
শেহতীয়াভাৱে যোৱা ১৫ জুন, ২০২৫ত কেদাৰনাথত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাত এটি ২৩মহীয়া শিশুৰ সৈতে মুঠ ৭জন লোকৰ দেহাৱসান ঘটিছিল। সেই সময়ত হেলিকপ্তাৰ দুৰ্ঘটনাৰ দৃশ্য বুলি কিছুমান আলোকচিত্ৰ সামাজিক মাধ্যমত প্ৰচাৰ কৰা হৈছিল। অসমৰ এটা সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা এটা বাতৰিত এখন বগা আৰু নীলা ৰঙৰ দুৰ্ঘটনাগ্ৰস্ত হেলিকপ্তাৰৰ ফটো দেখুওৱা হৈছে। দাবী কৰিছে যে সেয়া ১৫জুনত হোৱা হেলিপকপ্তাৰ দুৰ্ঘটনাৰ ফটো।
সংবাদ প্ৰতিষ্ঠানটোৱে সেই ফটোখন ব্যৱহাৰ কৰি বাতৰিটো পৰিবেশন কৰা দৃশ্যৰ খণ্ডচিত্ৰ তলত দেখুওৱা হৈছে।
তদুপৰি আন এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে সেই একেখন ফটোৰ লগতে আন এখন ফটোৰে সেয়া শেহতীয়া কেদাৰনাথ দুৰ্ঘটনাৰ ফটো বুলি দাবী কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি অসমৰ সংবাদ প্ৰতিষ্ঠানটোৱে ব্যৱহাৰ কৰা তথা আনগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে ব্যৱহাৰ কৰা পিছৰ অংশ ভাঙি যোৱা নীলা আৰু বগা ৰঙৰ হেলিকপ্তাৰখনৰ ফটোখন ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ১৭মে’, ২০২৫ অৰ্থাত যোৱা ১৫জুন, ২০২৫তকৈ প্ৰায় এমাহ পূৰ্বে হোৱা এক হেলিকপ্তাৰ দুৰ্ঘটনা সম্পৰ্কত জি নিউজে পৰিবেশন কৰা এটা বাতৰিত সেই ফটোখন আমি দেখিলোঁ। তেতিয়া জানিব পাৰিলোঁ যে সেই ফটোখন অন্ততঃ উল্লিখিত শেহতীয়া কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ নহয়। সেই বাতৰিটো ইয়াত চাব পাৰিব আৰু তলত তাৰ খণ্ডচিত্ৰ সংলগ্ন কৰা হৈছে।
হৃষিকেশ এইমছৰ এম্বুলেঞ্চ হিচাপে ব্যৱহৃত হোৱা সেই হেলিকপ্তাৰখনৰ ১৭মে’,২০২৫ত সংঘটিত হোৱা সেই দুৰ্ঘটনাটো সম্পৰ্কত ইণ্ডিয়া টুডে পৰিবেশন কৰা বাতৰিটোতো সেইখন ফটো আমি দেখিলোঁ। বাতৰিটো ইয়াতে পঢ়িব পাৰিব। খণ্ডচিত্ৰ তলত সংলগ্ন কৰা হৈছে।
তদুপৰি টিভি নাইনৰ বাতৰিটোতো (১৭মে’,২০২৫ৰ হেলিকপ্তাৰ দুৰ্ঘটনা বিষয়ক) সেই ফটোখন আমি দেখিলোঁ।
হৃষিকেশ এইমছৰ হেলি-এম্বুলেঞ্চখনৰ সেই দুৰ্ঘটনাটোৰ ভিডিঅ’ও আমি লাভ কৰিলোঁ। তেনেকুৱা এটা ভিডিঅ’ তলত চাওক।
ইয়াৰ পৰায়ে প্ৰমাণিত হয় যে ১৫জুন,২০২৫ত কেদাৰনাথত সংঘটিত হোৱা হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি নীলা আৰু বগা ৰঙৰ যিখন ক্ষতিগ্ৰস্থ হেলিকপ্তাৰৰ ফটো শ্বেয়াৰ কৰা হৈছে, সেইখন আচলতে প্ৰায় এমাহ পূৰ্বৰ আন এক দুৰ্ঘটনাৰ ফটোহে।
ইয়াৰ পাছত আমি ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে ব্যৱহাৰ কৰা আনখন ফটোৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰোতে যিকেইটা বাতৰিৰ লিংক লাভ কৰিলোঁ, তাৰ পৰা জানিব পাৰিলোঁ যে প্ৰায় দুবছৰ পূৰ্বে, ২০২২চনৰ ১৮ অক্টোবৰত কেদাৰনাথত হোৱা অন্য এক দুৰ্ঘটনাৰ ফটোকে শেহতীয়া ১৫ জুনৰ দুৰ্ঘটনাৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে। তাৰেই প্ৰমাণসমূহ আমি একাদিক্ৰমে তলত সংযোগ কৰিছোঁ।
দুৰ্ঘটনাৰ দিনটোত টাইমছ অৱ ইণ্ডিয়াই পৰিবেশন কৰা বাতৰিটোত আমি সেই ফটোখন পালোঁ।
মিন্টৰ বাতৰিতো সেই দুৰ্ঘটনাত ৬জন লোকৰ প্ৰাণহানিৰ উল্লেখ আৰু সেই একেখন ফটোৱেই সংলগ্ন কৰা হৈছে।
দ্য পায়’নিয়াৰৰ বাতৰিটোতো একেধৰণে ৬জন লোকে সেই দুৰ্ঘটনাটোত প্ৰাণ হেৰুওৱাৰ কথা উল্লেখ কৰাৰ লগতে সেই ফটোখন সংলগ্ন কৰা হৈছে।
উল্লেখযোগ্য যে কেদাৰনাথ মন্দিৰৰ পৰা গুপ্তেশ্বৰলৈকে গৈ থকা অৱস্থাত দুৰ্ঘটনাত পতিত হোৱা সেই হেলিকপ্তাৰখনৰ পাইলট কেপ্টেইন অনিল সিঙে শেষবাৰৰ বাবে নিজ পত্নীলৈ ফোন কৰি কন্যাৰ যতন ল”বলৈ পৰামৰ্শ দিয়া বুলি এবিপি লাইভে পৰিবেশন কৰা বাতৰিটোতো দুৰ্ঘটনাটোৰ সবিশেষ প্ৰকাশ কৰাৰ লগতে সেই ফটোখন ব্যৱহাৰ কৰা হৈছে।
এই সমস্ত তথ্য প্ৰমাণ কৰিছে যে অসমৰ ফেচবুক ব্যৱহাকাৰীগৰাকীয়ে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনা সম্পৰ্কে দিয়া পোষ্টটোত ব্যৱহাৰ কৰা দ্বিতীয় ফটোখনো পুৰণি। দুয়োখন ফটোৰে তথ্য সন্ধানৰ অন্তত আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে দুয়োটা দাবীয়েই মিছা। পুৰণি ফটোকে শেহতীয়া দুৰ্ঘটনাৰ ফটো বুলি দাবী কৰি শ্বেয়াৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। দুয়োটা দাবীতে ব্যৱহাৰ কৰা ফটো দুখন পুৰণি। এখন দাবী কৰা দুৰ্ঘটনাটোতকৈ প্ৰায় এমাহ পূৰ্বৰ আৰু আনখন প্ৰায় দুবছৰ পূৰ্বৰ দুটা ভিন্ন দুৰ্ঘটনাৰ ফটো।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:দুখন পুৰণি ফটোকে ১৫জুন,২০২৫ৰ কেদাৰনাথ হেলিকপ্তাৰ দুৰ্ঘটনাৰ ফটো বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Fact Crescendo TeamResult: False
