
শেহতীয়াকৈ অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি সেইটো সাংবাদিক অঞ্জনা ওম কাশ্যপে দিয়া এক ৰাজহুৱা ভাষণ বুলি দাবী কৰিছে। ভিডিঅ’টোত অঞ্জনা ওম কাশ্যপে নিজৰ কৰ্মৰ বাবে খেদ প্ৰকাশ কৰা শুনা গৈছে। তেওঁ আনকি ৰাইজৰ কণ্ঠৰ হোৱাৰ পৰিৱৰ্তে শাসকীয় পক্ষৰ মুখপাত্ৰ হোৱাৰ বাবে ক্ষমা খোজাও শুনা গৈছে। সাংবাদিকগৰাকীয়ে শাসকীয় পক্ষৰ এংকৰ হিচাপে কাম কৰাটো পৰিত্যাগ কৰা বুলি ঘোষণা কৰা বুলি দাবী কৰি পোষ্টটোত লিখা হৈছে-
গোদী মিডিয়াৰ গোদী এংকৰ বুলি পৰিচিত অঞ্জনা ওম কাশ্যপে অৱশেষত গোদী এংকৰ উপাধিটো পৰিত্যাগ কৰা বুলি ৰাজহুৱাকৈ ঘোষণা কৰিলে
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰোতে মন কৰিলোঁ যে ভিডিঅ’টোত সাংবাদিক অঞ্জনা ওম কাশ্যপে কৈ থকা কথাৰ সৈতে কোনো কোনো অংশত তেওঁৰ ওঁঠৰ মিল নাই। প্ৰাৰম্ভিকভাৱে আমি সেই ভিডিঅ’টো ডিজিটেলী সম্পাদনা কৰা বুলি অনুমান কৰিলোঁ। ইয়াৰ পাছতেই আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ আৰু তেতিয়া ইনষ্টাগ্ৰাম তথা ইউটিউৱত একাধিক ভিডিঅ’ পালোঁ। আমি লাভ কৰা ভিডিঅ’কেইটাত সাংবাদিক অঞ্জনা ওম কাশ্যপে ভাইৰেল ভিডিঅ’টোত পিন্ধি থকা সাজ পোচাক তথা অলংকাৰৰ হুবহু মিল দেখিলোঁ। লগতে কেমেৰাৰ এংগলৰো মিল দেখিলোঁ।
ইনষ্টাগ্ৰামত ২০২৪চনৰ ৪ অক্টোবৰত bihar_vibes নামৰ হেণ্ডেল এটাৰ পৰা My Journey from Bihar to Achieving My Dreams Anjana Om Kashyap শীৰ্ষকেৰে অঞ্জনা ওম কাশ্যপৰ এটা ভাষণ আপলোড কৰা আমি দেখিলোঁ।
তদুপৰি আমি অঞ্জনা ওম কাশ্যপ নামৰ এটা আনভেৰিফাইড ইউটিউৱ চেনেলত একেই সাজ পোচাক আৰু একেই কেমেৰা এংগলেৰে এই ভিডিঅ’টোৰ এটা অংশ ২০২৩ৰ ১৫ ডিচেম্বৰত मैं बिहारी हूं, Anjana Om Kashyap নামেৰে আপলোড কৰি থোৱা আমি দেখিলোঁ।
এইবাৰ আমি অঞ্জনা ওম কাশ্যপৰ নিজৰ ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেলত তেওঁ দিয়া সেই ভাষণটো ২০২৩ চনৰ ১৬ অক্টোবৰত “आज आपके सामने मैं एक बिहारी खड़ी हूं…” কেপছনেৰে আপলোড কৰি থোৱা দেখিলোঁ। তাত হেশ্বটেগ দি #BiharMeetInDubai বুলি লিখা আমি দেখিলোঁ।
তাৰ পাছতেই আমি অঞ্জনা ওম কাশ্যপৰ ভেৰিফাইড ইউটিউৱ চেনেলটোত ১৭ অক্টোবৰ ২০২৩ত তেওঁ দিয়া সম্পূৰ্ণ ভাষণটো পালোঁ। ইয়াতো কেপছন হিচাপে “आज आपके सामने मैं एक बिहारी खड़ी हूं…” বুলি লিখা আছিল। তদুপৰি ইয়াতো হেশ্বটেগ দি #BiharMeetInDubai আৰু #IPFBiharChapterInDubai বুলি লিখা আমি দেখিলোঁ।
অঞ্জনা ওম কাশ্যপৰ ভেৰিফাইড ইনষ্টাগ্ৰাম হেণ্ডেল আৰু ইউটিউৱ চেনেলত ভাইৰেল ভিডিঅ’টোৰ সৈতে হুবহু সাদৃশ্য থকা তেওঁৰ ভাষণটোৰ ভিডিঅ’ত তেওঁ লিখা হেশ্বটেগৰ ভিত্তিত আমি কী-ৱৰ্ড ছাৰ্চ কৰোতে জানিব পাৰিলোঁ যে ২০২৩চনৰ অক্টোবৰ মাহত Indian People’s Forum(IPF)এ ডুবাইত Jashn-E-Bihar নামেৰে এখন সন্মিলন আয়োজন কৰিছিল। তাত বিহাৰকন্যা অঞ্জনা ওম কাশ্যপো আমন্ত্ৰিত হৈছিল আৰু তাতেই তেওঁ এই ভাষণটো প্ৰদান কৰিছিল। তেওঁ বিহাৰৰ পৰা ওলাই আহি কিদৰে এগৰাকী সাংবাদিক হিচাপে নিজকে প্ৰতিষ্ঠিত কৰিলে, সেই জীৱনযাত্ৰাৰ কথা তেওঁ তাত উল্লেখ কৰিছিল। আমি ইণ্ডিয়ান পিপলছ ফোৰামৰ ফেচবুক পেজত ১৩ অক্টোবৰ ২০২৩ত আপলোড কৰা সেই অনুষ্ঠানটোৰ ভিডিঅ’ লাভ কৰিলোঁ আৰু তাতো অঞ্জনা ওম কাশ্যপক দেখিলোঁ, লগতে অনুৰূপ ধৰণে তেওঁ ভাষণ দি থকা দৃশ্যও দেখিলোঁ। একেই সাজ পোচাক, একেই ভংগি তথা একেই অলংকাৰ পিন্ধি থকা আমি দেখিলোঁ।
লগতে biharuncensored নামৰ ইনষ্টাগ্ৰাম হেণ্ডেলটোত ডুবাইত আয়োজিত ২০২৩ৰ জশ্বন-এ-বিহাৰ অনুষ্ঠানত অঞ্জনা ওম কাশ্যপে অংশ লৈ ভাষণ প্ৰদান কৰা সেই একেটা ভিডিঅ’ আমি দেখিলোঁ। কেপছনত লিখা হৈছে-Anjana Om Kashyap’s speech at IPF, in Dubai. As a proud Bihari Anjana also delivers beautiful lines (poem) and presents Bihar.
আমি লাভ কৰা প্ৰতিটো ভিডিঅ’তেই অঞ্জনা ওম কাশ্যপে দিয়া সেই বিশেষ ভাষণটো অথবা ভাষণটোৰ কিয়দশং আমি দেখিলোঁ। একেই সাজ পোচাক তথা অলংকাৰ আৰু একেই কেমেৰা এংগল।
সদৌ শেষত আমি অসমৰ ফেচবুক ব্যৱহাৰকাৰীগৰাকীয়ে দাবী কৰা ধৰণে সাংবাদিক অঞ্জনা ওম কাশ্যপে এইদৰে খেদ প্ৰকাশ কৰা বা ক্ষমা খোজা সন্দৰ্ভত কোনো বাতৰি লাভ কৰোঁ নেকি, তাৰেই সন্ধান কৰিলোঁ। কিন্তু দেশৰ কোনো সংবাদ প্ৰতিষ্ঠানতেই তেনেকুৱা কোনো বাতৰি আমি লাভ নকৰিলোঁ।
ইয়াৰ পৰায়ে আমি নিশ্চিত হৈছোঁ যে ২০২৩ত ডুবাইত আয়োজিত জশ্বন-এ-বিহাৰ অনুষ্ঠানত অঞ্জনা ওম কাশ্যপে দিয়া ভাষণটোৰ দৃশ্যৰ সৈতে তেওঁৰ কণ্ঠ ডিজিটেলী সম্পাদনা কৰি সলনি কৰি লৈ ভাইৰেল ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে। প্ৰকৃততে দাবী কৰা ধৰণে তেওঁ তেনেকুৱা কোনো ভাষণেই প্ৰদান কৰা নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে দাবীটো মিছা তথা ভিডিঅ’টো সম্পাদিত। ২০২৩ত ডুবাইত আয়োজিত জশ্বন-এ-বিহাৰ অনুষ্ঠানত অঞ্জনা ওম কাশ্যপে দিয়া ভাষণটোৰ দৃশ্যৰ সৈতে তেওঁৰ কণ্ঠ ডিজিটেলী সম্পাদনা কৰি সলনি কৰি লৈ ভাইৰেল ভিডিঅ’টো প্ৰস্তুত কৰা হৈছে। প্ৰকৃততে দাবী কৰা ধৰণে তেওঁ তেনেকুৱা কোনো ভাষণেই প্ৰদান কৰা নাই।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:ডিজিটেলী সম্পাদনা কৰা ভিডিঅ’ৰে সাংবাদিক অঞ্জনা ওম কাশ্যপে শাসকীয় পক্ষৰ হৈ কথা কোৱাৰ বাবে ক্ষমা খোজা বুলি মিছাকৈ প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Altered
