ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে। 

False Social

অসমৰ ফেচবুকত শেহতীয়াকৈ এটা ফেচবুক পেজৰ এটা পোষ্টত এখন বিশেষ ফটো আপলোড কৰা হৈছে। জুইৰ লেলিহান শিখাই এটা ঘৰ ভস্মিভূত কৰা আৰু অগ্নি নিৰ্বাপক জোৱানে সেই জুই নিৰ্বাপন কৰিবলৈ চেষ্টা কৰি থকা দেখা গৈছে ফটোখনত। দাবী কৰা হৈছে যে সেই ফটোখন বিশ্বৰ এগৰাকী ধনাঢ্য ব্যক্তি ইলন মাস্কে নিজৰ কেমেৰাত সেই ফটোখন তুলিছে। কেপছনত লিখিছেঃ- পৃথিবীৰে ধনী মানুহ ইলন মাক্সৰ কেমেৰাত বন্দী বনজুইত জ্বলি থকা হলিউদৰ তাৰকাৰ ঘৰ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXelJDLk-6a3ECAU0n_gWp78W8Qb66fIYEdn0ozOZ2uz2kcvdJztA9LiDBbac6XZ9lnikvEtW8tY3ymPXerjN-vy9Rv4_vC1CHncvX_g0pAPFTRHSuqM-RGSRylXffLr4w_L12nCpw?key=UDdnzVDNVMoE04c0r3wyFh-A

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে প্ৰথম ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছুমান বাতৰিৰ লিংক লাভ কৰিলোঁ, য’ত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল। কিন্তু ইলন মাস্কৰ সৈতে সম্পৰ্ক থকা কোনো ধৰণৰ লিংক আমি লাভ নকৰিলোঁ, য’ত সেই ফটোখন ব্যৱহাৰ কৰা হৈছিল।

মিণ্ট নামৰ সংবাদ প্ৰতিষ্ঠানটোৰ ‘Neighbour helping neighbours,’ Canada PM Justin Trudeau rushes help to douse LA fire despite Trump attack, shares video শীৰ্ষক বাতৰিটোত সেই ফটোখন সংলগ্ন কৰি কেপছন লিখিছে এইদৰেঃ- A firefighter battles the Palisades Fire as it burns during a windstorm on the west side of Los Angeles, California, US on January 7, 2025. (Reuters / Ringo Chiu) এই কেপছনটোৰ পৰা আমি জানিব পাৰিলোঁ যে ফটোখন খ্যাতিমান সংবাদ প্ৰতিষ্ঠান ৰইটাৰৰ পৰা সংগ্ৰহ কৰা আৰু সেই ফটোখন তুলিছিল ৰিংগো চ্ছিউ নামৰ কোনো সাংবাদিকে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf4KxRONtiNUdY4ypgwc0deDIjY60jVG8FQhnfUtlHX6B-ZpmnR9imMsE5ey-RZG-f5X5L0U2Z9nNbd9bUUkpuNBkQk1T5MTXaBcCqSAQlgV9qrBETY9yVZx4s-z7VHZcKwJram?key=UDdnzVDNVMoE04c0r3wyFh-A

তদুপৰি পুলিতজাৰ বঁটা প্ৰাপক সংবাদ প্ৰতিষ্ঠান দ্য গেজেটত ৰিংগো চ্ছিউ নামৰ সেই সাংবাদিকগৰাকীয়ে প্ৰস্তুত কৰা  Palisades Fire burns during a windstorm on the west side of Los Angeles শীৰ্ষক প্ৰতিবেদনতো আমি জুইৰ শিখাই আগুৰি ধৰা ঘৰ এটা এগৰাকী অগ্নি নিৰ্বাপক জোৱানে ৰক্ষা কৰিবলৈ চেষ্টা কৰি থকা ফটো ব্যৱহাৰ কৰা দেখিলোঁ। ফটোখন দেখি বুজিব পাৰি যে একেটা ঘটনাৰে ফটো সেয়া, কেৱল ফটোখন সংগ্ৰহ কৰা স্থানটো সামান্য পৃথক। তাতো একেধৰণে কেপছনত লিখা হৈছেঃ-A firefighter works to extinguish fire as the Palisades Fire burns during a windstorm on the west side of Los Angeles, California, U.S. January 7, 2025. REUTERS/Ringo Chiu

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfOZ5iPK_y5qOguvumjW-EGk75qjWHH8u879klIEb2GvrX4j65eU-1TNUHJE__aNleLaHHs2yiofk3Qff2KgSt4t_7LriFp3wb07u-fur4iRu6pf2VAZb-DaHnHpw_1DzN3_Cpf?key=UDdnzVDNVMoE04c0r3wyFh-A

ইয়াৰ অৰ্থ হৈছে যোৱা ৭ জানুৱাৰী ২০২৪ত লজ এঞ্জেলছৰ পেলিছেডছৰ জুই নুমুৱাই থকা সময়ত সাংবাদিক ৰিংগো চ্ছিউয়ে একাধিক ফটো সংগ্ৰহ কৰিছিল। আমি ইয়াৰ পাছত এই কথাৰ অধিক নিশ্চিতিৰ বাবে সাংবাদিক ৰিংগো চ্ছিউৰ ইনষ্টাগ্ৰাম একাউণ্টটো পৰীক্ষা কৰিলোঁ আৰু তাত তেওঁ সেই ঘটনাটোত তেওঁ সংগ্ৰহ কৰা একাধিক ফটো আপলোড কৰি থোৱা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXekXLZ8RNGYWt0AdO8ZpSLD67x7X8nv4AAvR8q8US9ZYAJV4nFqgYLFMjBQMM8JeTXYA2-cNV5MS4_JkPy0NkLl30NXgjIEJ84-eP9ljae9-ZK1_awb9HE-E31C-mmuaqLDdd0AXA?key=UDdnzVDNVMoE04c0r3wyFh-A

সৰ্বশেষত ইলন মাস্কৰ এক্স হেণ্ডেলটো পৰীক্ষা কৰিলোঁ, কিন্তু সেই ফটোখন তেওঁ সংগ্ৰহ কৰা বুলি উল্লেখ কৰা কোনো টুইট যোৱা ৭ জানুৱাৰী ২০২৪ অথবা তাৰ পাছত আমি নাপালোঁ আৰু সেই ফটোখন ৰিংগো চ্ছিউ নামৰ সাংবাদিকগৰাকীয়ে তোলা ফটো বুলি আমি নিশ্চিত হ’লোঁ । 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। সেই ফটোখন যোৱা ৭ জানুৱাৰীত ৰিংগো চ্ছিউ নামৰ সাংবাদিকগৰাকীয়ে সংগ্ৰহ কৰিছিল। ইলন মাস্কে সংগ্ৰহ কৰা বুলি কৰা দাবীটো মিছা। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰিংগো চ্ছিউ নামৰ সাংবাদিকজনে ৭ জানুৱাৰীত সংগ্ৰহ কৰা ফটোখন ইলন মাস্কে নিজ কেমেৰাৰে সংগ্ৰহ কৰা বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *