২০২৩ চনৰ ফেব্ৰুৱাৰীৰ বাৰানসীৰ দৃশ্য ২০২৫ৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি মিছা দাবীৰে প্ৰচাৰ। 

False Social

শেহতীয়াভাৱে  ২০ জানুৱাৰী ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে সেয়া চলিত মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড সময় ধৰি শংখ বজোৱা দৃশ্য। পোষ্টটোত লিখিছে- মহাকুম্ভ মেলাত একে উশাহতে ২মিনিট ৪৯ ছেকেণ্ড শংখ বজাই সকলোকে আচৰিত কৰিলে।সীতা ৰাম।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcYrJp-k0Ov91eoCVE6jpDlFUik5c9iwajQIzzCtFvY0ltgK5MbHv81zPz0fmB6yvYC6oCLfBAP3aDv8tuCw0AfMfsM9s-wSwFhCcUewNUjuqfZIwo9yoXqcN3xUyuv3MxowHhJfg?key=dd8jKKDqgoFojl_CplqyZSnq

Facebook LinkArchived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি লক্ষ্য কৰিলোঁ যে সেই ভিডিঅ’টোত এটা ল’গো আছে। VK News বুলি লিখা ল’গোটোৰ আঁত ধৰি আমি প্ৰথমে গুগলত প্ৰাসংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ভিকে নিউজৰ ইউটিউৱ চেনেলটো পালোঁ। তাত আমি সেই ভিডিঅ’টো পালোঁ, যিটো ২০২৫ৰ মহাকুম্ভ মেলাত ২ মিনিট ৪৯ চেকেণ্ড শংখ বজোৱা বুলি দাবী কৰি অসমৰ ফেচবুক ব্যৱহাৰকাৰীয়ে আপলোড কৰিছিল। ভিকে নিউজৰ ইউটিউৱ চেনেলটোত সেই ভিডিঅ’টো ২০২৩ চনৰ ১২ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল। ইয়াৰ পৰা আমি প্ৰাৰম্ভিকভাৱে জানিব পাৰিলোঁ যে ভিডিঅ’টো অন্ততঃ ২০২৫ৰ জানুৱাৰীৰ বা মহাকুম্ভ মেলাৰ সময়ৰ নহয়। 

    

ভিডিঅ’টোৰ শীৰ্ষক আছিলঃ- गंगा घाट पर भक्त ने बजाया ऐसा शंख.. राष्ट्रपति मुर्मू भी देखती रह गईं (গংগা ঘাটত ভক্তই এনেকুৱাকৈ শংখ বজালে যে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে আচৰিত হৈ চাই থাকিল)

ইয়াৰে আঁত ধৰি আমি ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৰ অফিচিয়েল ইউটিইৱ চেনেলটোতো সেই ভিডিঅ’টোৰ সন্ধান কৰিলোঁ আৰু ২০২৩ চনৰ ১৩ ফেব্ৰুৱাৰীত সেই চেনেলটোত আপলোড কৰি থোৱা ৫১ মিনিট ২৫ চেকেণ্ডৰ এটা ভিডিঅ’ পালোঁ। President Droupadi Murmu attends Ganga Aarti at Varanasi শীৰ্ষক সেই পূৰ্ণাংগ ভিডিঅ’টোত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বাৰানসীৰ গংগা ঘাটৰ আৰতিত উপস্থিত থকা সম্পূৰ্ণ অনুষ্ঠানটো দেখুওৱা হৈছে। সেই ভিডিঅ’টোৰ ১৭ মিনিট ৪৫ চেনেকেণ্ডৰ পৰা আমি সত্যতা নিৰূপণ কৰি থকা দৃশ্যাংশটো দেখা পালোঁ। ইয়াৰ পৰা আমি নিশ্চিত হ’লোঁ যে যিটো দৃশ্য ২০২৫ৰ জানুৱাৰীৰ কুম্ভমেলাৰ নহয়, বৰং ২০২৩চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি মুৰ্মূৱে বাৰানসীৰ গংগা ঘাটৰ আৰতি দৰ্শন অনুষ্ঠানত উপস্থিত থকা সময়ৰহে। 

আমাৰ অনুসন্ধানত ১৩ ফেব্ৰুৱাৰী ২০২৩ত গংগা সেৱা নিধিয়ে নিজৰ ফেচবুক পেজত ৰাষ্ট্ৰপতি মুৰ্মূৰ দশস্বমেধ ঘাটৰ সেই গংগা আৰতি দৰ্শন সন্দৰ্ভত দিয়া সবিস্তাৰ ফেচবুক পোষ্টটোও লাভ কৰিলোঁ।

তদুপৰি সেই সম্পৰ্কে হিন্দুস্তান টাইমছ, দ্য টাইমছ অৱ ইণ্ডিয়া, এএনআই আদি সংবাদ প্ৰতিষ্ঠানে পৰিবেশন কৰা বাতৰিও আমি লাভ কৰিলোঁ। 

এই সমস্ত তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ ২০২৫ৰ জানুৱাৰীৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বাৰানসীৰ দশস্বমেধ ঘাটৰ গংগা আৰতিত উপস্থিত থকা সময়ৰ ভিডিঅ’হে। গতিকে এই দাবীটো মিছা বুলি আমি অভিহিত কৰিছো। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। যিটো ভিডিঅ’ ২০২৫ৰ জানুৱাৰীৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে ২০২৩ চনৰ ফেব্ৰুৱাৰীত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মূৱে বাৰানসীৰ দশস্বমেধ ঘাটৰ গংগা আৰতিত উপস্থিত থকা সময়ৰ ভিডিঅ’হে। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:২০২৩ চনৰ ফেব্ৰুৱাৰীৰ বাৰানসীৰ দৃশ্য ২০২৫ৰ মহাকুম্ভ মেলাৰ শংখ নিনাদ বুলি মিছা দাবীৰে প্ৰচাৰ।

Written By: Pranjal Sharma  

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *