এয়া ইজৰাইলৰ তেল আভিভত ইৰাণে কৰা আক্ৰমণৰ দৃশ্য নহয়। জানক প্ৰকৃত সত্য।  

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি সেয়া ইৰাণে শেহতীয়া যুদ্ধত ইজৰাইল আক্ৰমণ কৰি তেল আভিভ ধ্বংস কৰি দিয়া দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে-ইৰাণৰ মিছাইল আক্ৰমনত চাৰখাৰ ইজৰাইলৰ তেল- আবিব. 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি আন্তঃৰাষ্ট্ৰীয় সংবাদ প্ৰতিষ্ঠান AFPৰ ভেৰিফাইড ইউটিউৱ চেনেলত এটা ভিডিঅ’ পালোঁ। Moment of strike close to military base near Erbil airport in Iraq | AFP শীৰ্ষক এই ভিডিঅ’টো Video shows the moment of strike near a base for the international coalition near Erbil’s international airport. New explosions have been heard in Erbil, the capital of Iraq’s northern Kurdistan region which hosts US bases, an AFP journalist near the US consulate says.বুলি লিখা আছে। ইয়াৰ পৰাই আমি জানিব পাৰিলোঁ যে সেয়া ইৰাকৰ উত্তৰাঞ্চলীয় কুৰ্দিষ্টানস্থিত ইৰবিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত হোৱা আক্ৰমণৰ এক দৃশ্য। সেই স্থানত আমেৰিকাৰ সামৰিক ঘাটি অৱস্থিত। 

সেই ভিডিঅ’টোত আমি দেখিলোঁ যে ভাইৰেল ভিডিঅ’টোত দেখা সেই বেঙুনীয়া ৰঙৰ লাইট থকা অট্টালিকা দুটা ইয়াতো আছে। লগতে সমান দূৰত্বত একুৰা জুই জ্বলিছে। 

এই সূত্ৰৰ আঁত ধৰি আমি সন্ধান কৰোতে BBC Verifyত এক প্ৰতিবেদন পালোঁ। তাত পঢ়িবলৈ পালোঁ যে ইৰাকত থকা আমেৰিকাৰ সামৰিক ঘাটিত বিশাল বিস্ফোৰণ দেখুওৱা বুলি দাবী কৰা এখন ফটোত এআই(AI) ব্যৱহাৰ কৰি সলনি কৰা হৈছে। এখন প্ৰকৃত ফটোৰ ওপৰত ভিত্তি কৰি এই দৃশ্য সৃষ্টি কৰা হৈছে। প্ৰথমবাৰৰ বাবে যোৱা দেওবাৰে ইয়াক অনলাইনত শ্বেয়াৰ কৰা হৈছিল, য’ত ইৰবিলৰ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ ওপৰত ধোঁৱাৰ ডাৱৰ ওপৰলৈ উঠি যোৱা দেখা গৈছে। ইৰাকৰ অৰ্ধস্বায়ত্তশাসিত কুৰ্দিস্তান অঞ্চলৰ ৰাজধানী বিমানবন্দৰৰ ওচৰৰ আমেৰিকাৰ ঘাটি এটাক শনিবাৰৰ পৰা লক্ষ্য কৰি লৈছে ড্ৰ’নে। Google ৰ SynthID ৱাটাৰমাৰ্ক ডিটেক্টৰ ব্যৱহাৰ কৰি দৃশ্য়টো পৰীক্ষা কৰা হৈছিল।দেখা গৈছে যে ইয়াক Google AI ৰ দ্বাৰা সৃষ্টি বা সম্পাদনা কৰা হৈছে। ভাইৰেল দৃশ্যটোত দৃশ্যগত অসামঞ্জস্যও আছে, য’ত সোঁফালে থকা অবাস্তৱিক অগ্নিগোলক আৰু অস্বাভাৱিক আকৃতিৰ গঠন আছে যিবোৰ এই স্থানত শেহতীয়াকৈ তোলা ফটোত দেখা নাযায়।

সন্ধান আগুৱাই নিওতে আমি  Media Literacy Educator তথা OSINT ৰ Analyst Tal Hagin ৰ ভেৰিফাইড এক্স হেণ্ডেলত এই দৃশ্যটো সন্দৰ্ভত এটা টুইট পালোঁ। তাত লিখা হৈছে- This appears to be an AI-Upscaled image of an Iranian strike that occurred at the U.S. Airbase at Erbil International Airport in Iraq earlier today. 

