জেছিকা ৰেডক্লিফ নামৰ ট্ৰেইনাৰ গৰাকীক ওৰ্কাই হত্যা কৰা ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা 

False Social

শেহতীয়াকৈ অসমৰ বহু কেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে আমেৰিকাৰ জেছিকা নামৰ যুৱতী এগৰাকীক তেওঁৰ দ্বাৰাই প্ৰশিক্ষিত এটি ওৰ্কা তিমিয়ে হত্যা কৰিছে। ইতিমধ্যেই আমাৰ দেশৰ অন্য প্ৰান্তৰ লগতে বিশ্বৰ বিভিন্ন স্থানতো সেই দাবীটো চৰ্চিত হোৱা আমাৰ চকুত পৰিছে। জেছিকা ৰেডক্লিফ নামৰ এগৰাকী ট্ৰেইনাৰক এটি মনোৰঞ্জনমূলক অনুষ্ঠানৰ মাজতে তেওঁৰেই মৰমৰ পোহনীয়া ওৰ্কাটোৱে খাই পেলোৱা বুলি এটা বৰ্তা সামাজিক মাধ্যমত বাৰুকৈয়ে প্ৰচাৰ হোৱা দেখা গৈছে। আমাৰ অসমৰ ফেচবুকতো আমি তেনেকুৱা কেইবাটাও পোষ্ট লাভ কৰিলোঁ। সেই পোষ্টসমূহ বহুল পৰিমানে শ্বেয়াৰ হোৱা দেখা গৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe7XgU3qhNFdN7auc8iCshUOdhY5SqGYy9gbPt_0hvBhD-atG74ppd536dKGoQx2v4f4LL5c9JsWY18LUFffcQcMAj9TlspK3rJmjjw7KLm38E3ZUzK_DomFQWLlEIqL7zi9OOAtQ?key=4MQOmrbs8VL55X3egW-MmA

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXezYEN_6ZoriDqNxSJ_-RLkrUEnfqzswhLPw-DOZes36U8ezekuqLXQn35OlAr4KNn9v9FvQD57Faqwwh3hXJg_u8l-jnwP86eN4OSRJI_jUJosCCh3B3fweTDSHFWh1gtsKQ0h?key=4MQOmrbs8VL55X3egW-MmA

Facebook Link Archived Link 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeMymoCgq5X9AS51rpEMOLS61Jom61H7tKy_wipJsoIztkDZpf4dHDESQvNEKqLDNpuH24JeNIqLWvzBmPaTesrFDOM3hgmK64J5r-3mU3Mj-JBJ82we4IZe5bxRBvSIn93J44Zdg?key=4MQOmrbs8VL55X3egW-MmA

Facebook Link Archived Link

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf-stN_5coxbOoP_F8nWBJ1y0QK18YSGdEG5T3CLSPVtcIbq_ARAi1dKWD-B3hkGg-PbEV2G_s-rSESXGoZjJp6VK1oCLBY7oLpOgOjuEbVKl7fVVAiFjEPaLzi83bL5e6gtJDC3Q?key=4MQOmrbs8VL55X3egW-MmA

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি ভিডিঅ’টো ভালকৈ পৰ্যবেক্ষণ কৰি দেখিলোঁ যে তাত এনেকুৱা কিছুমান বিসংগতি আছে যিবোৰ সাধাৰণতে কেমেৰাৰে লোৱা দৃশ্যত নাথাকে। বিশেষকৈ তাত দেখা মানুহবোৰৰ মুখাৱয়ব,চৌপাশটো, তাত দেখা গাড়ীকেইখনৰ লগতে যিটো ওৰ্কা দেখা গৈছে সেইটো আৰু জেছিকা বুলি যাক দেখুওৱা হৈছে তেওঁৰ শাৰীৰিক গঠন। সাধাৰণতে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা ফটো বা ভিডিঅ’ৰ ক্ষেত্ৰত যিধৰণৰ মসৃণতা দেখা যায়, সেয়া এই ভিডিঅ’টোতো আমি লক্ষ্য কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc_XeLrsprQD33pCTu4sHN2Rz-2mf8_XLHF__xeYN3NEOdNLV_41quxk3NppW-Oy5PDWCo8l-hXswm3DnY0Yb88tPmYI_5J6o7M5_KOGLqHLakbwS1343_Xy8dwU7x9_muNV8eY-Q?key=4MQOmrbs8VL55X3egW-MmA
https://lh7-rt.googleusercontent.com/docsz/AD_4nXc5rPHNz-NLiuXL9i1i431z1SdcEoYo3Udypok_qhuXy3EqBmRTVJmtmHTHRkus0qWR5gW7VJuqgUftV7XsYMqkff3yaZn0f_Hj4RmE_0VDrXDwTyot7lcSsC_kqcOoaaFNY6-xBw?key=4MQOmrbs8VL55X3egW-MmA

সেইবাবেই প্ৰথমে আমি সেয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা হয় নেকি, তাৰে পৰীক্ষা কৰিবৰ বাবে একাধিক AI Detector Tool ব্যৱহাৰ কৰি চালোঁ। Hive Moderation ৰ মতে ইয়াৰ কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰাৰ সম্ভাৱনা ৭৭.৬ শতাংশ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc5LnsAAUOZ_op_Ohf00KhFuG5KHMSbXtYAeeHK12sjIbAU1K6AQGVFj4QoLXzOLkErtJL37aIC05e6y3_KpCyGc8bec-i_QQY7aIQsRftze4anIZVbxeNQEZyRK2TzEiltSh8FXw?key=4MQOmrbs8VL55X3egW-MmA

তদুপৰি wasit AIৰ মতে এয়া ১০০ শতাংশয়ে কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বা AI Generated.

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdEXLJ2yYG-RIkkKN09JKTGlXj4wn_q0v1IdAscH2mujiQFlSdXJsnT6g1kmm_3icypmFQnZ4aQzFyKCIBljdO31kqxEMlrwfOb34XvWG2D_RoBgSOjhYLaELCPBrTJp-sKH63z7w?key=4MQOmrbs8VL55X3egW-MmA

ইয়াতেই ক্ষান্ত নাথাকি আমি এই সন্দৰ্ভত অধিক সন্ধান কৰোতে কিছুমান ভিডিঅ’ লাভ কৰিলোঁ। সেই ভিডিঅ”সমূহৰ মতে এই খবৰটো মিছা। আমেৰিকাত জেছিকা ৰেডক্লিফ বুলি কোনো মহিলা ট্ৰেইনাৰক তেওঁৰদ্বাৰাই প্ৰশিক্ষিত ওৰ্কাই প্ৰদৰ্শনীৰ মাজতে হত্যা কৰা নাই। তেনেকুৱা ফেচবুক ভিডিঅ’ আৰু ইনষ্টাগ্ৰাম ভিডিঅ’ আমি লাভ কৰিলোঁ। সেই ভিডিঅ’বোৰত এই দৃশ্যটো কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা বুলি কোৱা হৈছে। তদুপৰি ২০১০ চনতে সংঘটিত এনেকুৱা এটা ঘটনাৰ উল্লেখ কৰা হৈছে। জেছিকাৰ কাহিনীটো উৰা-বাতৰি আখ্যা দিয়া হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcFLzjA4qsPvWLgnkAUXK_WZAdoLxW9kFtIHQxdMcZvxG5o6TtrlwkNE7UrS4yvkG3N95gkIUzLR3auVMrEjRF-K3SuEWDAoZJRRa077j_ToyQu_3TcsEFU9LOiHgO4ViUEyAyz?key=4MQOmrbs8VL55X3egW-MmA

