
শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে সেই ফটোখন ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক আমেৰিকাৰ সামৰিক বাহিনীয়ে বন্দী কৰাৰ পাছৰ মুহুৰ্তৰ ফটো।


কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ফটোখন ভালকৈ মন কৰি তাত কিছু বিসংগতি দেখিলোঁ। বিশেষকৈ ৰাষ্ট্ৰপতি মাডুৰোক ধৰি থকা জোৱান দুজনৰ হাতদুখন আৰু এজন জোৱানৰ ইউনিফৰ্মত থকা লোগোটো। সেই ফটোখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি আমাৰ প্ৰাথমিক সন্দেহ হৈছিল।

আমি ফটোখন এআই ইমেজ ডিটেক্টৰ টুলত পৰীক্ষা কৰোতেও আমি সেইখন এআই জেনেৰেটেড অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি আমি জানিব পাৰিলোঁ।

ইয়াৰ পাছত আমি ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ফটোখন আৰ্জেণ্টিনাৰ এটা ইউটিউব চেনেলৰ লাইভ সম্প্ৰচাৰত ব্যৱহাৰ কৰা দেখা পালোঁ। ভিডিঅ’টোত উপস্থাপকে দাবী কৰিছে যে তেওঁক ৱাশ্বিংটনৰ সেই ফটোখন পঠিওৱা হৈছিল। কিন্তু দেখা যায় যে সেই ফটোখন ছ’চিয়েল নেটৱৰ্কিং চাইট এক্সৰ পৰা লাভ কৰা হৈছিল।
আমি এক্সত সন্ধান কৰোতে সেই ফটোখন এনেকুৱা এটা হেণ্ডেলত লাভ কৰিলোঁ, য’ত ব্যৱহাৰকাৰীয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা কণ্টেণ্ট শ্বেয়াৰ কৰে।

আমি সন্ধান কৰি দেখিলোঁ যে নিকোলাছ মাডুৰোক গ্ৰেপ্তাৰ কৰা বুলি বৰ্ণনা কৰা সেই ফটোখন আমেৰিকাৰ কোনো কৰ্তৃত্ত্বশীল সংস্থা বা বিষয়াই মুকলি কৰা নাছিল। ইণ্টাৰনেটত আমাৰ সন্ধান অনুসৰি, ইয়াক প্ৰথমে এক্সত সেই এজন ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰিছিল যিয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে নিৰ্মিত বিষয়বস্তু প্ৰস্তুত কৰে আৰু শ্বেয়াৰ কৰে। গতিকে ইয়াক বাস্তৱ ফটো বুলি কোনো প্ৰমাণ পোৱা আমি নাই।
ইয়াৰ পাছত আমি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পকে ধৰি আমেৰিকাৰ দায়িত্ববাহী সংস্থা বা বিষয়াই এই সম্পৰ্কে কি ফটো বা ভিডিঅ’ আনুষ্ঠানিকভাৱে প্ৰকাশ কৰিছে,তাৰ সন্ধান কৰিলোঁ। তেতিয়া আমি সামাজিক মাধ্যমত ট্ৰুথত নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰ প্ৰথমখন ফটো ৰাষ্ট্ৰপতি ট্ৰাম্পে মুকলি কৰা দেখিলোঁ। সেই ফটোখন আমি সত্যতা নিৰূপণ কৰি থকা ফটোখনৰ সৈতে কোনো মিল নাই। অন্য এখন আনুষ্ঠানিক ফটোহে ট্ৰম্পে প্ৰকাশ কৰিছে।

আমি হোৱাইট হাউচৰ এক্স হেণ্ডেলতো ট্ৰাম্পে প্ৰকাশ কৰা ফটোখনকে শ্বেয়াৰ কৰা দেখিলোঁ।

তদুপৰি সেই ফটোখন ভুৱা হোৱাৰ আন এটা তথ্য হ’ল যে ফটোখনত এজন সৈনিকৰ ইউনিফৰ্মত ড্ৰাগ এনফৰ্চমেণ্ট এডমিনিষ্ট্ৰেচনৰ (ডিইএ) লোগো আছে। কিন্তু মাডুৰোক বন্দী কৰি ৰখাৰ অভিযান ডেল্টা ফৰ্চেহে (আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাৰ বিশেষ বাহিনীৰ কমাণ্ড) চলাইছিল। ডিপাৰ্টমেণ্ট অৱ ৱাৰৰ এক্স হেণ্ডেলতো আমি সত্যতা নিৰূপণ কৰি থকা ফটোখনৰ উল্লেখ নাই।
উল্লেখযোগ্য যে ফাৰ্ষ্ট পোষ্টৰ বাতৰিতো ট্ৰাম্পে মুকলি কৰা ফটোখনেই আনুষ্ঠানিক ফটো বুলি উল্লেখ কৰা হৈছে। এনডিটিভিৰ লগতে অন্য আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠানতো একেখন ফটোকেই আনুষ্ঠানিক ফটো বুলি উল্লেখ কৰা হৈছে।
ইয়াৰ পৰাই স্পষ্ট হৈ পৰে যে যিখন ফটো নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰ বুলি দাবী কৰা হৈছে, সেইখন আচলতে প্ৰকৃত ফটো নহয়। সেইখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিখন ফটো নিকোলাছ মাডুৰোক বন্দী কৰাৰ পাছৰ বুলি দাবী কৰা হৈছে, সেইখন আচলতে প্ৰকৃত ফটো নহয়। সেইখন কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটোহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰোক বন্দী কৰাৰ সময়ৰ ফটো এইখন নহয়।
Fact Check By: Fact Crescendo TeamResult: False


