
শেহতীয়াকৈ যোৱা ২ জুন, ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য ৰাছিয়াই ইউক্ৰেইনৰ ওপৰত চলোৱা শেহতীয়া আক্ৰমণৰ বুলি দাবী কৰিছিল। লিখিছিল- ৰাছিয়াই এতিয়া ইউক্ৰইনৰ ওপৰত ব্যাপক আক্ৰমণ আৰম্ভ কৰিছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টো কী-ফ্ৰেমত ভাগ কৰি লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। ২০২৪ৰ ৯ জুলাইত কৰা এটা টুইটত আমি সেই ভিডিঅ’টো পালোঁ। আমি নিশ্চিত হ’লোঁ যে ভিডিঅ’ অতি শেহতীয়া নহয়।
তদুপৰি ২০২৪ৰ ৯জুলাইতে ডেইলী মেইলে নিজৰ ইউটিউৱ চেনেলত সম্প্ৰচাৰ কৰা এটা বাতৰিত এই ভিডিঅ’টো পালোঁ। বিৱৰণত লিখা আছিল- “This is the moment a Russian Kh-101 cruise missile hit a children’s hospital in Kyiv. Video shows the missile falling on to the Ohmatdyt Children’s Hospital on July 8. The hospital was already smoking, suggesting this was the second bomb to hit it. At least two people died in the strike, which wounded scores more”. ( এয়া ৰাছিয়াৰ Kh-101 ক্ৰুজ মিছাইলে কীভৰ এখন শিশু হাস্পতালত কৰা আক্ৰমণৰ এটা দৃশ্য। ভিডিঅ’ত যোৱা ৮ জুলাইত Ohmatdyt Children’s Hospitalৰ ওপৰত মিছাইল পৰা দেখা গৈছে। হাস্পতালখনৰ পৰা ইতিমধ্যেই ধোৱা ওলাই আছিল, যিয়ে ইংগিত দিয়ে যে এয়া দ্বিতীয়টো বোমাৰ আক্ৰমণ। অতি কমেও দুজন লোকৰ প্ৰাণ হানি হোৱাৰ লগতে বহুকেইজন আহত হৈছে।)
উক্ত সময়ৰ সেই ঘটনা সম্পৰ্কত আমি কিছুমান বাতৰিও লাভ কৰিলোঁ। Associated Press ৰ ৯ জুলাই, ২০২৪ৰ বাতৰি মতে ৰাছিয়াই ইউক্ৰেইনৰ ৫খন মুখ্য চহৰক লক্ষ্য কৰি মিছাইল আক্ৰমণ কৰিছিল আৰু ওখমাডিটস্থিত দেশখনৰ আটাইতকৈ ডাঙৰ শিশু হাস্পতালখনৰ ক্ষতি সাধন কৰিছিল।
এইসমূহ তথ্যই প্ৰমাণ কৰিছে যে দৃশ্যটো ২০২৪ৰ জুলাই মাহৰ। ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ সময়ৰ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো বিভ্ৰান্তিকৰ। দৃশ্যটো ২০২৪ৰ জুলাই মাহৰ। ৰাছিয়াৰ শেহতীয়া আক্ৰমণৰ সময়ৰ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৪ৰ পুৰণি ভিডিঅ’কে ৰাছিয়াৰ শেহতীয়া ইউক্ৰেইন আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Misleading
