এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। 

False Social

যোৱা ৩০ জুলাই ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’ত দেখুওৱা দৃশ্যসমূহ ৰাছিয়াত হোৱা শেহতীয়া ৮.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময় দৃশ্য। ৩০ চেকেণ্ডৰ এই ভিডিঅ’টোত মুঠ ছয়টা ভিন্ন দৃশ্য আছে। ভিডিঅ’টোত টেক্সট ওভাৰলে’ কৰি সেই দৃশ্যসমূহ ২৯জুলাইৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ বুলি দাবী কৰিছে। লিখিছে- ৰাছিয়াত যোৱা কালি হোৱা ৮.৮ প্ৰাবল্যৰ ভূমিকম্পৰ ভিডিঅ’। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeuPy0Xu66IP47chWgJpCG8TuxewPxaU2iW7irT76KbZIaHEhw6QhTe_5qNVd4JhLPEyJSHvtlmpsDiJjOVBugNg-EhHvbWQO7iOD4rCAlHuwtutokusPj4Y1Px2Yr0FXZklw8i6w?key=_Z4jz0A62y4kzQ3-5cM7gA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি ভিডিঅ’টোত থকা প্ৰতিটো ভিডিঅ’ ক্লিপকে পৰীক্ষা কৰিবলগীয়া হ’ল। একাদিক্ৰমে প্ৰতিটো দৃশ্যৰ সত্যতা তলত দিয়া হৈছে। ভিডিঅ’টোৰ প্ৰথম ৫ চেকেণ্ডলৈ দেখা গৈছে এটা ৰাজপথত এখন চাৰিচকীয়া বাহন ভূমিকম্পত কঁপিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfY3bPwpiPjf_Q9c9dnNKPv7BqfhhzWItwS7caTSjuN8LVoFDZPIvV4HEHR0qmlONtM2OavKTCoDSFo0OiDQChoSCQ0mNCgzSSswQdetUcVuIFf6FkKotrlBPmDw2QvRV23Gp0oZg?key=_Z4jz0A62y4kzQ3-5cM7gA

আমি তাৰ পৰা স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি কিছুমান লিংক লাভ কৰিলোঁ। এটা ইউটিউৱ চেনেলত প্ৰায় দুসপ্তাহ আগতে যোৱা ৯ জুলাই ২০২৫ত The past dangerous earthquake destruction on the earth  শীৰ্ষক এটা ভিডিঅ’ আপলোড কৰা হৈছিল। ৫২ চেকেণ্ডৰ সেই ভিডিঅ’টোৰ ২২চেকেণ্ডৰ পৰা ৰাজপথত ভূমিকম্পত কম্পিত এই গাড়ীখনৰ দৃশ্যটো দেখিলোঁ আৰু নিশ্চিত হ’লোঁ যে সেয়া যোৱা ২৯জুলাই ২০২৫ৰ দৃশ্য নহয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeY9Bi27rStYJaR1pDNUXG21ADWSp1Bur2-HACNPWjPI5UToIn4tQ8NeYKLuSjkZtDfFXgR17BfazKq7FQ933Exer7aDzzDzNPD7ddOpAVkzv__QqeAmGX6IQTTH8ATybUEEyeydw?key=_Z4jz0A62y4kzQ3-5cM7gA

ইয়াৰ পাছত আমি প্ৰায় এবছৰ পূৰ্বে ২০২৪ৰ  ২৩ জানুৱাৰীত জাপানৰ এটা ইউটিউৱ চেনেলে আপলোড কৰা ২ মিনিট ৩০ চেকেণ্ডৰ ভিডিঅ” পালোঁ। তাত লিখা আছিল New Year’s Day earthquake strikes Noto Peninsula Japan-1 January 2024 বুলি। তদুপৰি বৰ্ণনা শিতানত লিখা হৈছে New Year’s Day earthquake strikes Noto Peninsula Japan.  Suzu, Noto Peninsula (Jike district, Misaki Town), Ishikawa Prefecture.  Footage from the magnitude 7.6 (sometimes reported as 7.5) Noto Peninsula earthquake on January 1, 2024, struck near Suzu in Ishikawa Prefecture, Japan। ( ২০২৪ৰ ১ জানুৱাৰীত নৱবৰ্ষৰ দিনটোতে জাপানৰ নোটো পেনিনচুলাত ভূমিকম্প হয়। নোটো পেনিনচুলাৰ জাইক জিলাৰ মিছাকি চহৰৰ ছুজু,ইশ্বিকাৱা আদি ৭.৬প্ৰাবল্যৰ ভূমিকম্পত কঁপি উঠে। এই ভিডিঅ’টোত আমি মূল পোন ভিডিঅ’টো পালোঁ। গাড়ীখনৰ নম্বৰপ্লেট লক্ষ্য কৰি আমি সেই সত্যত উপনীত হ’লোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcQy9w9d6bhN_LUH1b83a4QTsQKEepjd787-h2IleL2FMN25TpFIYQqBOLjX9V1r9yjHrrXvuw-rLQkZ-6GADWDxDTyAAp7lwja1ZW3EBzTHStfXtcjRzfQF55DqD8lBmqwGyhtOw?key=_Z4jz0A62y4kzQ3-5cM7gA

ৰাছিয়াৰ ভূমিকম্পৰ বুলি দাবী কৰি এই ভিডিঅ’ ক্লিপটো ২০২৪ৰ জানুৱাৰীৰ ১ তাৰিখে জাপানৰ নোটো পেনিনচুলাত হোৱা ভূমিকম্পৰ বুলি আমি নিশ্চিত হ’লোঁ। 

এইবাৰ আমি পৰীক্ষা কৰিলোঁ অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে ৰাছিয়াৰ বুলি দাবী কৰি আপলোড কৰা ভিডিঅ’টোৰ ৬চেকেণ্ডৰ পৰা দেখা দ্বিতীয় ভিডিঅ’ক্লিপটো। এটা চুইমিং পুলত ভূমিকম্পৰ ফলত এজন লোক আতংকিত হৈ আৱদ্ধ হৈ পৰা দেখা গৈছে সেই ক্লিপটো। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd_hhtJ6cFN8kRWcFAF-m9SyC76h9Q74H_qscXSjU3BIZn_KhK-FkdXRZtnWyeOshluNv5VjFXMJylZGY3cFB8SnNv9xhllJEoPxYl_l4aL_Trp9W-LmG8fKNuZyeUJ07SeQURcBA?key=_Z4jz0A62y4kzQ3-5cM7gA

সন্ধানত আমি কেইটামান লিংক লাভ কৰিলোঁ। ফেচবুকত যোৱা ১এপ্ৰিল ২০২৫ত এই ভিডিঅ’টো আপলোড কৰা আমি দেখিলোঁ। তেতিয়াই আমি নিশ্চিত হ’লোঁ যে দৃশ্যটো যোৱা ২৯ জুলাই ২০২৫ৰ ৰাছিয়াৰ ভূমিকম্পৰ সময়ৰ নহয়।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcDX7hdRKC7Uctb7hLJVEYoyHgATs8B2z9iErCIJRVwBYSrV2R5soLDTruDDSowe5ugZ-NiemTuODRj2d9Qh0n1ImDhjLBfpzPvedqctwTbuXubq_CD7wpuYSGT5WEwAx-FNUeC?key=_Z4jz0A62y4kzQ3-5cM7gA

ভিডিঅ’ক্লিপটো পুৰণি বুলি নিশ্চিত হোৱাৰ পাছত আমি সেই ঘটনাৰ স্থানৰ সন্ধান কৰোতে সেয়া যোৱা ২৯মাৰ্চ ২০২৫ত থাইলেণ্ডত হোৱা ভূমিকম্পৰ সময়ৰ বুলি জানিব পাৰিলোঁ। সেই সত্যৰ সমৰ্থনত আমি একাধিক লিংক লাভ কৰিলোঁ। ২৯ মাৰ্চ ২০২৫ত সেয়া থাইলেণ্ডৰ ৰাজধানীত হোৱা ভূমিকম্পৰ দৃশ্য বুলি উল্লেখ কৰি আপলোড কৰা এটা পোষ্ট আমি পালোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeO_hr7_R7sgNSIfEV-bBctKvY-WgdL6s8Vzz2q1tiHYiE9zvX192YZQd0-3PYThVQPfFur-GvK7Ec7gSPtNxL-PiAeaP-lkfTQ8UibzP7lzSo_ydxPo5Ht5x8T4ncoebiKamAF?key=_Z4jz0A62y4kzQ3-5cM7gA

তদুপৰি সেয়া থাইলেণ্ডৰ ৰাজধানী বেংককত হোৱা ভূমিকম্পৰ বুলি উল্লেখ কৰা আন দুটামান পোষ্ট ইয়াত আৰু ইয়াত চাব পাৰিব। ইয়াৰ যোগেদি আমি চুইমিং পুলৰ এই দৃশ্যটো ৰাছিয়াৰ সলনি যোৱা মাৰ্চত থাইলেণ্ডৰ বেংককত হোৱা ভূমিকম্পৰ বুলিহে নিশ্চিত হ’লোঁ। 

ইয়াৰ পাছত আমি ১০ চেকেণ্ডৰ পৰা দেখা তৃতীয় ভিডিঅ” ক্লিপটো পৰীক্ষা কৰিলোঁ। তাত দেখা গৈছে এটা অট্টালিকা ভূমিকম্পত খহি পৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXd-ble7p4emhCsL3dGsOIMN5uFA43BvGEXR3SzeguMnIhTr1IcIp-OiaSU5DkptxqpJ3G4FefZ7I8DLrunSsBvpjPx6lpxMnxZZFU4cwkeyyaJJUQeo6MUIgbhhMBPnqc_irJs5mQ?key=_Z4jz0A62y4kzQ3-5cM7gA

যোৱা ৬ ফেব্ৰুৱাৰী ২০২৩ত এই ভিডিঅ’ ইউটিউৱ, ইনষ্টাগ্ৰাম,ফেচবুক আদিত আপলোড কৰা হৈছিল। বিৱৰণ মতে সেয়া তুৰস্কৰ ভূমিকম্পৰ দৃশ্য। ইউটিউৱৰ ভিডিঅ’টোত সেয়া তুৰস্কৰ জায়িন্টেপ বুলি কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdn0Wynq7CqHtnyl6LPzqedJOXAKP-Cn0Wfj-0Epd3dAq7UrlgnK5b4u4qQWtSKtjBWKkU4RWbY5PrGY5QbKMP6u-GcII7zTbybLlYmAB4TPORjxz6WXaZwcBtR5NUUj5E5Amhe?key=_Z4jz0A62y4kzQ3-5cM7gA

ইনষ্টাগ্ৰামতো একেই তাৰিখত সেয়া তুৰস্কৰ ভিডিঅ’ বুলি কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXde7sxBTYegMP8-7HSnLHnwRWi5Nvpy8Zb0jaHOJiJZRXPJFYr0WnQaMZhrm6Ttk0Xp_PLh4_9JlJdQC-v5Jons8jL_jGbyoJhzsBO1xEdMDOUO3ld-hjU0712bQDiIRXHmIf6jNg?key=_Z4jz0A62y4kzQ3-5cM7gA

আন এটা ইনষ্টাগ্ৰাম পোষ্টত সেয়া তুৰস্কৰ ভুমিকম্প বুলি কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfFl0Ey0D6BBbOM0DhTK3w9DQMWyXjUhr6gsxOMbmojhdwxe_JHXmAX2AL1tPyM2SNnkAaC110nXG0BmDRwxKvL9tzXus-71rLwUgLTXlaXSQiL06U2KYI54vCPPjn8hc8c3a_YtQ?key=_Z4jz0A62y4kzQ3-5cM7gA

ET Nowৰ ফেচবুক পোষ্টতো এইটো তুৰস্কৰ ভূমিকম্পৰ দৃশ্য বুলি অভিহিত কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfonE7Ni6ngdF4td29OuDdZUa0CrxTXSlQqHCZXvXEP8UCdTSRaJU2G6THe0TF2YG1Ce4Oax40h3F2MF8HFr4ZDbb_Gp09gOmkdKte5MH7balgIZ1IHh18ReoZvScr7qiY-df9e3w?key=_Z4jz0A62y4kzQ3-5cM7gA

তাৰ পাছতেই আমি ভিডিঅ’টোৰ ১৫চেকেণ্ডৰ পৰা আৰম্ভ হোৱা চতুৰ্থ ক্লিপটো পৰীক্ষা কৰিলোঁ। ৰিভাৰ্ছ ইমেজ ছাৰ্চৰ সহায়ত আমি সন্ধান আৰম্ভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdW8EVbQ8odybR429tjS5EmKm8e7gWK0xCpav3OPrQ2u_a4ogDn0UXoROBTT6Axo2v8p-QUEuNN7utJMpli0i8vOSEICkWHNlXqd8UxWfW1_ES12kRmhIu4aALLbBqgLJKwtexWxQ?key=_Z4jz0A62y4kzQ3-5cM7gA

আমি লাভ কৰি তথ্য মতে এয়াও যোৱা ২৮ মাৰ্চ ২০২৫ত থাইলেণ্ডত অহা ভূমিকম্পৰ সময়ৰ দৃশ্য। ফেচবুকত প্ৰথমে থাই ভাষাত দিয়া এটা পোষ্টত আমি এই দৃশ্যটো দেখিলোঁ।

তাৰ পাছত ২৮ আৰু ২৯ মাৰ্চত ইনষ্টাগ্ৰামত এই দৃশ্য বেংককৰ ছাবৱে’ ষ্টেছন এটাৰ বুলি উল্লেখ কৰি দিয়া পোষ্ট লাভ কৰিলোঁ।

লগতে এক্সতো এই ভিডিঅ’টো বেংককৰ এটা ছাবৱে’ ষ্টেছনৰ দৃশ্য বুলি উল্লেখ কৰি দিয়া টুইট লাভ কৰিলোঁ।  

ইয়াৰ দ্বাৰাই আমি নিশ্চিত হ’লোঁ যে এইটো ২৯জুলাই ২০২৫ৰ ৰাছিয়া ভূমিকম্পৰ দৃশ্য নহয়। ২৮ মাৰ্চ ২০২৫ৰ থাইলেণ্ড ভূমিকম্পৰ দৃশ্যহে।

আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ ২০ চেকেণ্ডৰ পৰা দেখা পঞ্চম ক্লিপটোত ভূমিকম্পত কঁপি যোৱা এখন উৰণ সেতু দেখা গৈছে। লগতে আৱদ্ধ হৈ ৰৈ যাবলগীয়া হোৱা গাড়ী মটৰ দেখা গৈছে। ষ্ট্ৰীট লাইটসমূহ কঁপি থকা দেখা গৈছে। সেই দৃশ্যটোৰ প্ৰকৃত স্থান আৰু ঘটনাৰ সময় জনাৰ বাবে আমি স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি সন্ধান আৰম্ভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeWyV0lQL_s0-E-rhzZy3G4-5lUhZHYRZ-G5U-2Fuce550HxvK8GBdjvd7xQ8_BM_OZTYRJBKNdRmUgZZSLMBkpKuqFNDPhBb1NWMrdRJ6Wwi1vYRLXEeiZUGcMtAA_A8L7OA5L5w?key=_Z4jz0A62y4kzQ3-5cM7gA

যোৱা ৩১ মাৰ্চ ২০২৫ত এই ভিডিঅ’টো থাইলেণ্ডৰ ভূমিকম্পৰ বুলি উল্লেখ কৰা এটা পোষ্ট লাভ কৰি আমি নিশ্চিত হ’লোঁ যে এইটো ২৯জুলাই ২০২৫ৰ ৰাছিয়াৰ ভূমিকম্পৰ দৃশ্য নহয়। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcZAWNR3sYvwIhoCxuEYp49fzrGuYLCe_SbDDPIIjiQGITk6yZly1pdjquEJw_caNhmHOBqKPdDodUb4BOcg0r8LS4Yg4_GAPKcX3rNy-eoRJyIYlhZ_5laKFUTXMbYRDobBFgXOQ?key=_Z4jz0A62y4kzQ3-5cM7gA

এই কথাৰ আঁত ধৰি সন্ধান কৰোতে যোৱা ২৮ মাৰ্চ ২০২৫ত ভিডিঅ’টো থাইলেণ্ডৰ এটা এক্সপ্ৰেছৱে’ৰ বুলি উল্লেখ কৰি থাই ভাষাত কেপছন লিখি ইউটিউৱত আপলোড কৰা আমি দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe6wpLL2HXLb171-jmPMDXJSENXcaAv98Bp5xkPgf5PW1homnWT8X3Tq4nZ7f_Q8ngobXQobmQ96TOe5kqfoxHBJA5yQ-5y1OPkC5RwQvDGGaJxxtTZ_pwwTvHuYQuQ5M3bFZL5xg?key=_Z4jz0A62y4kzQ3-5cM7gA

তদুপৰি থাইলেণ্ডৰ ৰাজধানী বেংককৰ গাতে লাগি থকা তিনিখন চহৰ বেংনা,লাজেল আৰু বিয়াৰিঙৰ নামত থকা ফেচবুক পেজটোতো আমি সেইটো এক্সপ্ৰেছৱে’ৰ দৃশ্য বুলি উল্লেখ কৰি ২৮ মাৰ্চ ২০২৫ত আপলোড কৰা দেখিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXepg646OdMRKXsLjTtB3vHb84tB23P9Zn7N4juUehqqxtuZbEmSlY65BW4ExHuIF3E5-qmHBnB8obwn8eTePz7Pkv3PbCStqi3d236ui4MB_Yoa3CWGwYd1IyO7lng-g4fmB7OiVA?key=_Z4jz0A62y4kzQ3-5cM7gA

এই তথ্যই নিশ্চিত দিলে যে এই দৃশ্যটোও ২৯জুলাই ২০২৫ৰ ৰাছিয়া ভূমিকম্পৰ নহয়। বৰং এইটোও ২০২৫ মাৰ্চত থাইলেণ্ডত হোৱা ভূমিকম্পৰে অন্য এটা দৃশ্য।

সদৌ শেষত ভিডিঅ’টোৰ ২৫চেকেণ্ডৰ পৰা চাব পৰা ষষ্ঠ ক্লিপটোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdKq--s3WHH9DFpgK825wSnh3HeylbkkkEACUKfr5uRjIeNE9NYVRZegIJbiN3WmP8_cq9Qb7j5s5SvDd5K8_A0mI1Y3wr_xgcCVs6ug8U4vVqdBk56at-bs7XYlbEqi46RC-CprA?key=_Z4jz0A62y4kzQ3-5cM7gA

অনুসন্ধান কৰোতে সেইটো ২৮ মাৰ্চ ২০২৫ত থাইলেণ্ডত হোৱা ভূমিকম্পৰ দৃশ্য বুলি উল্লেখ কৰা ইনষ্টাগ্ৰাম পোষ্ট পালোঁ। ভূমিকম্পৰ দিনটোতে ইনষ্টাগ্ৰামত ভিডিঅ’ক্লিপটো আন্য দৃশ্যৰ সৈতে আপলোড কৰা পোষ্টতো সেয়া বেংককৰ ৰাজপথৰ দৃশ্য বুলি জানিব পাৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcL547H2dM48Qmc0ooji6RmBI_R3rYmCb5uXj5lSo97SMiRrnonXiXnWTclRFeUG3xJzFW8mB8pALCOHuDvBy9WIFQz1hIbx3c4JNNIFEUC0pSMz39gzSRL64hJYBHjOd_FnfKMaw?key=_Z4jz0A62y4kzQ3-5cM7gA

তদুপৰি thetetvaindiaৰ ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেলতো ২৮মাৰ্চ ২০২৫ত থাইলেণ্ডত হোৱা ভূমিকম্পৰ বতৰা দিয়া পোষ্টটোত সেই ভিডিঅ’ ক্লিপটো পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdwTWZ5-FKe44c4wc2xpZcYu73odSq-WRGNPBYs83YmcKoPxSjkEkL2fROYDAaTdkfNIz_MUYQha73N5zDY3ZAEjbBBwublo2woYpDK-Jr2z5tLI17S8qcaZq0o5NsA-iGMD1ELsA?key=_Z4jz0A62y4kzQ3-5cM7gA

আমাৰ অনুসন্ধানে স্পষ্ট কৰি দিলে যে যিটো ছটা ক্লিপেৰে যিটো ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে,তাৰে এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। জাপান, তুৰস্ক আৰু থাইলেণ্ডত পূৰ্বেই হৈ যোৱা ভূমিকম্পৰ বিভিন্ন দৃশ্যকে ৰাছিয়াৰ বুলি দাবী কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। ছটা ক্লিপেৰে যিটো ভিডিঅ’ ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ দৃশ্য বুলি দাবী কৰা হৈছে,তাৰে এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়। জাপান, তুৰস্ক আৰু থাইলেণ্ডত পূৰ্বেই হৈ যোৱা ভূমিকম্পৰ বিভিন্ন দৃশ্যকে ৰাছিয়াৰ বুলি দাবী কৰা হৈছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এই ভিডিঅ’টোত থকা এটা দৃশ্যও ৰাছিয়াৰ শেহতীয়া ভূমিকম্পৰ নহয়।

Fact Check By: Pranjal Sharma  

Result: False