গাজাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ। 

False Social

শেহতীয়াকৈ যোৱা ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া হৈছে ভাৰতে পাকিস্তানৰ ওপৰত মিছাইলেৰে আক্ৰমণ কৰাৰ সময়ৰ দৃশ্য।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcEAAMQ1I1HFzBd_7gMRAtSXz38mY2UNgK2Eq4zxgViT6Afgu2igCFrk8P98VpVgjdxD4ElrD_WxWWddMwgKCtu0TKO7C090evJPiTdQRFE-XoA-SsNgwh5rOMT-fK2BhPvswiJbQ?key=H0D5HrL2Uj_j6HK6MePadQ

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। ২০২৪ চনৰ ১৫ নৱেম্বৰত  The New York Times ৰ অফিচিয়েল এক্স হেণ্ডেলত এটা টুইট কৰা হৈছিল। তাত এই ভিডিঅ’টো আপলোড কৰি লিখা হৈছিল-  “The Israeli military bombed a densely populated tent encampment on Wednesday in southern Gaza that was designated as a humanitarian zone for thousands of displaced Palestinians.”

ভিডিঅ’টোৰ ওপৰত লিখা কথখিনি অনুসৰি ২০২৪ চনৰ ১৩ নৱেম্বৰত গাজাৰ আল মাৱাছিৰ এটা টেণ্ট কেম্পত এই আক্ৰমণ সংঘটিত হৈছিল।

২০২৪ চনৰ ১৪ নৱেম্বৰত The New York Times ত প্ৰকাশিত এক বিশদ প্ৰতিবেদনত কোৱা হৈছে যে, “ইজৰাইলী সেনাই দক্ষিণ গাজাৰ এটা ঘন জনবসতিপূৰ্ণ টেণ্ট শিবিৰত বোমাবৰ্ষণ কৰিছে, যিটোক নিজৰ বাসস্থানচ্যুত হাজাৰ হাজাৰ পেলেষ্টাইনী লোকৰ বাবে মানৱীয় অঞ্চল হিচাপে নিৰ্ধাৰণ কৰা হৈছিল। উল্লেখ কৰা হৈছে যে সেই অঞ্চলত থকা থকা এটা লোড অস্ত্ৰ লঞ্চাৰক লক্ষ্য কৰি বিমান আক্ৰমণ কৰা হৈছিল।

বুধবাৰে সংঘটিত হোৱা আল-মাৱাছি নামৰ এলেকাটোত হোৱা বিমান আক্ৰমণত কমেও এজন লোক নিহত হোৱা বুলি পেলেষ্টাইনৰ সংবাদ সংস্থা ৱাফাই প্ৰকাশ কৰিছিল। আহতসকলক চিকিৎসা কেন্দ্ৰলৈ লৈ যোৱা আৰু তাত ভিত্তি কৰা বুলি এজন পেৰামেডিকেল বিভাগৰ ব্যক্তিয়ে প্ৰকাশ কৰিছে। ৱাফাই জনোৱা মতে, ভুক্তভোগীজন এটি শিশু । তদুপৰি আন ২০ জনতকৈ অধিক লোক এই আক্ৰমণত আহত হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeFekxjBBLxnfpPgS_rlJkT9XwHBULNE7zolW7IAWjKe_HyjazeumwsQv8Z06p44rZZOqwfSR9sDM06To_t1BKqhwvRK7dyr6qTzZ0LJdDUiXsuKDpE4RRhc16GJhKDikREhSdF?key=H0D5HrL2Uj_j6HK6MePadQ

আমি ইনষ্টাগ্ৰামত ২০২৪ৰ ১৪ নৱেম্বৰত কৰা পোষ্ট এটা পালোঁ। তাতো একেই কথা উল্লেখ কৰা হৈছিল।

একেধৰণ ভিডিঅ’ আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। 

ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে যিটো ভিডিঅ’ ভাৰতে পাকিস্তানক মিছাইলেৰে আক্ৰমণ কৰা সময়ৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ নৱেম্বৰ মাহত দক্ষিণ গাজাৰ ওপৰত ইজৰাইলী সেনাই কৰা আক্ৰমণৰ ভিডিঅ’হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ ভাৰতে পাকিস্তানক মিছাইলেৰে আক্ৰমণ কৰা সময়ৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ৰ নৱেম্বৰ মাহত দক্ষিণ গাজাৰ ওপৰত ইজৰাইলী সেনাই কৰা আক্ৰমণৰ ভিডিঅ’হে।   

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:গাজাৰ ওপৰত ইজৰাইলে কৰা আক্ৰমণৰ দৃশ্য পাকিস্তানৰ বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *