
শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম, ইউটিউৱ আৰু ফেচবুকত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভিডিঅ’টোত দেখা ব্যক্তিগৰাকী সদ্য ধৰাত্যাগী শিল্পী জুবিন গাৰ্গ। ভিডিঅ’টোত দেখা গৈছে যে এখন হোটেলৰ এটা কোঠাৰ সমুখত দুজন বাউঞ্চাৰ আছে আৰু তেওঁলোকে দুৱাৰ খুলি দিয়াৰ পাছত ক্ৰমান্বয়ে ভিতৰলৈ সোমাই যোৱা কেমেৰাত বন্দী হৈছে বিচনাত শুই থকা এগৰাকী ব্যক্তি। তেওঁ দেহৰ ওপৰত সোণৰ বিভিন্ন অলংকাৰ দেখা গৈছে। তাৰে ভিতৰত নানা বোলা এটা ডাঙৰ সোণৰ লকেটো আমি দেখা পালোঁ। ক’লা চচমা পৰিহিত ব্যক্তিগৰাকীৰ মুৰৰ ওপৰত কেইবাটাও টকাৰ বাণ্ডল থৈ দিয়া দেখা গৈছে। একাধিক ব্যক্তি তথা বাউঞ্চাৰেৰে পৰিবেস্তিত হৈ শুই আছে সেই ব্যক্তিগৰাকী। ইনষ্টাগ্ৰাম আৰু ফেচবুকৰ ভিডিঅ’টোৰ পাৰ্শ্বসংগীতত জুবিন গাৰ্গৰ কণ্ঠৰ গীত ব্যৱহাৰ কৰা হৈছে আৰু টেক্সট ওভাৰলে’(Text Overlay) কৰি ৰোমান লিপিত জুবিন দাদা বুলি লিখা হৈছে। তদুপৰি ইউটিউৱৰ ভিডিঅ’টোত কেপছনত লিখা হৈছে- জুবিন দা আপুনি সদায় আমাৰ মাজত জীয়াই থাকিব।😭🙏আমাৰ মাজত অমৰ ৰব। এইদৰেই সেই ব্যক্তিগৰাকী জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।



কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ১৯ মাৰ্চ ২০২৫ত ইনষ্টাগ্ৰামত আপলোড কৰা এটা ভিডিঅ’ পালোঁ। ভাইৰেল ভিডিঅ’টোত শুই থকা লোকজনৰ মুখাৱয়বৰ সৈতে মিল থকা এজন লোক তথা তেওঁৰ সৈতে আন এখন বিচনাত আন এজন লোকে একেদৰেই নিজৰ গাৰ ওপৰত বহুতো সোণৰ আ-অলংকাৰ লৈ চচমা পিন্ধি শুই থকা দেখা গৈছে ভিডিঅ’টোত। ইয়াতো বহুকেইজন বাউঞ্চাৰ আমি দেখিলোঁ। golden_boys_india নামৰ হেণ্ডেলটোত আমি এই ভিডিঅ’টো পালোঁ। আমি সত্যতা নিৰূপন কৰি থকা ভিডিঅ’টোৰ ব্যক্তিগৰাকীৰ গাৰ ওপৰত নানা বুলি এটা বৰ ডাঙৰ সোণৰ লকেট আমি দেখিলোঁ।

আনহাতে ২১ মে’ ২০২৫ত নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত আমি আন এটা ভিডিঅ’ পালোঁ। এই ভিডিঅ’টোত আমি দেখিলোঁ যে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ লগত বহুখিনি মিল আছে এই ভিডিঅ’টোৰ। সেই একেজন ব্যক্তিয়ে একেধৰণে শুই আছে ইয়াতো। ইয়াতো নানা বুলি সেই ডাঙৰ সোণৰ লকেটটো দেখিলোঁ।

ইয়াৰ পাছত আমি ওপৰোক্ত দুয়োটা ইনষ্টাগ্ৰাম হেণ্ডেলত পোৱা গোল্ডেন বয় আৰু গোল্ডেন গাই শব্দ দুটাৰ ভিত্তিত সন্ধান কৰোতে Pranav Birje নামৰ ফেচবুক একাউণ্ট এটা ২০২৪ৰ ২৪ ফেব্ৰুৱাৰীত দিয়া এটা আপডেট পালোঁ। তাত ব্যৱহাৰকাৰীজনে প্ৰচুৰ পৰিমানে সোণৰ অলংকাৰ পৰিধান কৰা দুজন ব্যক্তিৰ সৈতে তোলা কেইবাখনো ফটো আপলোড কৰিছে।

আমি সেই পোষ্টটো পঢ়ি জানিব পাৰিলোঁ যে গোল্ডেণ বয় অৱ ইণ্ডিয়া বুলি জনাজাত এই দুজন ব্যক্তিৰ নাম হৈছে চানী নানাচাহেব ৱাঘচৌৰে আৰু সঞ্জয় গুজ্জৰ। দুয়ো পুনেৰ বাসিন্দা। দুয়োগৰাকী ব্যৱসায়ী আৰু চিনেমা জগতৰ বিনিয়োগকাৰী। তেওঁলোকৰ ভিতৰত চানী নানচাহেব ৱাঘচৌৰে নানা বোলা সেই ডাঙৰ সোণৰ লকেটটো পিন্ধি থকা আমি দেখিলোঁ।

ইয়াৰে পাছত আমি দুয়োগৰাকীৰে ফেচবুকৰ একাউণ্ট দুটা পৰীক্ষা কৰিলোঁ আৰু চানী নানাচাহেব ৱাঘচৌৰেৰ একাউণ্টত আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টো হুবহু দেখা পালোঁ। তাত তেওঁ ৰোমান লিপিত কেপছন লিখিছে- চোয়া হুঁ, চোনে দো শান্তি চে।

তেওঁৰ একাউণ্টটোত তেনেকুৱা অনেক ভিডিঅ’ আমি দেখিলোঁ য’ত নানা নামৰ ডাঙৰ সোণৰ লকেটটো পিন্ধাৰ লগতে সোণৰ বহুতো আ-অলংকাৰ পিন্ধি তেওঁ সঞ্জয় গুজ্জৰৰ সৈতে ভুমুকি মাৰিছে।

আমি ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তেওঁ শুই থকা সেই ভিডিঅ’টোত তেওঁৰ মুখাৱয়ব কিছু পৰিমানে জুবিন গাৰ্গৰ সৈতে মিল দেখা গৈছে যদিও তেওঁ আচলতে গোল্ডেন গাইজ অৱ ইণ্ডিয়া খ্যাত চানী নানাচাহেব ৱাঘচৌৰে হে। তেওঁ জুবিন গাৰ্গ নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। ভিডিঅ’টোত দেখা লোকজন গোল্ডেন গাইজ অৱ ইণ্ডিয়া খ্যাত সঞ্জয় গুজ্জৰ আৰু চানী নানাচাহেব ৱাঘচৌৰেৰ এজন অৰ্থাত চানী নানাচাহেব ৱাঘচৌৰে। জুবিন গাৰ্গ নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইগৰাকী জুবিন গাৰ্গ নহয়। এওঁৰ নাম চানী নানাচাহেব ৱাঘচৌৰে ওৰফে গোল্ডেন বয় অৱ ইণ্ডিয়া।
Fact Check By: Pranjal SharmaResult: False