ইয়াৰ পাছত আমাৰ সন্ধানত এক্সত এটা নোট পালোঁ। তাত লিখা আছিল যে সেই প্ৰথম দৃশ্যটো এআই জেনেৰেটেড আৰু গুগলৰ জেমিনাই ব্যৱহাৰ কৰি সৃষ্টি কৰা হৈছে।

তাত থকা লিংকটোত ক্লিক কৰোতে আমি সত্যতা নিৰূপক Qalaat Al Mudiq ৰ ভেৰিফাইড এক্স হেণ্ডেলত টুইট এটা পালোঁ, য’ত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটো আছিল আৰু সেই কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হৈছে বুলি উল্লেখ কৰা হৈছিল। 

আমি সেই দৃশ্যটো AI Content Detector tools কিছুমান ব্যৱহাৰ কৰি পৰীক্ষা কৰিলোঁ। তেতিয়া আমি সেয়া প্ৰকৃততেই AI Generated বুলি জানিব পৰিলোঁ। আমাৰ পৰীক্ষাত ওলোৱা ফলাফল তলত দিয়া হৈছে। প্ৰায় আটাইকেইটা ৱেবছাইটতেই ৯০ৰ পৰা ১০০ শতাংশয়ে এয়া কৃত্ৰিম বুদ্ধিমত্তাসৃষ্ট বুলি দেখুৱালে। 

আমি ইৰবিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপত হোৱা ড্ৰোণ আক্ৰমণৰ প্ৰকৃত দৃশ্যৰে সৈতে এটা টুইট পালোঁ। তাত আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যটোৰ হুবহু একেই স্থান দেখিলোঁ, কিন্তু তাত ওলোৱা প্ৰকৃত ধোৱা আৰু জুইৰ সৈতে ভাইৰেল দৃশ্যটোৰ মিল নাই। ঠাই একেখিনিয়েই। সেই স্থানত বিস্ফোৰণ ঘটাটোও সত্য। কিন্তু যিটো দৃশ্য অসমৰ ফেচবুকত ভাইৰেল হৈছে, আচলতে সেয়া প্ৰকৃত আক্ৰমণৰ দৃশ্য নহয়। আক্ৰমণৰ পাছত যি ধৰণ জুই আৰু ধোৱা ওলাইছিল, তাক কৃত্ৰিম বুদ্ধিমত্তাৰে বৃদ্ধি কৰা হৈছে (AI Upscaled) । অত্যধিক মাত্ৰাত প্ৰদৰ্শন কৰা হৈছে। 

ভাইৰেল দৃশ্যটো আৰু প্ৰকৃত ঘটনাৰ দৃশ্যৰ তুলনা তলত দিয়া হৈছে।

ইয়াৰ পৰা দুটা কথা নিশ্চিত হয় যে যিটো দৃশ্য ইৰাণে ইজৰাইলৰ তেল আভিভত কৰা আক্ৰমণ বুলি প্ৰচাৰ কৰা হৈছে, সেয়া কোনোপধ্যেই তেল আভিভৰ দৃশ্য নহয়। দ্বিতীয়তে সেইটো দৃশ্য ইৰাকত থকা ইৰবিল আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰৰ সমীপৰ আমেৰিকাৰ সামৰিক ঘাটিত কৰা আক্ৰমণৰ কৃত্ৰিম বুদ্ধিমত্তাৰে সংবৰ্ধিত (AI Upscaled) কৰা দৃশ্যহে। অৰ্থাত দাবীটো মিছা।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: এয়া ইজৰাইলৰ তেল আভিভত ইৰাণে কৰা আক্ৰমণৰ দৃশ্য নহয়। জানক প্ৰকৃত সত্য।

Fact Check By: Pranjal Sharma

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *