ৰাহুল গান্ধীয়ে পিন্ধি থকা চোলাটোত আচলতে “আই লাভ ৱায়নাড” বুলিহে লিখা আছিল।

Altered Social

শেহতীয়াভাবে অসমৰ এটা ফেচবুক একাউণ্টৰ পৰা এখন ফটো শ্বেয়াৰ কৰা হৈছে, য’ত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে আই লাভ নফৰট কী দুকান বুলি লিখা এটা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছে। ৰাহুল গান্ধীয়ে সেই চোলাটো পিন্ধা বুলি দাবী কৰা পোষ্টটোত লিখা হৈছে- নফৰট কী দুকান। হিংসাৰ দোকান ভালপায় বোলে ৰাহুল গান্ধীয়ে…

https://lh7-rt.googleusercontent.com/docsz/AD_4nXezWKtAJuDS1fE3FzRK5DkMfQXXyDywm5bI74HedXHY1IrDe-jTc3PhgdiOPSobFAUzIggPjVOFn_m8pEN4f1SXTRyfzGgLBYy2Rq-9qyvFEm-IVu-uB_5TcWCQC3N3TCTa6caTHQ?key=v6hmoMUd0ED6I8QgHf_o2MWg

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভনীতে আমি সেই ফটোখন ৰিভাৰ্ছ ইমেজ চাৰ্চ কৰি চালোঁ। ইয়াৰ ফলত আমি কংগ্ৰেছৰ অফিচিয়েল এক্স হেণ্ডেলৰ টুইট এটা পালোঁ। তাত ভাইৰেল ফটোখনৰ সৈতে মিল থকা এখন ফটো ২০২৪ চনৰ ১১ নৱেম্বৰত আপলোড কৰা হৈছিল।কিন্তু, এই ফটোখনত ৰাহুল গান্ধীৰ টি-চাৰ্টৰ পিছফালে লিখা আছিল, “আই লাভ ৱায়নাড”(I love Wayanad)।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfGn-hYOchn_eelZNMxVPj8AXmkuHscgVOVbbTV0LhCPFdniUTvVPSdB3aIClBMPxI6uAt1PD_S3Yhe6laVK9XNW_L5Gz8Zjl466LIZjVTZwVWt9x_kPisc1OQB0xrvFmvayee3RA?key=v6hmoMUd0ED6I8QgHf_o2MWg

X Link | Archived Link.

অনুসন্ধান আগুৱাই নিয়াত আমি ২০২৪ চনৰ ১১ নৱেম্বৰত কংগ্ৰেছৰ অফিচিয়েল ইউটিউব চেনেলত আপলোড কৰা এক সমাৱেশৰ ভিডিঅ’ পালোঁ। ভিডিঅ’টোৰ বৰ্ণনা অনুসৰি ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীয়ে ৱায়নাডত এক যৌথ ৰোডশ্ব’ত অংশগ্ৰহণ কৰিছিল। এই ভিডিঅ’টোত ৰাহুল গান্ধীয়ে “আই লাভ ৱায়নাড” বুলি লিখা টি-চাৰ্ট পিন্ধি থকা দেখা গৈছিল।

ভাইৰেল ফটোখন আৰু মূল ফটোখনৰ তুলনা তলত দিয়া হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc6_hPrTv6RaKz5LnL-4VGFolmFZ73xLQHtiyBwiNQrYCokP8WQdEmXYdgCX8vfv-IpeWYvc7T1HwAOvAjYUbUnYnYN54VUwdNva6A4d5JOBS-lgTNA4veepqEXoHADQKB7qXDY?key=v6hmoMUd0ED6I8QgHf_o2MWg

ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত ৰাহুল গান্ধীয়ে পিন্ধিছিল “আই লাভ ৱায়নাড” বুলি লিখা এটা টি-চাৰ্ট।

উল্লেখযোগ্য যে ২০২৪ চনৰ লোকসভা নিৰ্বাচনত ৰাহুল গান্ধীয়ে ৰায়ে বৰেলী আৰু ৱায়নাদ নামৰ দুখন আসনৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিছিল। দুয়োখন আসনত তেওঁ জয়লাভ কৰে। পিছত তেওঁ ৱায়নাদৰ আসনৰ পৰা পদত্যাগ কৰে আৰু তেওঁৰ ভগ্নী প্ৰিয়ংকা গান্ধীয়ে এই আসনৰ বাবে উপ-নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰে। ভাইৰেল ফটোখন ৱায়নাডৰ নিৰ্বাচনী সমাৱেশৰ, যিখন সম্পাদনা কৰি ভাইৰেল কৰা হৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো অসত্য। ভাইৰেল ফটোখন সম্পাদনা কৰা হৈছে। মূল ফটোখনত ৰাহুল গান্ধীয়ে পিন্ধিছিল “আই লাভ ৱায়নাড” বুলি লিখা এটা টি-চাৰ্ট। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ৰাহুল গান্ধীয়ে পিন্ধি থকা চোলাটোত আচলতে “আই লাভ ৱায়নাড” বুলিহে লিখা আছিল।

Fact Check By: Pranjal Sharma 

Result: Altered

Leave a Reply

Your email address will not be published. Required fields are marked *