনত জুই লাগি পেট্ৰল পাম্পত ৰখাই থোৱা আন তিনিখন টেংকাৰ আগুৰি ধৰে।” সেই ভিডিঅ’টোত আমি দেখিলোঁ যে অসমৰ ফেচবুক ব্যৱহাৰকাৰীজনে যিটো ভিডিঅ’ আপলোড কৰি সেযা ভাৰতে পাকিস্তান আক্ৰমণ কৰি শেহতীয়াভাৱে পেট্ৰোল পাম্প এটা ধ্বংস কৰি বুলি দাবী কৰিছে, সেই ভিডিঅ’টোত দেখা ঘটনাটো আমি লাভ কৰা সিন্ধি ভাষাৰ এই ফেচবুক পোষ্টটোত থকা ভিডিঅ’টোৰে সৈতে একেই। ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ যে ভাৰতে শেহতীয়াকৈ পাকিস্তান আক্ৰমণ কৰা সময়তকৈ বহু পূৰ্বে অৰ্থাত ২০২৫ৰ জানুৱাৰী মাহতেই পাকিস্তানত এই ঘটনাটো ঘটিছিল।
আমি ২০২৫ৰ ২৯ জানুৱাৰীত এক্সত কৰা এটা টুইটত সেই ভিডিঅ’টো পালোঁ, য’ত ওপৰোক্ত দৃশ্যটো দেখা গৈছে। তাতো উল্লেখ কৰা হৈছে যে সেয়া কোট ছাট্টাত হোৱা এলপিজি টেংকাৰ বিষ্ফোৰণৰ দৃশ্য। এই ঘটনাৰ ফলত সমীপতে থকা এটা পেট্ৰোল পাম্পলৈ জুই বিয়পে আৰু এজন লোকে প্ৰাণ হেৰুৱায়।
এই ঘটনাটোৰ সবিশেষ আমি সংবাদ মাধ্যমৰ বাতৰিতো লাভ কৰিলোঁ। তাত সবিস্তাৰে উল্লেখ কৰা হৈছে যে ডেৰা গাজি খান অঞ্চলৰ কোট ছাট্টাত এলপিজি টেংকাৰত জুই লাগে আৰু বিষ্ফোৰিত হয়। লগে লগে এই জুয়ে অন্য টেংকাৰকো সাঙুৰি লয়।
উল্লেখ কৰাটো প্ৰয়োজনীয় যে এই দৃশ্যটো ভাৰতে পাকিস্তানৰ ওপৰত চলোৱা আক্ৰমণ অথবা অপাৰেছন সিন্দূৰৰ সময়তকৈ আগতেই ইউটিউৱতো আপলো়ড কৰি থোৱা আছে।
এইখিনি তথ্যৰ পৰা নিশ্চিত হৈছোঁ যে ২০২৫ৰ জানুৱাৰীত পাকিস্তানৰ ডেৰা গাজীৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ এটা দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি পাকিস্তানৰ পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। ২০২৫ৰ জানুৱাৰীত পাকিস্তানৰ ডেৰা গাজীৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ এটা দৃশ্যকে ভাৰতে পাকিস্তানৰ ওপৰত আক্ৰমণ কৰি পাকিস্তানৰ পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:পাকিস্তানৰ কোট ছাট্টাত সংঘটিত এলপিজি টেংকাৰ বিষ্ফোৰণৰ দৃশ্যকে ভাৰতে পাকিস্তান আক্ৰমণ কৰি পেট্ৰোল পাম্প ধ্বংস কৰি দিয়া বুলি বিভ্ৰান্তিকৰভাৱে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: Misleading
