এইজন শ্যামকানু মহন্ত নহয়। গণপ্ৰহাৰৰ বলি হোৱা লোকজন তুফানগঞ্জৰ বিজেপি সদস্য নিখিল গাবুয়া।

False Social

শেহতীয়াকৈ যোৱা ১৭ অক্টোবৰ ২০২৫ত অসমৰ ফেচবুক, ইনষ্টাগ্ৰাম, ইউটিউৱত এটা বিশেষ ভিডিঅ’ ভাইৰেল হৈ পৰিছে। ভিডিঅ’টোত দেখা গৈছে যে হালধীয়া বৰণৰ চোলা পিন্ধা মানুহ এজনক আন কেইজনমান মানুহে প্ৰহাৰ কৰিছে। উপৰ্যুপৰি প্ৰহাৰ কৰি তেওঁক মাটিত বগৰাই দিছে। ভিডিঅ’টোৰে দাবী কৰা হৈছে যে সেই হালধীয়া পোচাক পিন্ধা লোকজন জুবিন গাৰ্গৰ মৃত্যুৰ হৈতে সাঙোৰ খোৱা, অভিযুক্ত শ্যামকানু মহন্ত। তেওঁক ৰাইজে এইদৰে প্ৰহাৰ কৰা বুলি দাবী কৰি ভিডিঅ’টো ভাইৰেল কৰা হৈছে। 

Instagram Link Archived Link

Youtube Link Archived Link

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি যোৱা ১৪ অক্টোবৰ ২০২৫ত ফেচবুকত এগৰাকী ব্যৱহাৰকাৰীয়ে দিয়া এটা পোষ্ট পালোঁ। তাত বাংলা ভাষাত লিখা আছিল এইদৰে- এটাই হলো tmc দলের গুন্ডা , আর উনি নাকি তুফানগঞ্জ মহকুমা হাসপাতালের নাইট গার্ড। (এইজনেই হৈছে টিএমচি দলৰ গুণ্ডা, আৰু ইয়েই তুফানগঞ্জ মহকুমাৰ হাস্পাতালৰ নাইট গাৰ্ড) সেই পোষ্টটোত দুখন ফটো আছিল। তাৰে এখন এজন যুৱকৰ আৰু আনখন এটা স্ক্ৰীণশ্বট। 

সেই স্ক্ৰীণশ্বটটো হৈছে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ এটা খণ্ডচিত্ৰ। 

সেই একেদিনাই আন এজন ব্যৱহাৰকাৰীয়ে দিয়া আন এটা ফেচবুক পোষ্ট আমি লাভ কৰিলোঁ। তাত তিনিখন ফটো আছিল এখন ফটো আমি উল্লেখ কৰা পূৰ্বৱৰ্তী পোষ্টটোত থকা যুৱকজনৰ ফটোখন। আনফন হৈছে অন্য এজন যুৱকৰ সৈতে সেই যুৱকজনৰে আন এখন ফটো আৰু তিনি নম্বৰ ফটোখন হৈছে আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোৰ স্ক্ৰীণশ্বট, য’ত সেই হালধীয়া পোচাক পিন্ধা লোকজনক প্ৰহাৰ কৰি থকা দেখা গৈছে। 

বাংলা ভাষাতে লিখা পোষ্টটোৰ কথাখিনিৰ পৰা আমি জানিব পাৰিলোঁ যে তুফানগঞ্জত বিজেপিৰ জিলা কমিটীৰ সদস্য নিখিল গাবুয়াক বহুলোকে প্ৰহাৰ কৰিছিল। পোষ্টটোত কোৱামতে তেওঁলোক আছিল তৃণমূল কংগ্ৰেছৰ সদস্য আৰু প্ৰহাৰ কৰা অন্যতম যুৱকজন হৈছে তুফানগঞ্জ হাস্পতালত গাৰ্ড হিচাপে কৰ্মৰত শুভম দত্ত। 

একেগৰাকী ব্যৱহাৰকাৰীৰ ফেচবুক একাউণ্টত আমি সেই ভিডিঅ’টোৰ পূৰ্ণ সংস্কৰণটো পালোঁ। যিটো ভিডিঅ’ শ্যামকানু মহন্তক প্ৰহাৰ কৰি থকা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো ভিডিঅ’ বিস্তাৰিত ৰূপত এই ব্যৱহাৰকাৰীগৰাকীৰ পোষ্টত আমি দেখিলোঁ। 

তদুপৰি জুবিন গাৰ্গৰ মৃত্যুৰ সৈতে অভিযুক্ত হিচাপে নাম সাঙোৰ খোৱা শ্যামকানু মহন্তক অন্য অভিযুক্তৰ সৈতে ১৪দিনৰ চিআইডিৰ জিম্মাৰ ম্যাদ উকলাৰ পাছত ইতিমধ্যেই জেললৈ প্ৰেৰণ কৰা হৈছে। সেই বাতৰিও অসমৰ বিভিন্ন সংবাদ প্ৰতিষ্ঠানত উপলব্ধ হৈ আছে। সেই বাতৰি ইয়াত,ইয়াত, ইয়াত চাব পৰা যায়। 

ইয়াৰ পৰাই এই কথা প্ৰতিপন্ন হয় যে সেই ভিডিঅ’টো কোনোপধ্যেই শ্যামকানু মহন্তক প্ৰহাৰ কৰা ভিডিঅ’ হ’ব নোৱাৰে। কাৰণ যিটো সময়ত ভিডিঅ’টো ভাইৰেল কৰা হৈছে, সেই সময়ত শ্যামকানু মহন্ত অসমৰ বাক্সা জিলাৰ নিকাচিস্থিত জিলা কাৰাগাৰত বন্দী হৈ আছে। সম্প্ৰতিও শ্যামকানু মহন্ত সেই জেলতেই বন্দী হৈ আছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। প্ৰহৃত লোকজন শ্যামকানু মহন্ত নহয়। তেওঁ তুফানগঞ্জ বিজেপিৰ জিলা কমিটীৰ সদস্য নিখিল গাবুয়াহে। অসমৰ ভিডিঅ; নহয় এইটো।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এইজন শ্যামকানু মহন্ত নহয়। গণপ্ৰহাৰৰ বলি হোৱা লোকজন তুফানগঞ্জৰ বিজেপি সদস্য নিখিল গাবুয়া।

Fact Check By: Pranjal Sharma  

Result: False