শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল যাৰ ভিতৰত ভাৰতীয় নৌসেনাৰ এজন বিষয়া বিনয় নৰৱালেও প্ৰাণ হেৰুৱাইছিল। এই পটভূমিত পেহেলগামত পত্নীৰ সৈতে বিনয় নৰৱালৰ শেষ ভিডিঅ’ বুলি দাবী কৰি এক দম্পতীয়ে ঘাঁহনিত নাচি থকা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰে । অসমৰ কেইবাটাও সংবাদ প্ৰতিষ্ঠানেও সেই ভিডিঅ’টো বিনয় নৰৱালৰ শেষ ভিডিঅ’ বুলি প্ৰচাৰ কৰিছে। তেনেকুৱা কেইবাটাও পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে।
কেৱল ইমানেই নহয় বহুকেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো একেই দাবীৰে আপলোড কৰিছে। সেই পোষ্টসমুহ ইয়াত,ইয়াত, ইয়াত ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত,ইয়াত,ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি আশীষ ছেহৰাৱত নামৰ এজন ব্যৱহাৰকাৰীৰ ইনষ্টাগ্ৰাম পোষ্ট এটা পালোঁ। তেওঁৰ পোষ্টটোত দিয়া ভিডিঅ’টোত আশীষ ছেহৰাৱট আৰু তেওঁৰ পত্নী য়াশ্বিকা শৰ্মাক দেখা গৈছে। তেওঁলোকে কৈছে যে বিনয় নৰৱালৰ বুলি দাবী কৰা ভাইৰেল ভিডিঅ’টো আচলতে তেওঁলোকৰহে। পোষ্টটোৰ কেপচনত লিখা আছে, “হে বন্ধুসকল আমি জীয়াই আছো আৰু আমি শেহতীয়াকৈ পোষ্ট কৰা এটা ভিডিঅ’ৰ কথা ক’ব বিচাৰিছিলোঁ যিটোৱে দুৰ্ভাগ্যজনকভাৱে বহুত ঘৃণাৰ সৃষ্টি কৰিছিল, যাৰ ফলত আমি সেইটো ডিলিট কৰিলোঁ। তেওঁলোকে ভিডিঅ’টোত কৈছে ‘’দুখৰ বিষয় যে এই ভিডিঅ’টো প্ৰয়াত বিনয় ছাৰ আৰু তেওঁৰ পত্নীৰ শেষ ভিডিঅ’ বুলি মিছাকৈ দাবী কৰি একাধিক পেজ আৰু নিউজ চেনেলে অপব্যৱহাৰ কৰিছিল। তেওঁলোকৰ পৰিয়াললৈ আমাৰ আন্তৰিক সমবেদনা জ্ঞাপন কৰিলোঁ। আমি অনুৰোধ কৰিছোঁ যে আপোনালোকে আমাৰ ভিডিঅ’টোৰ অপব্যৱহাৰ কৰা যিকোনো পেজৰ বিষয়ে ৰিপ’ৰ্ট কৰক, কিয়নো ই সঁচাকৈয়ে হতাশাজনক। আনকি স্বনামধন্য নিউজ চেনেল আৰু পেজসমূহেও অপৰীক্ষিত বিষয়বস্তু ব্যৱহাৰ কৰা দেখিবলৈ পাই আচৰিত লাগে, যাৰ ফলত বাতৰিৰ উৎসক বিশ্বাস কৰাটো প্ৰত্যাহ্বানজনক হৈ পৰিছে।”
https://www.instagram.com/reel/DIzKFYCyqkS
আমি আশীষ চেহৰাৱটৰ প্ৰফাইলৰ সৈতে যোগাযোগ কৰি ভাইৰেল ভিডিঅ’টোৰ বিষয়ে সুধিলোঁ। তেওঁ কয়, “আমি আচলতে যি ঘৃণা পাই আছিলোঁ তাৰ পাছত ভিডিঅ’টো ডিলিট কৰি দিছো” । তদুপৰি ২০২৫ চনৰ ১৪ এপ্ৰিলত ৰেকৰ্ডিং কৰা ভিডিঅ’টোৰ এটা স্ক্ৰীণশ্বট তেওঁলোকে আমাৰ সৈতে শ্বেয়াৰ কৰিছিল।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টোত সেয়া পেহেলগামত সন্ত্ৰাসবাদীৰ আক্ৰমণৰ বলি হোৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ নহয়। সেয়া হৈছে আশীষ ছেহৰাৱট আৰু য়াশ্বিকা শৰ্মা নামৰ আন এক দম্পতীহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:অন্য দম্পতীৰ নৃত্যৰত ভিডিঅ’কে পেহেলগামত প্ৰাণ হেৰুওৱা বিনয় নৰৱাল আৰু তেওঁৰ পত্নীৰ শেষ ভিডিঅ’ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Written By: Pranjal SharmaResult: False
