২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত হোৱা এলপিজি টেংকাৰ দুৰ্ঘটনাৰ দৃশ্য শেহতীয়াকৈ ভাৰতে লাহোৰ ধ্বংস কৰা বুলি প্ৰচাৰ।

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতে পাকিস্তান আক্ৰমণ কৰি লাহোৰ চহৰ ধ্বংস কৰা দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcflax0s6yc4HDKfcCHjGzTHMLh_GnJmBEdY4KEP6EvLVHqNUkcBykkCB-K8FDl-h8Bxv5eBvKqtuw7dZvOIMbCUfpUHBzCumQ_1L2l320YrZitdRHgfInmkliyfJFHn0LFIv6LdQ?key=WPBARxLUsGytj9dYqDdsOg

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল।

ভাইৰেল হোৱা সেই ভিডিঅ’টো আমি এটা ফেচবুক পেজত পালোঁ। ইয়াত ২০২০ চনৰ মাৰ্চ মাহত আপলোড কৰা ভিডিঅ’টোৰ সৈতে উল্লেখ কৰা হৈছিল যে, শ্বাহদৰাত এটা LPG কন্টেইনাৰৰ দুৰ্ঘটনা ঘটে আৰু তাত জুই লাগে, যাৰ ফলত শ্বাহদৰাৰ পেট্ৰল পাম্প আৰু ৰিক্সা ষ্টেণ্ড পুৰি ছাই হৈ যায়।

ইয়াৰ পৰাই স্পষ্ট হয় যে ভাইৰেল হোৱা ভিডিঅ’টোৰ ভাৰত-পাকিস্তানৰ মাজৰ শেহতীয়া যুদ্ধৰ সৈতে কোনো সম্পৰ্ক নাই

https://lh7-rt.googleusercontent.com/docsz/AD_4nXee9zE2vuMDICT4b3CqoFYvY8jYQFHphfVtuYNJyxBIdgda2ECMVGDN0dgluzUVvFKB2FkB-8nU3vHZLCbFUuuHXJMWcYG8f2zfy6SCQFP_fER7zJf5wrXXRt1Xf5UuWbqTgyOZFg?key=WPBARxLUsGytj9dYqDdsOg

প্ৰাপ্ত তথ্যৰ ভিত্তিত আগলৈ সন্ধান কৰোতে আমি ভাইৰেল ভিডিঅ’টো এটা ইউটিউব চেনেলতো পালোঁ। ইয়াতো ভিডিঅ’টো ২০২০ চনৰ ২৫ মাৰ্চত আপলোড কৰা হৈছিল। ইয়াতো ইয়াক LPG টেংকাৰত হোৱা বিস্ফোৰণৰ ঘটনা বুলি উল্লেখ কৰা হৈছে

 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfLSVQe1OA_JXVUaROgcdYYrmJHtOsZKbtrMV3hQXXLzv4EWj2J0CjPq6GpflzRkU4O4SB5FLvWCGHLBOS5At7_Im1qJGkh2GZOTBkr1JR3v6Z_Q95s7Ap96U6vVIKT8SOzGdOmCA?key=WPBARxLUsGytj9dYqDdsOg

এই সন্দৰ্ভত বাতৰিৰ সন্ধান কৰি আমি ২০২০ চনৰ ২৬ মাৰ্চত প্ৰকাশিত এক বাতৰিৰ পৰা জানিব পাৰিলোঁ যে, “শ্বাহদৰাৰ পেট্ৰল পাম্পত লুটি খাই পৰা টেংকাৰৰ পৰা LPG গেছ লিক হোৱাৰ কেইমিনিটমানৰ পাছতেই ভয়ংকৰৰ বিস্ফোৰণৰ সৈতে জুই লাগে। এই বিস্ফোৰণত এজনৰ মৃত্যু হয় আৰু এজন ট্ৰাফিক ৱাৰ্ডেনকে ধৰি আন ১০ জন আহত হয়।

পুলিচ আৰু প্ৰত্যক্ষদৰ্শীৰ মতে, LPG টেংকাৰখন শ্বাহদৰা মোডত থকা পেট্ৰল পাম্পৰ ওচৰত বাগৰি যায়, যাৰ ফলত টেংকাৰৰ পৰা বুজন পৰিমাণে গেছ ওলাবলৈ ধৰে আৰু পেট্ৰল পাম্পত অধিক পৰিমাণে গেছ জমা হৈ জুই লাগে।

 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXefjqq1n_JHIW0ICvWcRbpK9JcCLI_uW7cBopHiuvS3QtDXkSIWaY0zJS0xHRsH1vsiyUPOk83zoefza3H4VCy3BXL6dJ2r8sRCXW4CW-x3-IiUzoeuxbzbARy-4UwbZkaJUK6yMw?key=WPBARxLUsGytj9dYqDdsOg

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে পাকিস্তান আক্ৰমণ কৰি লাহোৰ ধ্বংস কৰা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত সংঘটিত এক টেংকাৰ দুৰ্ঘটনা আৰু বিষ্ফোৰণৰ দৃশ্যহে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা।  যিটো ভিডিঅ’ ভাৰতে পাকিস্তান আক্ৰমণ কৰি লাহোৰ ধ্বংস কৰা বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত সংঘটিত এক টেংকাৰ দুৰ্ঘটনা আৰু বিষ্ফোৰণৰ দৃশ্যহে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২০ৰ মাৰ্চত পাকিস্তানৰ শ্বাহদৰাত হোৱা এলপিজি টেংকাৰ দুৰ্ঘটনাৰ দৃশ্য শেহতীয়াকৈ ভাৰতে লাহোৰ ধ্বংস কৰা বুলি প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *