
শেহতীয়াভাবে ২০২৫ চনৰ ৪ ফেব্ৰুৱাৰীত সামৰিক বিমানেৰে কমেও ১০৪ জন ভাৰতীয় নাগৰিকক আমেৰিকাৰ পৰা বিতাড়িত কৰা হৈছিল। এই পটভূমিত সশস্ত্ৰ বাহিনীৰ উপস্থিতিত হাতত হেণ্ডকাফ আৰু ককালত শিকলি বান্ধি একাংশ লোকক বিমানত উঠোৱা তথা বিমানত বহুৱাই ৰখা কিছুমান ফটো ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা বাতৰিৰ ভিডিঅ’ত তেনেকুৱা দুখন ফটো ব্যৱহাৰ কৰা হৈছে। দাবী কৰা হৈছে যে সেয়া বিতাড়িত ভাৰতীয়ৰ ফটো। প্ৰথমখন ফটোত দেখা গৈছে যে একাংশ মাস্ক পৰিহিত লোক বিমানত বহি আছে আৰু তেওঁলোকৰ ভৰিত শিকলিৰে বন্ধা আছে।
দ্বিতীয়খন ফটোত দেখা গৈছে যে এখন বিমানৰ ভিতৰত সেনা বাহিনীৰ লোকৰ উপস্থিতিত বহুকেইজন লোক বহি আছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমখন ফটোৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি সেই ফটোখনৰ মূল বিষয় সম্পৰ্কে একাধিক লিংক লাভ কৰিলোঁ। তাৰে ভিতৰত বিশ্বৰ প্ৰসিদ্ধ সংবাদ প্ৰতিষ্ঠান এছ’চিয়েটেড প্ৰেছৰ ৱেবচাইটত ফটোখন সম্বলিত এক প্ৰতিবেদন লাভ কৰিলোঁ। সেই প্ৰতিবেদন মতে মুখত মাস্ক, হাত আৰু ভৰিত হেণ্ডকাফ আৰু শিকলিৰে বন্ধা লোকসকল হৈছে গুৱাটেমালাৰ নাগৰিক। মুঠ ৮০গৰাকী নাগৰিকক এইদৰে বিতাড়িত কৰা হৈছে।
ইনষ্টাগ্ৰামতো আমি একেখন ফটোৰে সৈতে সেই বাতৰি লাভ কৰিলোঁ, য’ত উল্লেখ কৰা হৈছে যে আমেৰিকা যুক্তৰাষ্ট্ৰই গুৱাটেমালা, কলম্বিয়া আৰু ইকুৱেডৰৰ নাগৰিকক নিজ নিজ দেশলৈ বিতাড়ণ কৰিছে।
তদুপৰি যোৱা ৩১ জানুৱাৰী,২০২৫ত নিউজ১০ৰদ্বাৰা প্ৰস্তুত কৰা এক প্ৰতিবেদনত সেইসকল লোক গুৱেটেমালাৰ বিতাড়িত নাগৰিক বুলি উল্লেখ কৰা হৈছে।
.
ইয়াৰ পৰা আমি নিশ্চিত হওঁ যে অসমৰ পৰা সম্প্ৰচাৰিত ভিডিঅ’ বাতৰিটোত ব্যৱহৃত প্ৰথমখন ফটোত সেইসকল বিতাড়িত ভাৰতীয় নাগৰিক নহয়। সেইসকল হৈছে গুৱাটেমালাৰ নাগৰিকহে।
ইয়াৰ পাছত আমি দ্বিতীয়খন ফটোৰ সন্ধান কৰিলোঁ আৰু তেতিয়া সেই ফটোখনো অইন দেশলৈকে বিতাড়িত কৰা নাগৰিকসকলৰ ফটো বুলি তথ্য লাভ কৰিলোঁ। ২৩ জানুৱাৰী ২০২৫ত পৰিবেশন কৰা সেই বাতৰিত কোৱা হৈছে যে U.S. Customs and Border Protection ৰ এজেণ্টে নথিপত্ৰহীন অনুপ্ৰৱেশকাৰীসকলক বিতাড়িত কৰাৰ সময়ত U.S Air Force C-17 Globemaster III transport aircraftখনত এইদৰে নজৰ ৰাখিছিল।
ইয়াৰ পৰা আমি নিশ্চিত হৈছোঁ এই ফটোখনো বিতাড়িত ভাৰতীয় নাগৰিকৰ নহয়। কাৰণ ভাৰতীয় নাগৰিকসকলক বিমানযোগে বিতাড়িত কৰা হৈছিল ৪ ফেব্ৰুৱাৰী ২০২৫ত আৰু এই ফটোখন হৈছে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ নিৰ্দেশযোগে আৰম্ভ কৰা বিতাড়ৰ প্ৰক্ৰিয়াৰ প্ৰথম পৰ্যায়ৰে অৰ্থাত জানুৱাৰী মাহৰেই। সেই সময়ত গুৱাটেমালাৰ নাগৰিকৰহে বিতাড়ণ প্ৰক্ৰিয়া আৰম্ভ হৈছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ফেচবুকৰ ভিডিঅ’ বাৰ্তাটোত ব্যৱহৃত ফটো দুখনত দেখা বিতাড়িত নাগৰিকসকল ভাৰতীয় নাগৰিক নহয়। তেওঁলোক গুৱাটেমালাৰ হে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:হেণ্ডকাফ আৰু ভৰি-ককালৰে শিকলি বন্ধা বিতাড়িত লোকসকল ভাৰতীয় নহয়। তেওঁলোক অন্য দেশৰ।
Fact Check By: Pranjal SharmaResult: False