এই সন্দৰ্ভত আমি বিভিন্ন প্ৰতিষ্ঠিত সংবাদ মাধ্যমত বাতৰি লাভ কৰিলোঁ। সেই বাতৰিসমূহত প্ৰকাশ কৰা হৈছে যে এয়া এক উৰা-বাতৰিহে। Times Of Indiaৰ বাতৰিত প্ৰকাশ যে জেছিকা ৰেডক্লিফ নামৰ কোনো ট্ৰেইনাৰৰ অস্তিত্বৰ উমান পোৱা হোৱা নাই। বিভিন্ন সত্যতা নিৰূপক সংস্থাই তেনেকুৱা কোনো ঘটনাৰ সন্ধান লাভ কৰা নাই। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdnXhAthTsOS9RMT0SPLF0sCdyDHLkOOMfZCaP6bHDLIpjY9B3XwjehiAy2yvvPdmzAuI8thnhfhUXFqojv5SCsSu2_u3zxa5ag5tVXVxLrs4ZtUJcNQZdAqUmWV71IKRO87dm3?key=4MQOmrbs8VL55X3egW-MmA

Economic Timesৰ বাতৰি মতে ভাইৰেল ভিডিঅ’ত দাবী কৰা হৈছে যে জেচিকা ৰেডক্লিফ নামৰ এগৰাকী মেৰিন প্ৰশিক্ষকক ওৰ্কাই হত্যা কৰিছিল যদিও সমগ্ৰ কাহিনীটো ভুৱা। ফুটেজটোত এআই আৰু মেনিপুলেটেড ক্লিপ ব্যৱহাৰ কৰি ভুৱা আখ্যান সৃষ্টি কৰা হৈছে। প্ৰশিক্ষকৰ ওপৰত প্ৰকৃত ওৰ্কা আক্ৰমণ সংঘটিত হৈছে যদিও কোনোটোৱেই ৰেডক্লিফৰ সৈতে জড়িত নহয়। ভিডিঅ’টোৰ জনপ্ৰিয়তাই উন্মোচন কৰে যে কেনেকৈ মানুহৰ প্ৰবৃত্তি আৰু ছ’চিয়েল মিডিয়াৰ এলগৰিদমে চাঞ্চল্যকৰ ভুল তথ্য বিয়পাই দিয়ে, যিয়ে এই ডিজিটেল যুগত সকলো তথ্য সযতনে নিৰীক্ষণ কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্বৰ কথা প্ৰকাশ কৰে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfFx6G6G8utGK64s3W0dfhVZAcKUoMy-D_ET28Jfxyx1zvCl6bNA97UZEaANVFiLgpyNtYPq-9Phaym0T2IUjMb5NZwRkSJyFB9MRLUiOOtUt1B6xh9XgJNxIbG6Ld0q_f32Ns_7w?key=4MQOmrbs8VL55X3egW-MmA

আনহাতে Hindustan Timesৰ বাতৰিত পূৰ্বতে ঘটা এইধৰণৰ ঘটনাৰ কথা উল্লেখ কৰি লিখা হৈছে এই যে  ওৰ্কাৰ আক্ৰমণৰ এই খবৰ ভুৱা হ’লেও অতীতত এনেকুৱাও ঘটনা ঘটিছে, য’ত প্ৰশিক্ষকক ওৰ্কাই হত্যা কৰিছে – বিশেষকৈ ডন ব্ৰাঞ্চ’ৰ ঘটনাটো। ২০১০ চনত অৰলেণ্ডোত ছিৱৰ্ল্ড শ্ব’ পৰিৱেশন কৰি থকাৰ সময়তে জ্যেষ্ঠ প্ৰশিক্ষকগৰাকীক ওৰ্কা টিলিকুমে হত্যা কৰিছিল। ডনৰ মৃত্যুৱে ২০১৩ চনত ‘ব্লেকফিছ’ নামৰ তথ্যচিত্ৰখনৰ বিষয়বস্তু হৈ পৰিছিল, য’ত ডাঙৰ স্তন্যপায়ী প্ৰাণীক বন্দী কৰি ৰখাৰ নৈতিকতাৰ বিষয়টো আলোচনা কৰা হৈছিল। দুৰ্ঘটনাৰ এবছৰৰ আগতে স্পেনিছ প্ৰশিক্ষক এলেক্সিছ মাৰ্টিনেজৰ আখৰাৰ সময়ত ওৰ্কা কেট’ই খুন্দা মৰাৰ ফলত মৃত্যু হৈছিল। ১৯৯১ চনত কানাডাৰ এজন প্ৰশিক্ষককো তিনিটা ওৰ্কাই পানীৰ তললৈ টানি নিয়াৰ ফলত মৃত্যু হৈছিল। এইদৰে সম্প্ৰতি ভাইৰেল হৈ পৰা ক্লিপবোৰে ‘জেচিকা ৰেডক্লিফ’ৰ মৃত্যুক সঁচা বুলি প্ৰমাণ কৰিবলৈ বাস্তৱ জগতৰ বিভিন্ন ঘটনাৰ ওপৰত নিৰ্ভৰ কৰিলেও এনে আক্ৰমণ সংঘটিত হোৱা বা জেচিকা ৰেডক্লিফ নামৰ কোনো মেৰিন ট্ৰেইনাৰৰ অস্তিত্বৰ কোনো প্ৰমাণ নাই! 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXccbKd3POlJ_UI0mbbzphKauZZte3IU82QxuN4n5vC-aKuuCXoDw7YVxZzTb7Qopcz0yP750ARRYZer8JYFpDEnUcyZjbwQ_0-ybnSQq2wtW102TUCxzWMllkw7ookLgrrXKU4mxw?key=4MQOmrbs8VL55X3egW-MmA

The Mint,ৰ বাতৰিতো একেখিনি কথাকে উল্লেখ কৰি এয়া কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্ট তথা জেছিকা ৰেডক্লিফ নামৰ কোনো ট্ৰেইনাৰ অস্তিত্ব নাই বুলি উল্লেখ কৰা হৈছে। তদুপৰি অনুৰূপ বাতৰি মাতৃভূমি.কমেও প্ৰকাশ কৰিছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcXAsuyaEaBmELJvTJqlWvd7iNnquaHaUr2KmQrjXegv2eInPsi_K_ins_sB2b9m_ImClVj_GQvFua30hEwZ28NfeZQ-OiXF_YvShU11Zc2gIjdwVGKLjPj1aajtHC-m3R-JZyt?key=4MQOmrbs8VL55X3egW-MmA

ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ আমেৰিকাৰ মেৰিণ ট্ৰেইনাৰ জেছিকা ৰেডক্লিফক তেওঁৰেই প্ৰশিক্ষিত ওৰ্কা তিমিটোৱে হত্যা কৰি বুলি প্ৰচাৰ কৰা হৈছে,সেইটো আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা। জেছিকা ৰেডক্লিফ বুলি কোনো ট্ৰেইনাৰৰ অস্তিত্ব নাই তথা তেনেকুৱা কোনো ঘটনা ঘটাও নাই। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ আমেৰিকাৰ মেৰিণ ট্ৰেইনাৰ জেছিকা ৰেডক্লিফক তেওঁৰেই প্ৰশিক্ষিত ওৰ্কা তিমিটোৱে হত্যা কৰি বুলি প্ৰচাৰ কৰা হৈছে,সেইটো আচলতে কৃত্ৰিম বুদ্ধিমত্তাৰেহে সৃষ্টি কৰা। জেছিকা ৰেডক্লিফ বুলি কোনো ট্ৰেইনাৰৰ অস্তিত্ব নাই তথা তেনেকুৱা কোনো ঘটনা ঘটাও নাই। 

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:জেছিকা ৰেডক্লিফ নামৰ ট্ৰেইনাৰ গৰাকীক ওৰ্কাই হত্যা কৰা ভিডিঅ’টো AI Generated অৰ্থাত কৃত্ৰিম বুদ্ধিমত্তাৰে সৃষ্টি কৰা

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *