টেল আভিভৰ আকাশত কাউৰীৰ জাকৰ এই দাবীটো আংশিকভাৱে মিছা।  

Partly-False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত দুখন ফটো একেলগে আপলোড কৰি সেয়া ইজৰাইলৰ আকাশত অসংখ্য কাউৰীৰ বিচৰণৰ দৃশ্য বুলি দাবী কৰিছে। দৃশ্যটোত লিখিছে–  ইজৰাইলৰ বাণিজ্যিক ৰাজধানী টেল আভিভৰ আকাশত হাজাৰ হাজাৰ কাউৰীৰ অস্বাভাৱিক জাকে চানি ধৰা এক ভিডিঅ’ বৰ্তমান সামাজিক মাধ্যমত ব্যাপকভাৱে ভাইৰেল হৈ পৰিছে। এই দৃশ্যক লৈ নেটিজেনসকলৰ মাজত মিশ্ৰিত প্ৰতিক্ৰিয়াৰ লগতে বিভিন্ন ৰহস্যময় ধাৰণাৰো সৃষ্টি হোৱা পৰিলক্ষিত হৈছে।

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰথমে বাওঁফালৰ প্ৰথম ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ফেচবুকত দুবছৰ পূৰ্বেই ২০২৪ৰ জুনত এটা ভিডিঅ’টো এটা ৱেবছাইটত আপলোড কৰি থোৱা দেখিলোঁ। আমি সত্যতা নিৰূপণ কৰি থকা চিত্ৰখন সেই দৃশ্যটোৰেই খণ্ডচিত্ৰ আছিল। তাত লিখা আছিল- I’ll be sure to stay away from Texas। অৰ্থাত এইটো আমেৰিকাৰ টেক্সাছৰ এটা পুৰণি দৃশ্য হ’ব পাৰে বুলি আমি অনুমান কৰিলোঁ। 

ইয়াৰ পাছত আমি একেই ২০২৪ৰ জুনত এই ভিডিঅ’টো ইনষ্টাগ্ৰামত আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখিছিল- Crows swarm in Texas.

আমাৰ সন্ধান আগুৱাই নিয়াত আমি একেটা ভিডিঅ’ ২০২৪ৰ এপ্ৰিলত ফেচবুকত আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা আছিল- Thousands of crows swamp a supermarket in Texas! WHY???? WTF is going on here? 

আমি ইয়াৰ পৰাই জানিব পাৰিলোঁ যে যিটো দৃশ্যৰ খণ্ডচিত্ৰ অতি শেহতীয়াকৈ ২০২৬ৰ মাৰ্চ-এপ্ৰিলত ইজৰাইলৰ টেল আভিভিত কাউৰীৰ জাকৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে দুবছৰ আগতেই টেক্সাছত দেখা এটা দৃশ্য। অৰ্থাত দাবীটো মিছা।

ইয়াৰ পাছত আমি পোষ্টটোৰ সোঁফালে থকা দ্বিতীয়খন ফটোৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ, তেতিয়া সৰহসংখ্যক পোষ্টততেই সেইটা টেল আভিভৰ শেহতীয়া দৃশ্য বুলিয়েই উল্লেখ কৰা হৈছে। আনকি একাধিক সংবাদ প্ৰতিষ্ঠানেও সেয়া ২০২৬ৰ মাৰ্চত টেল আভিভৰ আকাশত দেখা কাউৰীৰ জাকৰ দৃশ্য বুলি উল্লেখ কৰা দেখিলোঁ। তেনেকুৱা বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব।

ইয়াৰ পৰাই প্ৰমাণ হয় যে  অসমৰ ফেচবুক পোষ্টটোত দাবী কৰা ধৰণে দুয়োখন ফটো টেল আভিভৰ শেহতীয়া কাউৰীৰ জাকৰ দৃশ্যৰ নহয়, এখনহে হয়। দাবীটো আংশিকভাৱে মিছা।

 যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Result Stamp

Title: টেল আভিভৰ আকাশত কাউৰীৰ জাকৰ এই দাবীটো আংশিকভাৱে মিছা।

Fact Check By: Pranjal Sharma

Result: Partly False

Leave a Reply

Your email address will not be published. Required fields are marked *