
শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। মাজ সাগৰত দুখন যুঁজাৰু জাহাজৰ কুছকাৱাজৰ দৃশ্য দেখা গৈছে। দাবী কৰা হৈছে যে সেয়া পেহেলগামৰ ঘটনাৰ পাছত ভাৰতীয়া নৌসেনাই INS Vikrant আৰু INS Surat নামৰ দুখন যুদ্ধ জাহাজ পাকিস্তান অভিমুখে ৰাওনা কৰোৱাইছে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক বাতৰি আৰু ইউটিউৱ লিংক লাভ কৰিলোঁ। The Times Of Indiaই ২০২০ চনৰ ৩ নৱেম্বৰত প্ৰকাশ কৰা Malabar naval exercise: Ships carry out anti-submarine warfare ops, cross deck landings in Bay of Bengal শীৰ্ষক বাতৰিটোত অনুসন্ধানকৃত ভিডিঅ’টো আমি দেখিলোঁ। ভাৰতীয় নৌসেনাৰ সৌজন্যত সম্প্ৰচাৰ কৰা ভিডিঅ’ৰ সহিতে সেই বাতৰিটো প্ৰস্তুত কৰা হৈছিল। বাতৰিটো পঢ়ি জানিব পাৰিলোঁ যে ২৪ সংখ্যক মালাবাৰ নৌসেনাৰ অনুশীলনৰ অংশ হিচাপে ছাবমেৰিন বিৰোধী যুদ্ধ অভিযান চলাই থকা জাহাজসমূহে ০৩ নৱেম্বৰত বংগোপ সাগৰত ডেক লেণ্ডিং আৰু নাৱিকতাৰ কৌশল পৰীক্ষা কৰিছিল।ভাৰত, আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ নৌসেনাই ইয়াত অংশগ্ৰহণ কৰিছিল।
৪ নৱেম্বৰ ২০২০ত প্ৰকাশিত আন এক বাতৰিত আমি একেটা ভিডিঅ’ লাভ কৰিলোঁ। সেই বাতৰিটোতো ২৪ সংখ্যক মালাবাৰ অনুশীলনৰ উল্লেখ আমি লাভ কৰিলোঁ। আমি নিশ্চিত হ’লোঁ যে সেই ভিডিঅ’টো এতিয়াৰ নহয়, বৰং ২০২০ চনৰহে।
ভিডিঅ’টোত আমি প্ৰখ্যাত বাতৰি প্ৰতিষ্ঠান ANIৰ ল’গোটো দেখি সেই প্ৰতিষ্ঠানটোত ভিডিঅ’টোৰ সম্ভেদ বিচাৰি তেওঁলোকৰ ইউটিউৱ চেনেল ANI Newsত মূল ভিডিঅ’টো ৩ নৱেম্বৰ ২০২০ত আপলোড কৰি থোৱা ৰূপত লাভ কৰিলোঁ। তাত কেপছন লিখা আছিল Watch: Ships carrying out anti submarine warfare ops, cross deck landings in Bay of Bengal বুলি।
তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হ’লোঁ যে ২০২০ চনৰ ৩ নৱেম্বৰত ভাৰতীয় নৌসেনাকে ধৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ নৌসেনাই অংশ গ্ৰহণ কৰা ২৪ সংখ্যক মালাবাৰ নৌসেনা অনুশীলনৰ ভিডিঅ’ এটাকে শেহতীয়াকৈ পাকিস্তানৰ দিশলৈ গতি কৰা INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। ২০২০ চনৰ ৩ নৱেম্বৰত ভাৰতীয় নৌসেনাকে ধৰি আমেৰিকা, জাপান আৰু অষ্ট্ৰেলিয়াৰ নৌসেনাই অংশ গ্ৰহণ কৰা ২৪ সংখ্যক মালাবাৰ নৌসেনা অনুশীলনৰ ভিডিঅ’ এটাকে শেহতীয়াকৈ পাকিস্তানৰ দিশলৈ গতি কৰা INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২০চনৰ মালাবাৰ নৌসেনা অনুশীলনৰ দৃশ্যকে পাকিস্তানলৈ শেহতীয়াকৈ গতি কৰি INS Vikrant আৰু INS Suratৰ দৃশ্য বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
