হিমাংশু প্ৰদাস দাসে এই মন্তব্য কৰা নাই। দাবীটো মিছা। 

False Social

শেহতীয়াকৈ অসমৰ এটা ফেচবুক পেজত অসমৰ নাট্যকাৰ, পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসৰ এখন ফটো আপলোড কৰি টেক্সট ওভাৰলে’ কৰি লিখা হৈছে- এগৰাকী সাংসদৰ এনে দেশদ্ৰোহীতা হত্যাতকৈয়ো ডাঙৰ অপৰাধ-হিমাংশু প্ৰসাদ দাস। অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সাংসদ গৌৰৱ গগৈৰ পাকিস্তানৰ সৈতে সম্পৰ্ক থকা বুলি সংবাদ মেলত ঘোষণা কৰাৰ পাছতে এই পেজটোত অসমৰ বিভিন্ন খ্যাতিমান লোকে কৰা মন্তব্য বুলি বিভিন্ন মন্তব্য প্ৰচাৰ কৰিছে। এই পোষ্টটোৰ জৰিয়তে সেয়া হিমাংশু প্ৰসাদ দাসৰ মন্তব্য বুলি দাবী কৰা হৈছে। 

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি সেই বিশেষ পোষ্টটোত হিমাংশু প্ৰসাদ দাসৰ এটা মন্তব্য দেখিলোঁ। মন্তব্যটো পঢ়ি আমি জানিব পাৰিলোঁ যে তেওঁ এই পোষ্টটো দেখি অসন্তুষ্ট হৈছে আৰু তেওঁ ইয়াৰ বিৰুদ্ধে গোচৰো দিব বুলি অন্য লোকৰ মন্তব্যত উত্তৰ দিয়া দেখা পালোঁ।

তাৰ পাছত আমি  হিমাংশু প্ৰসাদ দাসে এই মন্তব্য কৰিছে নেকি,সেই সম্পৰ্কে সন্ধান কৰিলোঁ। কিন্তু এনেকুৱা মন্তব্য কৰা কোনো ধৰণৰ সাক্ষাতকাৰ বা বাতৰি আমি লাভ নকৰিলোঁ। 

ইয়াৰ পাছত আমি হিমাংশু প্ৰসাদ দাসৰ সৈতে যোগাযোগ কৰিলোঁ। তেতিয়া তেওঁ স্পষ্টভাৱে এই কথা অস্বীকাৰ কৰি কয় যে তেওঁ ক’তো কেতিয়াও এই মন্তব্য কৰা নাই। নিজৰ পৰৱৰ্তী চিনেমাৰ কামত ব্যস্ত থকা বুলি উল্লেখ কৰি কয় যে সেই পেজটোৱে সম্পূৰ্ণ ভুৱা দাবী কৰিছে। এইধৰণ কোনো কথা তেওঁ কেতিয়াও কোৱা নাই বুলি কৈ তেওঁ আমাৰ জৰিয়তে সকলোকে আহ্বান জনায় যে সেই কথা যাতে কোনেও বিশ্বাস নকৰে। সেই কথা সম্পূৰ্ণ মিছা। তেওঁ প্ৰয়োজনত আইনৰ সহায় ল’ব বুলিও আমাক মৌখিকভাৱে অৱগত কৰে।

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে সেই দাবী মিছা। নাট্যকাৰ,ছবি পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসে এই মন্তব্য কৰা নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। নাট্যকাৰ,ছবি পৰিচালক,অভিনেতা হিমাংশু প্ৰসাদ দাসে এই মন্তব্য কৰা নাই।    

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

 যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:হিমাংশু প্ৰদাস দাসে এই মন্তব্য কৰা নাই। দাবীটো মিছা। 

Fact Check By: Pranjal Sharma  

Result: False