
শেহতীয়াভাবে যোৱা ১৯ এপ্ৰিল,২০২৫ত অসমৰ এটা ফেচবুক পেজৰ পৰা এটা পোষ্ট কৰি দাবী কৰা হৈছে যে এতিয়াৰে পৰি UPI জৰিয়তে ২০০০ টকাৰ ওপৰত ধনৰ লেনদেন কৰিলে প্ৰতিজন গ্ৰাহকে ৮ টকাকৈ কৰ পৰিশোধ কৰিব লাগিব। অনলাইন লেনদেনৰ ওপৰতো GST আৰোপ কৰা হ’ব বুলি দাবী কৰি পোষ্টটোত লিখা হৈছেঃ- UPIত ২,০০০ৰ বেছি টকা লেনদেন কৰিলে দিব লাগিব ৮ টকা কৰ
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি এই বিষয়ত প্ৰাসংগিক শব্দ কিছুমান লৈ কী-ৱৰ্ড ছাৰ্চ কৰিলোঁ আৰু তেতিয়া আমি দেশৰ আগশাৰীৰ নিৰ্ভৰযোগ্য বহুকেইটা সংবাদ প্ৰতিষ্ঠানে এই সন্দৰ্ভত পৰিবেশন কৰা বাতৰিৰ লিংক লাভ কৰিলোঁ।
প্ৰথমে আমি The Economic Timesৰ No GST on UPI transactions over Rs 2,000, clarifies govt; terms rumors as baseless শীৰ্ষক বাতৰিটো পঢ়ি চালোঁ। ১৮ এপ্ৰিল ২০২৫ত পৰিবেশন কৰা বাতৰিটোত লিখিছে- “The Ministry of Finance has categorically denied recent rumors suggesting that it is planning to impose Goods and Services Tax (GST) on Unified Payments Interface (UPI) transactions exceeding Rs 2,000. In an official statement issued on Friday by the Press Information Bureau (PIB), the government called such claims “false, misleading, and without any basis.” অৰ্থাত দেশৰ বিত্ত মন্ত্ৰালয়ে ২০০০ টকাতকৈ অধিক ইউনিফাইড পেমেণ্টছ ইন্টাৰফেচ চমুূকৈ ইউপিআই(UPI) লেনদেনত সামগ্ৰী আৰু সেৱা কৰ (জিএছটি) আৰোপ কৰাৰ পৰিকল্পনা কৰা বুলি শেহতীয়াকৈ ওলোৱা উৰাবাতৰিক স্পষ্টভাৱে অস্বীকাৰ কৰিছে। শুকুৰবাৰে প্ৰেছ ইনফৰ্মেশ্যন ব্যুৰো (PIB)য়ে জাৰি কৰা এক আনুষ্ঠানিক বিবৃতিত চৰকাৰে এনে দাবীক “মিছা, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন” বুলি অভিহিত কৰিছে।
The Hinduএ ১৯ এপ্ৰিল, ২০২৫ত পৰিবেশন কৰা No GST on UPI transactions over ₹2,000, clarifies government শীৰ্ষক বাতৰিটোতো আমি জানিব পাৰিলোঁ যে চৰকাৰে এনেকুৱা কোনো কৰৰ ব্যৱস্থা কৰা নাই।
INDIA TODAYই ১৮ এপ্ৰিল,২০২৫ত কৰা No GST on UPI transactions over Rs 2,000, government clarifies শীৰ্ষক বাতৰিটো কোৱা হৈছে যে এয়া এক উৰাবতৰিহে। চৰকাৰে ইয়াক মিছা,বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন বুলি আখ্যা দিছে।
কেৱল এয়াই নহয় Times Of India, Business Today, Mint আদি আগশাৰীৰ সংবাদ প্ৰতিষ্ঠানেও এই খবৰটোক উৰাবাতৰি বুলি উল্লেখ কৰি চৰকাৰৰ উদ্ধৃতিৰে ইয়াক মিছা, বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন বুলি প্ৰকাশ কৰিছে।
দেশৰ আগশাৰীৰ এই নিৰ্ভৰযোগ্য সংবাদ প্ৰতিষ্ঠানসমূহে চৰকাৰৰ উদ্ধৃতিৰে প্ৰকাশ কৰা এই বাতৰিসমূহৰ পৰা আমি নিশ্চিত হৈছোঁ যে ২০০০ টকাৰ ওপৰত কৰা ইউপিআই লেনদেনৰ ওপৰত জিএছটি লাগিব বুলি ওলোৱা খবৰটো মিছা। ই বিভ্ৰান্তিকৰ আৰু ভিত্তিহীন।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। কেন্দ্ৰীয় চৰকাৰে ২০০০ টকাৰ ওপৰত হোৱা ইউপিআই লেনদেনৰ ওপৰত জিএছটি আৰোপ কৰা নাই। ৮ টকাকৈ কৰ পৰিশোধ কৰিব নালাগে ।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০০০ টকাৰ ওপৰত UPI লেনদেন কৰিলে ৮টকাকৈ জিএছটি ভৰিব লাগিব বুলি ওলোৱা খবৰটো মিছা, ভিত্তিহীন।
Fact Check By: Pranjal SharmaResult: False
