
শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানলৈ বুলি কৰা আক্ৰমণৰ দৃশ্য।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া
আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। প্ৰথমে আমি পালোঁ যোৱা ৪ মে’ত ফেচবুকত এই ভিডিঅ’টো আপলোড হোৱা দেখিলোঁ। জানিব পাৰিলোঁ যে এয়া ৬মে’ৰ পৰা ভাৰতে আৰম্ভ কৰা অপাৰেচন সিন্দূৰৰ দৃশ্য নহয়। এয়া তাৰ পূৰ্বৰ এক ভিডিঅ’।
ইয়াৰ পাছত আমি সেই ভিডিঅ’টো ফেচবুকতে যোৱা ২৮ এপ্ৰিলত আপলোড হৈ থকা দেখিলোঁ।
সন্ধান আগুৱাই নি আমি সেই একেটা ভিডিঅ’ ফেচবুকত ২০২৪ৰ ১৪ ডিচেম্বৰত আপলোড হোৱা দেখিলোঁ।
এই ভিডিঅ’টো পুৰণি বুলি নিশ্চিত হোৱাৰ পাছত আমি ইয়াৰ মূল উত্সটোৰ সন্ধান কৰোতে
এক্সত ১৫ অক্টোবৰ ২০২০ত এই ভিডিঅ”টো আপলোড কৰা দেখিলোঁ। তাত কেপচন হিচাপে লিখা আছিল- Scary as f***k. Serbian artillery exercise held last Sunday.
আৰু অৱশেষত এই ভিডিঅ’টো ইউটিউৱত ৪বছৰমান পূৰ্বে ২০২০চনৰ ১১ অক্টোবৰত আপলোড হোৱা দেখিলোঁ। বছনিয়ান ভাষাত এই ভিডিঅ’টোৰ কেপচন লিখা হৈছিল এইদৰে- OVO JE ZVEZDA VOJNE VEŽBE “SADEJSTVO 2020” “Oganj” grmi na Pešteru। ইয়াৰ অসমীয়া ভাবানুবাদ হৈছে- এয়া সামৰিক অনুশীলনৰ তাৰকা “SADEJSTVO 2020″। “জুই” পেষ্টাৰৰ ওপৰত বজ্ৰপাত। বৰ্ণনা অংশত লিখা কথাখিনিৰ ভাবানুবাদ হৈছে- অস্থায়ী প্ৰশিক্ষণ এলেকা “Pešter” ত যৌথ কৌশলগত অনুশীলন “Sadejstvo 2020” ত আমি “Oganj” নামৰ স্বয়ংচালিত ৰকেট লঞ্চাৰ কাৰ্য্যকলাপ চাবলৈ সুযোগ পাইছিলোঁ।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানলৈ বুলি লক্ষ্য কৰি কৰা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে চাৰি বছৰ পূৰ্বে পেষ্টাৰত কৰা Oganj নামৰ এক ৰকেট লঞ্চাৰ অনুশীলনৰ দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতীয় সেনাবাহিনীয়ে পাকিস্তানলৈ বুলি লক্ষ্য কৰি কৰা আক্ৰমণৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে চাৰি বছৰ পূৰ্বে পেষ্টাৰত কৰা Oganj নামৰ এক ৰকেট লঞ্চাৰ অনুশীলনৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:চাৰিছৰ পূৰ্বৰে এক ৰকেট লঞ্চাৰ অনুশীলনৰ দৃশ্যকে ভাৰতে পাকিস্তানক কৰা আক্ৰমণ বুলি প্ৰচাৰ।
Written By: Pranjal SharmaResult: False
