
১০ চেপ্তেম্বৰ ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেয়া নেপালৰ শেহতীয়া পৰিস্থিতিৰ এটা দৃশ্য বুলি দাবী কৰিছে। নেপালত প্ৰতিবাদকাৰীয়ে ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা ধন উদ্ধাৰ কৰি আনি ৰাইজৰ মাজত বিলাই দিয়া বুলি দাবী কৰিছে। । পোষ্টটোত লিখিছে এইদৰেঃ নেপালৰ ভ্ৰষ্ট ৰাজনৈতিক নেতাৰ ঘৰৰ পৰা উদ্ধাৰ কৰি অনা অবৈধ ধন জনতাৰ মাজত বিলাই দিছে প্ৰতিবাদী যুৱক সকলে…

কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তাত ইণ্ডোনেছিয়ান ভাষাত টেক্স্ট ওভাৰলে’ (Text Overlay) কৰি দুটাকৈ বাক্য লিখা হৈছে। প্ৰথম বাক্যটো হৈছে -Abang Ini Baik Kali Bagi Duit Pakai Duit Ahmad Sahroni। আমি এই বাক্যটো অনুবাদ কৰি চালোঁ। তেতিয়া অৰ্থ হিচাপে আমি পালোঁ- এই ভাইটিজন দয়ালু, আহমদ ছাহৰনীৰ টকা ভাগ-বতৰা কৰিছে। দ্বিতীয় বাক্যটো আছিল- Keitika berangkas Sahroni di buka Begitu banyak duit। তাৰ অৰ্থ হৈছে- যোৱাৰ সময়ত ছাহৰণীয়ে এৰি গ’ল ইমান টকা।

বাক্য দুটা ইণ্ডোনেছিয়ান ভাষাত লিখা আছিল আৰু আহমদ ছাহৰণী হৈছে ইণ্ডোনেছিয়াৰ এগৰাকী ৰাজনৈতিক নেতা। তেওঁ নাছডেম পাৰ্টীৰ এজন নেতা আৰু তেওঁ জাকাৰ্টা ৩ সমষ্টিৰ পৰা ২০১৪চনৰ পৰা শেহতীয়াকৈ ২০২৫ত ক্ষমতাচ্যুত হোৱা পৰ্যন্ত হাউছ অৱ ৰেপ্ৰেজেণ্টেটিভলৈ নিৰ্বাচিত হৈ আহিছিল।

তদুপৰি ভিডিঅ’টোত যুৱকজনে যি ধন বা নোট বিলাই আছিল, সেইবোৰ হৈছে ইণ্ডোনেছিয়ান ৰুপিয়াহ।

ইয়াৰ পৰা আমি ধাৰণা কৰিলোঁ যে ভিডিঅ’টো নেপালৰ নহৈ ইণ্ডোনেছিয়াৰ হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ সত্যাসত্য উদ্ধাৰ কৰাৰ মানসেৰে আমি ভিডিঅ’টোৰ স্ক্ৰীণশ্বটৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক লিংক লাভ কৰিলোঁ। বিভিন্ন সামাজিক মাধ্যমত এই ভিডিঅ’টো নেপালকাণ্ডৰ পূৰ্বেই আপলোড কৰি থোৱা দেখিলোঁ। তাৰে ভিতৰত প্ৰথমটো লিংকৰ কথা ক’ব বিচাৰিছোঁ। এক্সত যোৱা ৩১ আগষ্ট ২০২৫ত এই ভিডিঅ’টোৰ সৈতে আৰু এটা ভিডিঅ’ আপলোড কৰি এটা টুইট কৰা হৈছিল। তাত ইণ্ডোনেছিয়ান ভাষাত লিখা কেপছনটোৰ অৰ্থ হৈছে ছাহৰণীৰ চন্দুকটো ভাঙি ধনবোৰ বিলাই দিয়া হৈছে। যিহেতু নেপালত জনতাৰ প্ৰতিবাদ ৮ ছেপ্তেম্বৰ ২০২৫ত আৰম্ভ হৈছিল, গতিকে এই ভিডিঅ’টো তাৰ আগৰে বুলি আমি পতিয়ন গ’লোঁ।

ইয়াৰ পাছত আমি ৩১ আগষ্ট ২০২৫ত Wahyu Satria S নামৰ এগৰাকী ইণ্ডোনেছিয়ান নাগৰিকৰ এটি ফেচবুক একাউণ্টত এই ভিডিঅ’টো আপলোড কৰি থোৱা দেখিলোঁ। ভিডিঅ’টোত থকা টেক্স্ট ওভাৰলে’(Text Overlay) দুটাৰ প্ৰথমটোৰ অৰ্থ হৈছে মানুহে হৃদয়ত আঘাত পালে এনেকুৱাই হয় আৰু দ্বিতীয়টোৰ অৰ্থ হৈছে ছাহৰণীৰ চন্দুক খুলি ইমান টকা পোৱা গৈছে।

আনহাতে ৩১ আগষ্টতে ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰি ইণ্ডোনেছিয়াৰ প্ৰাক্তন বিত্তমন্ত্ৰী আহমদ ছাহৰণীৰ ঘৰৰ চন্দুক ভাঙি জনতাই সেই ধন বিলাই লোৱা বুলি উল্লেখ কৰা হৈছে।

এইবাৰ আমি ইণ্ডোনেছিয়াৰ মন্ত্ৰী আহমদ ছাহৰণীৰ ঘৰ লুট কৰা সম্পৰ্কত কোনো বাতৰি আছে নেকি তাৰেই সন্ধান কৰিলোঁ। তেতিয়া আমি একাধিক বাতৰি লাভ কৰিলোঁ। তাত উল্লেখ কৰা হৈছে যে আহমদ ছাহৰোণীৰ ঘৰ উত্তেজিত জনতাই লণ্ডভণ্ড কৰাৰ লগতে মূল্যবান সামগ্ৰী তথা ধন লুট কৰি লৈ যায়। সেই বাতৰি ইয়াত আৰু ইয়াত চাব পাৰিব। ইয়াৰ কাৰণ সন্ধান কৰি আমি জানিব পাৰিলোঁ যে যোৱা ২৫ আগষ্ট ২০২৫ত ইণ্ডোনেছিয়াত প্ৰতিবাদ আৰম্ভ হয়। এই প্ৰতিবাদৰ মূল কাৰণ আছিল সাংসদসকলে লাভ কৰি অহা হাউচিং চাবছিডিৰ হাৰ বৃদ্ধি। সাংসদসকলে গৃহ বানচ হিচাপে যি ধন লাভ কৰে তাৰ হাৰ বৃদ্ধি কৰাৰ প্ৰস্তাৱ গ্ৰহণ কৰাৰ পাছত ইয়াৰ বিৰোধত ৰাইজে প্ৰতিবাদ আৰম্ভ কৰে। সাধাৰণ জনতাৰ জীৱন ধাৰণৰ মান নিম্ন হৈ থকাৰ সময়ত এই হাৰ বৃদ্ধিয়ে ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি কৰে। তেনে পৰিপ্ৰেক্ষিতত তদানীন্তন বিত্তমন্ত্ৰী আহমদ ছাহৰণীনে ইয়াৰ বিৰোধ কৰা জনতাত ‘তোলল’ অৰ্থাত মূৰ্খ বুলি আখ্যা দিয়ে। তেওঁৰ এই মন্তব্যই বিতৰ্কৰ সৃষ্টি কৰে । কিন্তু তেওঁ তাৰ বাবে ক্ষমা নিবিচাৰে। ক্ৰমাগতভাৱে ৰাইজৰ প্ৰতিবাদ ইমানেই উত্তাল হৈ পৰে যে ১ ছেপ্তেম্বৰৰ পৰা কাৰ্যকৰী হোৱাকৈ আহমদ ছাহৰণীক মন্ত্ৰীসভাৰ পৰা বহিস্কাৰ কৰে চৰকাৰে। তেতিয়াই উত্তেজিত জনতাই তেওঁৰ ঘৰত প্ৰৱেশ কৰি এইদৰে লুটপাত কৰে। আৰু আমি সত্যতা নিৰূপণ কৰি থকা ভিডিঅ’টোও সেই সময়ৰে, যেতিয়া জনতাই তেওঁৰ চন্দুক ভাঙি সাচতীয়া ধনবোৰ সকলোৰে মাজত বিলাই দিয়ে।
ইয়াৰ লগে লগে আমিও এই সিদ্ধান্তত উপনীত হওঁ যে যিটো ভিডিঅ’ নেপালৰ দুৰ্নীতিগ্ৰস্থ ৰাজনৈতিক নেতাৰ ধন ৰাইজৰ মাজত বিলাই দিয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ইণ্ডোনেছিয়াৰ এগৰাকী মন্ত্ৰীৰ ঘৰত ৰাইজে চলোৱা উপদ্ৰৱৰ সময়ৰহে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা। যিটো ভিডিঅ’ নেপালৰ ৰাজনৈতিক নেতাৰ ধন বিলাই দিয়া বুলি দাবী কৰি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ইণ্ডোনেছিয়াৰ এগৰাকী মন্ত্ৰীৰ ঘৰত ৰাইজে চলোৱা উপদ্ৰৱৰ সময়ৰহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:এইটো ভিডিঅ’ৰ নেপালৰ সৈতে কোনো সম্পৰ্ক নাই। ইণ্ডোনেছিয়াৰ ভিডিঅ’হে এইটো।
Fact Check By: Pranjal SharmaResult: False
