২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ ৬ মে’ৰ মাজৰাতি ভাৰতৰ তৰফৰ পৰা আৰম্ভ কৰা ‘অপাৰেচন সিন্দূৰ’ৰ পাছতেই বিভিন্ন ভিডিঅ’ সামাজিক মাধ্যমত ভাইৰেইল হৈ পৰিছে। অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে পাকিস্তানৰ ওপৰত অপাৰেচন সিন্দূৰৰ জৰিয়তে আক্ৰমণ কৰাৰ বাবে আফগানিস্তানত একাংশ তালিবানে এইদৰে নৃত্য কৰি আনন্দ প্ৰকাশ কৰিছে।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdl1Xz53SgvfCUHf7-GhdAC4TiXDPvAzehzu0R6vQKrjKopamOaIKtxSZWpIr-1mWNiyLMW8hUXI6QurC3NBOLjIVobmbiFU63VCgKTEWtCncNI2VuYJhh3suZmMJB5Z4733bcc0g?key=f8sEUHPv1-Z38a9gYz5DQw

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া 

আমি বহুকেইটা ইউটিউৱ ভিডিঅ’ লিংক লাভ কৰিলোঁ য’ৰ পৰা আমি এই ভিডিঅ’টোৰ শুংসূত্ৰ লাভ কৰাত সহায় হ’ল। আমি আজিৰ পৰা তিনিবছৰ আগতেই ইউটিউৱত এই ভিডিঅ’টো বিভিন্ন কেপছনেৰে আপলোড হৈ থকা দেখিলোঁ। তেনেকুৱা এটা ভিডিঅ’ তলত দিয়া হৈছে। 

তেনেকুৱা আন আন পুৰণি ভিডিঅ’ আপোনালোকে ইয়াত আৰু ইয়াত চাব পাৰিব। 

অনুসন্ধান আগুৱাই নিয়াত আমি ২০২১ চনৰ ২৬ মাৰ্চত ইউটিউব চেনেলত পোষ্ট কৰা একেধৰণৰ ভিডিঅ’ এটা পালোঁ। ভিডিঅ’টোৰ সৈতে দিয়া তথ্য অনুসৰি এই ভিডিঅ’টো পাকিস্তানৰ আৰু তাত বিয়াৰ সময়ত কিছুমান মানুহে এইদৰে অস্ত্ৰ লৈ নাচি থকা দেখা গৈছে।

 

পৰৱৰ্তী অনুসন্ধানত আমি পাকিস্তানী সাংবাদিক এজনে ২০২১ চনতে কৰা টুইট এটাত একেটা ভিডিঅ’কে পালোঁ। তেওঁ টুইট কৰি কয় যে, ‘পাকিস্তানৰ উত্তৰ অংশৰ পাক্তিকা চহৰত হোৱা বিয়াৰ ভিডিঅ’ ভাৰতৰ এটা চেনেলে ময়দান যুদ্ধত জয়ী হৈ তালিবানে উদযাপন কৰা বুলি দাবী কৰি প্ৰচাৰ কৰাটো বিশ্বাস কৰিব নোৱাৰি।

উল্লেখযোগ্য যে বিগত বৰ্ষতো ভাৰতৰ সামাজিক মাধ্যমত ভাইৰেল ভিডিঅ’টোৰ সত্যতা নিৰূপণ কৰা হৈছিল ফেক্ট ক্ৰেছেণ্ডোৰ ফালৰ পৰা। জানিব পৰা গৈছিল যে ভিডিঅ”ত দেখা পোৱা ব্যক্তিজনৰ নাম ৱাহাব পুখতুন। আমাৰ ফালৰ পৰা তেওঁক যোগাযোগ কৰাত ৱাহাবে জনাইছিল, যে “সেই ভিডিঅ’টোত তেওঁ আৰু তেওঁৰ বন্ধুসকলক দেখা গৈছে। সেই ভিডিঅ’টো ১৯ মাৰ্চ, ২০২১ৰ।পাকিস্তানৰ কিটকী গাঁৱত তেওঁৰ বন্ধু ৰফিদ-উল্লাহ-খানৰ বিয়াৰ সময়ত এই নৃত্য প্ৰদৰ্শন কৰা হৈছিল।” বন্ধুৰ লগত ৱাহাব বহি থকা সেই বিয়াখনৰ এখন ফটো তলত দিয়া হৈছে। এই ফটোখনত ভাইৰেল ভিডিঅ’টোত নাচি থকা লোকসকলক দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfvA0oQ-qgxEz_q2B9diPFMJ20ydWELNUkvcngowXNft_1OD7TtImRPP6p4BBxSGhlDLj7DccMjrtI9BXpH-3Q04gov3qgxbvKgqWw68P4YZD3AcixzI3-JBY3lpqzlBXDLqteP?key=f8sEUHPv1-Z38a9gYz5DQw

ইয়াৰ পৰায়ে স্পষ্ট হৈ পৰিছে যে ২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। ২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২১ চনৰ পাকিস্তানৰ এখন বিয়াৰ ভিডিঅ’কে অপাৰেচন সিন্দূৰৰ সফলতাৰ পাছত আফগানিস্তানৰ তালিবানে কৰা আনন্দ বুলি প্ৰচাৰ কৰা হৈছে।

Written By: Pranjal Sharma 

Result: False