ইৰাণে নহয়, ইজৰাইলেহে ইৰাণক কৰা আক্ৰমণৰ দৃশ্য এয়া।   

Partly-False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া যোৱা ৬ মাৰ্চ ২০২৬ত ইৰাণে ইজৰাইলৰ ওপৰত ঘাটক আক্ৰমণ কৰা দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ই ইৰাণৰ ঘাতক আক্ৰমণ! ইজৰাইলত হাহাকাৰ। আজি ৬ মাৰ্চৰ আটাইতকৈ ডাঙৰ খবৰ। ইৰাণে ইজৰাইলৰ বুকুত পুনৰ চলাইছে শ শ মিছাইলৰ আক্ৰমণ। ‘Operation True Promise 4’-ৰ জৰিয়তে ইৰাণে বিজয়ী হোৱাৰ লক্ষ্য লৈছে। কিন্তু ইজৰাইল আৰু আমেৰিকাৰ যুটীয়া আক্ৰমণে ইৰাণক ধবংস কৰিব নেকি? চাওক এই বিশেষ ৰিপোৰ্ট।

 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি সেই ভিডিঅ’টো যোৱা ২৮ ফেব্ৰুৱাৰী ২০২৬ত ফেচবুকত আপলোড হৈ থকা দেখিলোঁ। পোষ্টটোত লিখা আছিল –Breaking : Targeting of the Presidential and National Security headquarters in Iran’s capital, Tehran, following a coordinated Israeli–American strike. (ইৰাণৰ ৰাজধানী তেহৰাণত থকা ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি ইজৰাইল-আমেৰিকাৰ সমন্বিত আক্ৰমণৰ পাছত।)

আনহাতে সেই ভিডিঅ’টো আমি একেটা দিনতে ইনষ্টাগ্ৰমতো আপলোড হৈ থকা দেখিলোঁ। তাত লিখা আছিল-The United States & Israel have launched airstrikes on Iran, with President Donald Trump declaring that “major military operations are underway.” Israel’s Defense Minister Israel Katz said the strikes were initiated by Israel, while Iran reportedly fired missiles in retaliation. Smoke has been seen rising over Tehran as explosions rocked multiple cities. The crisis follows rising pressure over Iran’s nuclear program  and the situation is escalating fast.(ইৰাণৰ ওপৰত আমেৰিকা আৰু ইজৰাইলে বিমান আক্ৰমণ চলাইছে। ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ঘোষণা কৰিছে যে “বৃহৎ সামৰিক অভিযান চলি আছে।” ইজৰাইলৰ প্ৰতিৰক্ষা মন্ত্ৰী ইজৰাইল কাটজে কয় যে এই আক্ৰমণ ইজৰাইলে আৰম্ভ কৰিছে। আনহাতে ইৰাণে প্ৰতিশোধৰ বাবে ক্ষেপণাস্ত্ৰ নিক্ষেপ কৰা বুলি জানিব পৰা গৈছে। বিস্ফোৰণে একাধিক চহৰ কঁপাই তোলাৰ সময়তে তেহৰাণৰ ওপৰত ধোঁৱা বৃদ্ধি হোৱা দেখা গৈছে। ইৰাণৰ পাৰমাণৱিক কাৰ্যসূচীক লৈ বৃদ্ধি পোৱা হেঁচা আৰু পৰিস্থিতি দ্ৰুতগতিত সলনি হোৱাৰ পাছতে এই সংকটৰ সৃষ্টি হৈছে।)

২৮ ফেব্ৰুৱাৰী ২০২৬তে আন এটা ইনষ্টাগ্ৰাম পোষ্টত এই ভিডিঅ’টো আমি পালোঁ। তাত লিখা আছিল-Breaking Update: Iran’s capital, Tehran, reports damage to the Presidential and National Security headquarters after a coordinated strike allegedly involving Israeli and American forces. Tensions continue to rise across the region amid growing global concern. (ইৰাণৰ ৰাজধানী তেহৰাণত ইজৰাইল আৰু আমেৰিকান বাহিনীৰ সমন্বিত আক্ৰমণৰ পাছত ৰাষ্ট্ৰপতি আৰু ৰাষ্ট্ৰীয় নিৰাপত্তাৰ মুখ্য কাৰ্যালয়ৰ ক্ষতিৰ খবৰ আহিছে। বিশ্বব্যাপী উদ্বেগ বৃদ্ধি পোৱাৰ মাজতে সমগ্ৰ অঞ্চলটোত উত্তেজনা বৃদ্ধি পাইছে।)

তদুপৰি এই ভিডিঅ’টো এক্সটো সেই দিনটোতেই এটা টুইটত ব্যৱহাৰ কৰা আমি দেখিলোঁ। তাত লিখা হৈছে –Joint U.S.–Israeli Strikes Target Iranian Government and Security Headquarters in Tehran.(তেহৰাণত ইৰাণ চৰকাৰ আৰু নিৰাপত্তাৰ মুখ্য কাৰ্যালয়ক লক্ষ্য কৰি আমেৰিকা–ইজৰাইলৰ যৌথ আক্ৰমণ

আন এটা টুইট এই ভিডিঅ’টো একেটা দিনতে আপলোড কৰি লিখিছে – joint Israeli-American airstrikes on Saturday, Feb 28, hit Iran government buildings and IRGC security headquarters in #Tehran. In the southern Iran, one of the bombed buildings was a girls’ primary school. Thirty-six schoolgirls were killed.(২৮ ফেব্ৰুৱাৰী শনিবাৰে ইজৰাইল-আমেৰিকাৰ যৌথ বিমান আক্ৰমণে তেহৰাণত ইৰাণৰ চৰকাৰী ভৱন আৰু আই আৰ জি চিৰ নিৰাপত্তা মুখ্য কাৰ্যালয়ত আঘাত হানে। দক্ষিণ ইৰাণত বোমা বিস্ফোৰণত ক্ষতি হোৱা এটা অট্টালিকা আছিল এখন ছোৱালীৰ প্ৰাথমিক বিদ্যালয়। ৩৬ গৰাকী স্কুলীয়া ছাত্ৰী নিহত হয়।)

আমি সেই আক্ৰমণৰ তথ্যৰ সন্ধান কৰোতে লাভ কৰা বাতৰিতো সেই দৃশ্যটোৰ খণ্ডচিত্ৰ দেখিলোঁ।

ইয়াৰ পৰা নিশ্চিত হয় যে যিটো দৃশ্য ইৰাণ-ইজৰাইলৰ অতি শেহতীয়া যুদ্ধৰ সময়ত ইৰাণে ইজৰাইলৰ ওপৰত ঘাটক আক্ৰমণ কৰা বুলি দাবী কৰা হৈছে, সেইটো আচলতে আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণত ইৰাণৰ ৰাজধানী তেহৰাণস্থিত চৰকাৰী কাৰ্যালয় আৰু নিৰাপত্তাৰ মুখ্য কাৰ্যালয় ক্ষতিগ্ৰস্থ হোৱা দৃশ্যহে। দাবীটো আংশিকভাৱে মিছা। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: ইৰাণে নহয়, ইজৰাইলেহে ইৰাণক কৰা আক্ৰমণৰ দৃশ্য এয়া।

Fact Check By: Pranjal Sharma

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *