এয়া জুবিন গাৰ্গ নহয়। ভিডিঅ’টো দুমাহ পুৰণি আৰু এয়া কেৰালাৰ দৃশ্য।

False Social

শেহতীয়াকৈ অসমৰ কেইগৰাকীমান ব্যৱহাৰকাৰীয়ে ইনষ্টাগ্ৰাম আৰু ফেচবুকত কিছুমান ভিডিঅ’ আপলোড কৰি সেইবোৰ জুবিন গাৰ্গৰ দেহাৱসানৰ সময়ৰ বুলি দাবী কৰা দেখা গৈছিল। হাস্পতালৰ পৰা এগৰাকী ৰোগীত এম্বুলেঞ্চেৰে আন এখন হাস্পতাললৈ স্থানান্তৰ কৰা এটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা দেখা গৈছে। সেই দাবীৰে আপলোড কৰা ইনষ্টাগ্ৰাম পোষ্টটোৰ স্ক্ৰীণশ্বট তলত দিয়া হৈছে।  

Instagram Link Archived Link

আনহাতে তলত দিয়া ধৰণে ফেচবুকতো একেটা ভিডিঅ’ আপলোড কৰি সেয়া জুবিন গাৰ্গ বুলি দাবী কৰা হৈছে।

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি ইনষ্টাগ্ৰাম, ইউটিউৱ আদিত একাধিক লিংক লাভ কৰিলোঁ। ১৮ চেপ্তেম্বৰ ২০২৫ত ইনষ্টাগ্ৰামত এই ভিডিঅ’টো এজন ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমি দেখিলোঁ। 

কিন্তু চিংগাপুৰত জুবিন গাৰ্গৰ দেহাৱসান  ঘটিছিল ১৯ চেপ্তেম্বৰ ২০২৫ত। 

অৰ্থাত জুবিন গাৰ্গৰ প্ৰয়াণৰ এদিন পূৰ্বেই আপলোড কৰা হৈছিল। 

১৫ চেপ্তেম্বৰ ২০২৫ত ইউটিউৱতো একেটা ভিডিঅ’ আপলোড কৰা হৈছিল।

তাৰো পূৰ্বে ৩১ আগষ্ট ২০২৫তো একেটা ভিডিঅ’ ইউটিউৱত আপলোড কৰা হৈছিল।

আমাৰ অনুসন্ধানত পোহৰলৈ অহা অনুসৰি এই ভিডিঅ’টোৰ ইণ্টাৰনেটত উপলব্ধ সকলোতকৈ পুৰণি সংস্কৰণটো আপলোড কৰা হৈছি যোৱা ২২জুলাই ২০২৫ত, এটা ইনষ্টাগ্ৰাম হেণ্ডেলত। 

ইয়াৰ পৰা নিশ্চিত হওঁ যে এই ভিডিঅ’টো কোনোপধ্যেই জুবিন গাৰ্গৰ প্ৰয়াণৰ সময়ৰ নহয়। তাতকৈ প্ৰায় দুমাহ পূৰ্বৰে এটা ভিডিঅ’।

ইয়াৰ পাছতেই আমি ভিডিঅ’টোত দেখা এম্বুলেঞ্চখন ভালকৈ পৰ্যবেক্ষণ কৰিলোঁ। ৰোগীগৰাকীক এম্বুলেঞ্চত উঠোৱাৰ সময়ত আমি মন কৰিলোঁ যে ফ্লেশ্বব’ৰ্ডত লিখা গৈছে Karakutty Angamaly বুলি। 

এই দুখন ঠাই আছে কেৰালাত। ঠাই দুখনৰ মাজত দূৰত্ব হৈছে ৪.১ কিলোমিটাৰ।

এম্বুলেঞ্চখন গৈ থাকোতে ফ্লেশ্বব’ৰ্ডত জিলিকি উঠা দেখিলোঁ Apollo Adlux Hospital বুলি। এই হাস্পতালখন আছে কেৰালাৰ কাৰাকুট্টীত। তদুপৰি এম্বুলেঞ্চখনৰ নম্বৰ প্লেটতো আমি KL লিখা দেখিলোঁ।

উল্লেখযোগ্য যে জুবিন গাৰ্গৰ প্ৰয়াণ ঘটিছিল চিংগাপুৰত। তেখেতক চিংগাপুৰ জেনেৰেল হাস্পতালৰ পৰা বিমানৰ জৰিয়তে গুৱাহাটীলৈ অনা হৈছিল। কেৰালা বা অন্য ঠাইলৈ নিয়া হোৱা নাছিল। 

ইয়াৰ লগে লগে আমি নিশ্চিত হৈছোঁ যে যিটো ভিডিঅ’ জুবিন গাৰ্গক হাস্পতালৰ পৰা লৈ যোৱা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে কেৰালাৰ এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ ৰোগী এগৰাকীক লৈ যোৱা ভিডিঅ’ আৰু ভিডিঅ’টো প্ৰায় দুমাহ পুৰণি।  

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ জুবিন গাৰ্গক হাস্পতালৰ পৰা লৈ যোৱা বুলি দাবী কৰি ভাইৰেল কৰা হৈছে, সেইটো আচলতে কেৰালাৰ এখন হাস্পতালৰ পৰা আন এখন হাস্পতাললৈ ৰোগী এগৰাকীক লৈ যোৱা ভিডিঅ’ আৰু ভিডিঅ’টো প্ৰায় দুমাহ পুৰণি।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:এয়া জুবিন গাৰ্গ নহয়। ভিডিঅ’টো দুমাহ পুৰণি আৰু এয়া কেৰালাৰ দৃশ্য।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *