
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি সেই দৃশ্য বাংলাদেশত শেহতীয়াকৈ গণৰোষৰ বলি হৈ প্ৰাণ হেৰুওৱা দিপু চন্দ্ৰ দাসৰ বুলি দাবী কৰিছে। কোৱা হৈছে যে বাংলাদেশৰ আৰক্ষীয়ে এইদৰে দিপু চন্দ্ৰ দাসক ৰাইজৰ হাতত গটাই দিছিল।

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বট লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি দেখিলোঁ যে এই ভাইৰেল ভিডিঅ’টো বাংলাদেশৰ নিউজ আউটলেট ভোৰেৰ কাগোজ লাইভে ২০২৫ চনৰ ১৮ নৱেম্বৰত নিজৰ অফিচিয়েল ইউটিউব চেনেলত প্ৰকাশ কৰিছিল। প্ৰতিবেদনত আৰক্ষীয়ে আটক কৰা ব্যক্তিজনক ঢাকা কলেজৰ ছাত্ৰ বুলি চিনাক্ত কৰা হৈছে।

ভিডিঅ’টোত মানুহজনে ঢাকা কলেজৰ ল’গ’ আৰু তাত “মমিন” নামটো ছপা কৰা এটা জাৰ্চি পিন্ধি থকা দেখা গৈছে। তাত তেওঁ বাংলা ভাষাতে অনুৰোধ কৰা শুনা যায় যে তেওঁ ঢাকা কলেজৰ আৰু কোনো প্ৰতিবাদৰ সৈতে তেওঁৰ কোনো সম্পৰ্ক নাই। ফুটেজটোত এজন আৰক্ষী বিষয়াই তেওঁক যাবলৈ কোৱাও দেখা গৈছে। আনহাতে আন এজন ব্যক্তিয়ে আৰক্ষীৰ সৈতে কথা পাতি তেওঁলোক কেম্পাছৰ বুলি উল্লেখ কৰিছে। স্থানীয় বাংলাদেশী সংবাদ মাধ্যমে প্ৰকাশ কৰা একেটা ঘটনাৰ দীঘলীয়া ভিডিঅ’ও আমি পাইছিলোঁ। ভিডিঅ’টোত ব্যক্তিজনে নিজৰ নাম আব্দুল মমিন বুলি উল্লেখ কৰিছে। পিছত এজন আৰক্ষী বিষয়াই তেওঁক ৰিক্সা বিচাৰি উলিওৱাত সহায় কৰা দেখা যায়, কিয়নো তেওঁ আঘাতপ্ৰাপ্ত হৈছিল।

তদুপৰি বাংলাদেশৰ আগশাৰীৰ সংবাদ প্ৰতিষ্ঠান প্ৰথম আলোৰ এক প্ৰতিবেদনত কোৱা হৈছে যে যোৱা ১৭ নৱেম্বৰত শ্বেখ হাছিনাৰ সৈতে জড়িত মানৱতাৰ বিৰুদ্ধে অপৰাধৰ সেই গোচৰৰ ৰায়দানক লৈ ঢাকাৰ ধানমণ্ডি ৩২ অঞ্চলত মানুহৰ সৈতে সংঘৰ্ষ হৈছিল। পাছত এনটিভি নিউজে প্ৰকাশ কৰা অনুসৰি ৩২ নং ধানমণ্ডিত শ্বেখ মুজিবুৰ ৰহমানৰ ঘৰ ভাঙিবলৈ দুখন এক্সকেভেটৰ লৈ ছাত্ৰ-ছাত্ৰী আৰু আন লোক আহিছিল যদিও আৰক্ষীয়ে তেওঁলোকক বাধা দিছিল।

সেই সম্পৰ্কত সবিস্তাৰ বাতৰি তলত চাব পাৰিব।
ইয়াৰ পৰাই স্পষ্ট হয় যে হত্যাৰ পূৰ্বে দিপু চন্দ্ৰ দাসক আৰক্ষীয়ে এইদৰে ৰাইজৰ হাতত তুলি দিয়া বুলি দাবী কৰা ভিডিঅ’টো আচলতে সেই ঘটনাৰ এমাহ পুৰণি আৰু ভিডিঅ’ত দেখা ব্যক্তিজন দিপু চন্দ্ৰ দাস নহয়।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। হত্যাৰ পূৰ্বে দিপু চন্দ্ৰ দাসক আৰক্ষীয়ে এইদৰে ৰাইজৰ হাতত তুলি দিয়া বুলি দাবী কৰা ভিডিঅ’টো আচলতে সেই ঘটনাৰ এমাহ পুৰণি আৰু ভিডিঅ’ত দেখা ব্যক্তিজন দিপু চন্দ্ৰ দাস নহয়।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:এই ভিডিঅ’ত দেখা ব্যক্তিজন বাংলাদেশত হত্যাৰ বলি হোৱা দিপু চন্দ্ৰ দাস নহয়।
Fact Check By: Pranjal SharmaResult: False


