
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেয়া বিহাৰৰ এখন নদীৰ বুলি দাবী কৰিছে। তেওঁ ভিডিঅ’টোৰ একোনত ওলাই কৈছে যে সেয়া বিহাৰৰ ৰঙা মাছ অথবা তেজৰ মাছ থকা নদী।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি প্ৰথমে ভাৰতৰ বাহিৰৰ পৰা নিয়ন্ত্ৰিত এটা ফেচবুক একাউণ্টত একেটা ভিডিঅ’ আপলোড কৰি থোৱা দেখিলোঁ। তাত ইংৰাজীত লিখা আছে Very Expensive fish in the world বুলি।

ইয়াৰ লগতে 541_fisherman নামৰ এটা ইনষ্টাগ্ৰাম হেণ্ডলতো এই ভিডিঅ’টো আপলোড কৰি থোৱা আমি দেখিলোঁ। তাত লিখা আছে Have you ever seen this many salmon? বুলি। লগতে হেশ্বটেগত #alaska বুলি লিখা আমি দেখিলোঁ।

ইয়াৰে আঁত ধৰি আমি সন্ধান আগুৱাই লৈ গৈ Newsbreakত এটা ভিডিঅ’ পালোঁ। তাত গুগলমেপত সেই ভিডিঅ’টোৰ স্থানখিনি দেখুওৱা হৈছে।সেই স্থানখিনি প্ৰশান্ত মহাসাগৰৰ এটা অংশ। সেয়া কোনোপধ্যেই ভাৰত অথবা বিহাৰ নহয়।

তাৰ পাছত আমি এক্সত এটা টুইট পালোঁ। তাত সেই ভিডিঅ’টো আপলোড কৰি সেই সম্পৰ্কে সবিস্তাৰে লিখা আমি দেখিলোঁ। তাত লিখা তথ্য মতে- প্ৰতি বছৰে উত্তৰ প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ঠাণ্ডা পানীত লাখ লাখ ছালমনে এক অসাধাৰণ যাত্ৰাত নামি পৰে। সেইবোৰে মিঠা পানীত জন্ম লৈ পাছত সাগৰলৈ ওলাই যোৱাৰ সাহস কৰে আৰু বছৰ বছৰ পাছত জন্ম লোৱা ঠাইখনলৈ উভতি আহে— একেখন নদী, একেটা ঠাই। এই অবিশ্বাস্য জীৱবোৰৰ ভিতৰত এটা হ’ল ছকাই ছালমন -Sockeye Salmon (Oncorhynchus nerka)।
এই প্ৰজাতিটো ছালমনিডে পৰিয়ালৰ সদস্য আৰু বেৰিং সাগৰৰ পৰা জাপানৰ উপকূললৈকে আৰু আলাস্কাৰ পৰা কেলিফৰ্ণিয়ালৈকে বিশাল অঞ্চলত বাস কৰে। ইয়াৰ গড় ওজন প্ৰায় ৩ কিলোগ্ৰাম যদিও কিছুমান ছালমনৰ ওজন ৭.৭ কিলোগ্ৰাম পৰ্যন্ত হ’ব পাৰে। ছকাই ছালমনে নিজৰ জীৱনচক্ৰ মিঠা পানী আৰু নিমখীয়া পানী দুয়োটাতে কটায়। ই মিঠা পানীত কণী পাৰে, য’ত নাবালকবোৰে ৩ বছৰলৈকে থাকিব পাৰে। তাৰ পাছত ইহঁতে সাগৰলৈ ওলাই যায় আৰু মূলতঃ জুপ্লাংকটন খায়। পোনা মেলিবলৈ ইহঁতে সোঁতৰ বিপৰীতে ১৬০০ কিলোমিটাৰ পৰ্যন্ত ওপৰলৈ প্ৰব্ৰজন কৰে। পোনা মেলাৰ কিছু সময়ৰ পাছতে মাইকী আৰু মতা উভয়ৰে মৃত্যু হয়।
বিজ্ঞানীসকলে এই অবিশ্বাস্য নেভিগেচন ক্ষমতাক জৈৱ-চুম্বকীয় অভিমুখীতা (মেগনেটচেপচন-(magnetoception)) আৰু গোন্ধ-স্মৃতিশক্তি (অলফেক্টৰী ইম্প্ৰিণ্টিং-olfactory imprinting)ৰ জৰিয়তে ব্যাখ্যা কৰে। অৰ্থাৎ ছালমনে ঘূৰি আহিবলৈ পৃথিৱীৰ চুম্বকীয় ক্ষেত্ৰ আৰু জন্ম হোৱা পানীৰ ৰাসায়নিক গোন্ধ মুখস্থ কৰি ৰাখে।

আমি শেষত এইবিধ মাছৰ বিষয়ে আৰু অধিক তথ্য আহৰণ কৰি সংক্ষিপ্ততে এইখিনি তথ্য লাভ কৰিলোঁ- ইয়াক ৰেড ছালমন, কোকানী ছালমন, ব্লুবেক ছালমন বা সৰলভাৱে ছকাই বুলিও কোৱা ছকাই ছালমন (Oncorhynchus nerka), উত্তৰ প্ৰশান্ত মহাসাগৰ আৰু ইয়াৰ পৰা ওলোৱা নদীত পোৱা এটা এনাড্ৰ’মাছ প্ৰজাতি। এই প্ৰজাতিটো প্ৰশান্ত মহাসাগৰীয় ছালমন যি পোনা মেলাৰ সময়ত মূলতঃ ৰঙা ৰঙৰ হয়। ইহঁতৰ দৈৰ্ঘ্য ৮৪ চে.মি. (২ ফুট ৯ ইঞ্চি) পৰ্যন্ত আৰু ওজন ২.৩ৰ পৰা ৭ কিলোগ্ৰাম (৫–১৫ পাউণ্ড)। ১৬০০ কিলোমিটাৰ (১০০০ মাইল) পৰ্যন্ত দূৰত্বত সাগৰলৈ প্ৰব্ৰজন কৰিবলৈ সাজু নোহোৱালৈকে পোৱালিবোৰ মিঠা পানীত থাকে। ইহঁতৰ খাদ্য প্ৰধানকৈ জুপ্লাংকটনেৰে গঠিত। ছকাই ছালমন চেমেলপাৰাছ, ইহঁতে পোনা মেলাৰ পাছত মৃত্যুমুখত পৰে। কোকানী বুলি কোৱা কিছুমান ছালমনে সাগৰলৈ প্ৰব্ৰজন নকৰে আৰু গোটেই জীৱন মিঠা পানীত কটায়।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিছে যে যিটো ভিডিঅ’ বিহাৰৰ কোনো নদীৰ বুলি দাবী কৰি হৈছে, সেয়া আচলতে প্ৰশান্ত মহাসাগৰৰ এটা দৃশ্য। পানীত দেখা সেই মাছবোৰ তেজৰ মাছ নহয়, সেয়া আচলতে ছালমন নামৰ এবিধ বিশেষ প্ৰজাতিৰ মাছহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। যিটো ভিডিঅ’ বিহাৰৰ কোনো নদীৰ বুলি দাবী কৰি হৈছে, সেয়া আচলতে প্ৰশান্ত মহাসাগৰৰ এটা দৃশ্য। পানীত দেখা সেই মাছবোৰ তেজৰ মাছ নহয়, সেয়া আচলতে ছালমন নামৰ এবিধ বিশেষ প্ৰজাতিৰ মাছহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এয়া বিহাৰৰ কোনো নদী নহয়। এয়া প্ৰশান্ত মহাসাগৰৰ দৃশ্যহে।
Fact Check By: Pranjal SharmaResult: False


