ফিলাডেলফিয়াৰ জেটবিমান দুৰ্ঘটনাৰ পাছৰ দৃশ্যকে পাকিস্তান বুলি প্ৰচাৰ কৰা হৈছে।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে আক্ৰমণ কৰাৰ পাছত পাকিস্তানৰ অৱস্থাৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXemuv72u-BdjaVKg6B_YRxQ4Yf3FxptPhWvFbjTmGIxH5fBD1qKpWA-Iglr53XHEVj-kT0x5cpIwKvfmLiiyMJ8bZutKT-FjR1xnNjCCA3LIIIICt5L2OUk3P-UPj9Siiwaz2VLgQ?key=6OAZtd6g8-800_m6EsbtIw

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৫ৰ ১ ফেব্ৰুৱাৰীত ইউটিউৱত আপলোড হোৱা এটা ভিডিঅ’ আমি পালোঁ। তাত লিখা আছিল-“Update on the Plane That Crashed in Philadelphia”

 

প্ৰাপ্ত খবৰ অনুসৰি এগৰাকী কন্যা শিশু আৰু তেওঁৰ মাতৃকে ধৰি মুঠ ৬গৰাকী লোকক লৈ অহা এখন ৰোগী কঢ়িওৱা জেট বিমান উত্তৰ ফিলাডেলফিয়াত দুৰ্ঘটনাত পতিত হৈছিল। দুৰ্ঘটনাৰ লগেলগেই হোৱা বিষ্ফোৰণ আৰু অগ্নিকাণ্ডত জেটখনত থকা আটাইকেইগৰাকী যাত্ৰীৰ লগতে তাত থকা অন্য এজন লোকৰো প্ৰাণহানি হয় আৰু ১৯গৰাকী আহত হয়। উত্তৰ-পূৱ ফিলাডেলফিয়া বিমান বন্দৰৰ পৰা উৰা মৰাৰ ৩০ চেকেণ্ড পাছতেই Learjet55 জেট বিমানখন ভূপতিত হয়। 

 

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতীয় আক্ৰমণৰ পাছত পাকিস্তানৰ অৱস্থা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৫ৰ ফেব্ৰুৱাৰীত ফিলাডেলফিয়াত সংঘটিত এক জেটবিমান দুৰ্ঘটনাৰ পাছৰ দৃশ্যহে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতীয় আক্ৰমণৰ পাছত পাকিস্তানৰ অৱস্থা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৫ৰ ফেব্ৰুৱাৰীত ফিলাডেলফিয়াত সংঘটিত এক জেটবিমান দুৰ্ঘটনাৰ পাছৰ দৃশ্যহে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ফিলাডেলফিয়াৰ জেটবিমান দুৰ্ঘটনাৰ পাছৰ দৃশ্যকে পাকিস্তান বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *