
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া ইজৰাইলৰ তেল অভিভৰ ওপৰত ইৰাণৰ মিছাইল আক্ৰমণ বুলি দাবী কৰা হৈছে। লিখিছে- বৃহত ক্ষতিৰ সন্মুখীন ইজৰাইল–সেনাৰ চকুতও পানী। হতাশগ্ৰস্ত PM ন্যেত্যানুহু–ইৰাণৰ বধ লিষ্টত ন্যেত্যানুহু। প্ৰাণৰ ভয়ত ৰোগীয়া দেহাৰে বাংকাৰত আশ্ৰয়। The Cradle মেডিয়াৰ মতে ইজৰাইলৰ তেল আভিভৰ পৌৰ নিগমে প্ৰথম দুদিনত চহৰখনৰ দুশ বিল্ডিঙ ধ্বংস হৈ যোৱা আৰু শ-শ ক্ষতিগ্ৰস্ত হোৱা বুলি প্ৰকাশ কৰিছে। তেল আভিভৰ হাবনাই ষ্ট্ৰীটত অৱস্হিত বাছ ডিপোত হোৱা ইৰাণৰ মিছাইল আক্ৰমণত ২৮খন বাছ জ্বলিল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ প্ৰথম ক্লিপটো কীঃফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৫ৰ ১০ মে’ত ফেচবুকত এই ভিডিঅ’ ক্লিপটো আপলোড কৰা দেখিলোঁ। তেতিয়াই আমি নিশ্চিত হ’লোঁ যে এই দৃশ্যটো শেহতীয়া ইৰাণ-ইজৰাইল যুদ্ধৰ নহয়। এইটো পুৰণি দৃশ্য।

ইয়াৰ পাছত আমি সেই দৃশ্যটো যোৱা মে’ ২০২৫ৰ ভাৰত-পাকিস্তানৰ যুদ্ধৰ দৃশ্য বুলি ইউটিউৱত আপলোড কৰা দেখিলোঁ।

দৃশ্যটো প্ৰায় এবছৰ পুৰণি বুলি নিশ্চিত হোৱাৰ পাছত আমি আমাৰ সন্ধান আৰু অধিক আগুৱাই নিলোঁ আৰু তেতিয়া ২০২৫ৰ ৭ আগষ্টত এই দৃশ্যটো এক ফেচবুক পেজত আপলোড কৰা দেখিলোঁ। তাত আমি কেইটামান শব্দ হেশ্বটেগ হিচাপে পালোঁ। সেই শব্দকেইটা হৈছে ক্ৰমে arma3, onlinegaming, onlinegame, simulation ইত্যাদি।

এইবাৰ আমি সেই দিশত সন্ধান কৰোতেই এই ক্লিপটোৰ মূল ভিডিঅ’টো ইউটিউৱত পালোঁ। Massive Artillery fire at Night – MLRS – Barrage – Military Simulation – ArmA 3 নামৰ সেই ভিডিঅ’টো ২০২২ৰ ১৯ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ইয়াৰ ফলত আমি সেইটো সঁচাকৈয়ে আৰমা ৩ নামৰ চিমুলেচন গেমৰ অংশ বুলি প্ৰায় নিশ্চিত হ’লোঁ।

ভিডিঅ’টোৰ বিৱৰণত স্পষ্টভাৱে লিখা আছে যে এইটো আৰমা ৩ নামৰ অনলাইন গেমটোৰ দৃশ্য।

২০২৫ মে’ মাহত এই দৃশ্যটো ভাৰত-পাকিস্তানৰ যুদ্ধৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ হৈছিল আৰু সেই সত্যতা নিৰূপণ কৰা এটা টুইট আমি পালোঁ। পিআইবি ফেক্ট চেকে সেই সময়তেই এই সত্যতা নিৰূপণ কৰিছিল।

এই তথ্যসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ ফেচবুক একাউণ্টটোৰ পৰা কৰা দাবীটো মিছা। এয়া ইৰাণ-ইজৰাইলৰ শেহতীয়া দৃশ্য নহয়। এয়া ২০২২ চনৰে পৰা ইন্টাৰনেটত উপলব্ধ হৈ থকা আৰমা ৩ নামৰ এটা অনলাইন গেমৰ দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:Arma 3 নামৰ চিমুলেছন গেমৰ দৃশ্যকে ইজৰাইলৰ তেল অভিভত ইৰাণৰ আক্ৰমণ বুলি মিছাকৈ দাবী।
Fact Check By: Pranjal SharmaResult: False


