
শেহতীয়াকৈ অসমৰ এগৰাকী ব্যৱহাৰকাৰীয়ে যোৱা ৬ অক্টোবৰ ২০২৫ত ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ অভিনীত মুক্তি আসন্ন চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ দৃশ্য বুলি দাবী কৰিছে।

Facebook Link Archived Link
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ২০ চেপ্তেম্বৰ ২০২৪ত মুক্তি লাভ কৰা অসমীয়া চিনেমা ‘চিকাৰ’ৰ অফিচিয়েল ট্ৰেইলাৰটো ইউটিউৱত পালোঁ। ২ মিনিট ২৯চেকেণ্ড দৈৰ্ঘ্যৰ সেই ট্ৰেইলাৰটোৰ ২ মিনিট ১৭চেকেণ্ডৰ পৰা এই ক্লিপটো আমি দেখিলোঁ(যিটো ভাইৰেল ক্লিপ ‘ৰৈ ৰৈ বিনালেৰ’ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে)।
তদুপৰি চিকাৰৰ শ্বুটিঙৰ সময়ৰ এটা সৰু ক্লিপো আমি ইউটিউৱত লাভ কৰিলোঁ। তাতো আমি জুবিন গাৰ্গক একেই ৰূপসজ্জা তথা সাজসজ্জাত (Costume and Make-up)ত দেখা পালোঁ।

ইনষ্টাগ্ৰামত থকা zubeengargfanclubofficial হেণ্ডেলটোতো আমি সেই একেই ৰূপসজ্জা আৰু সাজসজ্জাৰে জুবিন গাৰ্গক চিকাৰ চিনেমাখনৰ বাবে শ্বুটিং কৰি থকা এটা দৃশ্য পালোঁ।

এইবাৰ আমি চিকাৰ চিনেমাখনৰ পৰিচালক দেবাংকৰ বুঢ়াগোহাঁইৰ সৈতে ফোনযোগে যোগাযোগ কৰিলোঁ আৰু এই দৃশ্যটো সন্দৰ্ভত কথা পাতিলোঁ। তেতিয়া তেখেতে জানিবলৈ দিয়ে যে সেই দৃশ্যটো ২০২৩চনৰ চেপ্তেম্বৰ মাহত শ্বুটিং কৰা হৈছিল উজনি অসমৰ এক লোকেচনত। যিটো দৃশ্য ৰৈ ৰৈ বিনালেৰ বুলি দাবী কৰা হৈছে, সেইটো আচলতে তেখেতে পৰিচালনা কৰা আৰু জুবিন গাৰ্গে মুখ্য ভূমিকাত অভিনয় কৰা ‘চিকাৰ’ চিনেমাখনৰ বুলি নিশ্চিত কৰে।
আনফালে আমি অহা ৩১ অক্টোবৰ ২০২৫ত মুক্তিৰ দিন স্থিৰ কৰা বুলি পৰিচালক ৰাজেশ ভূঞাই ঘোষণা কৰা জুবিন গাৰ্গ অভিনীত শেষ চিনেমা ‘ৰৈ ৰৈ বিনালে’ৰ কোনো দৃশ্য, টীজাৰ,ট্ৰেইলৰ পাওঁ নেকি সন্ধান কৰিলোঁ। কিন্তু তেনেকুৱা কোনো দৃশ্য আমি নাপালোঁ। কেৱল যোৱা ৭ অক্টোবৰ ২০২৫ত মুক্তি দিয়া প্ৰথমটো গীত মোৰ মনৰ ভিডিঅ’টোহে পালোঁ। সেই গীতটি ইয়াত চাব পাৰিব। তাত আমি জুবিন গাৰ্গক এক সম্পূৰ্ণ ভিন্ন ৰূপসজ্জাত দেখিলোঁ(চিকাৰৰ সৈতে নিমিলে)। ইয়াৰ উপৰিও আমি ‘ৰৈ ৰৈ বিনালে’ৰ অফিচিয়েল পোষ্টাৰখনো লাভ কৰিলোঁ। তাতো মুক্তিৰ দিন ৩১ অক্টোবৰ ২০২৫ বুলি উল্লেখ কৰা হৈছে।

ইয়াৰ পৰাই নিশ্চিত হৈছে যে যিটো ক্লিপ ‘ৰৈ ৰৈ বিনালে’ৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ত মুক্তি লাভ কৰা জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ নামৰ চিনেমাখনৰ এটা দৃশ্যহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ক্লিপ ‘ৰৈ ৰৈ বিনালে’ৰ বুলি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৪ত মুক্তি লাভ কৰা জুবিন গাৰ্গ অভিনীত ‘চিকাৰ’ নামৰ চিনেমাখনৰ এটা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এয়া ‘ৰৈ ৰৈ বিনালে’ চিনেমাখনৰ দৃশ্য নহয়। এয়া ‘চিকাৰ’ চিনেমাখনৰহে দৃশ্য।
Fact Check By: Pranjal SharmaResult: False
