
শেহতীয়াভাবে অসমৰ বিভিন্ন হোৱাটছএপ গ্ৰুপ তথা ব্যক্তিগত হোৱাটছএপ নম্বৰলৈ এটা ভিডিঅ’ প্ৰেৰণ কৰি একাংশ ব্যৱহাৰকাৰীয়ে দাবী কৰিছে যে সেয়া ভাৰতীয় ক্ৰিকেট দলে এইবছৰৰ শেহতীয়া হোলীত আনন্দ কৰাৰ দৃশ্য। লিখিছেঃ- টীম ইণ্ডিয়াৰ হোলী চেলিব্ৰেছন। এইবছৰ লগে ভাগে হোলী খেলিলে আটায়ে।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি প্ৰাসংগিক শব্দৰে কীৱৰ্ড ছাৰ্চ কৰিলোঁ। তেতিয়া আমি ২০২৩ চনৰ ৭ মাৰ্চত ইণ্ডিয়া টুডেত প্ৰকাশিত এক প্ৰতিবেদন পালোঁ। প্ৰতিবেদনত ভাইৰেল ভিডিঅ’টোৰ দৰেই এখন ছবি আছিল। প্ৰতিবেদনত লিখা আছিল যে আহমেদাবাদৰ নৰেন্দ্ৰ মোডী ষ্টেডিয়ামৰ ড্ৰেছিং ৰূমত অধিনায়ক ৰোহিত শৰ্মা আৰু বিৰাট কোহলী সমন্বিতে ক্ৰিকেটাৰ সকলে ৰঙৰ উছৱ হোলী উদযাপন কৰে। অনুশীলনৰ পৰা হোটেললৈ উভতি অহাৰ পথতো বাছৰ ভিতৰত তেওঁলোকৰ আনন্দ অব্যাহত থাকে।
শুভমন গীলে ৭ মাৰ্চ মঙলবাৰে টিম বাছৰ ভিতৰৰ টিম ইণ্ডিয়াৰ হোলী উদযাপনৰ ভিডিঅ’ শ্বেয়াৰ কৰে। এহাতত কিট বেগ লৈ বিৰাট কোহলীক ৰঙেৰে তিতি থকা দেখা যায়।
অনুগ্ৰহ কৰি ইয়াত পঢ়ক।
প্ৰতিবেদনত শুভমন গীলৰ ইনষ্টাগ্ৰাম পোষ্টটোও আছিল য’ত তেওঁ ভাইৰেল হোৱা ভিডিঅ’টো আপলোড কৰিছিল।
এবিপি লাইভত প্ৰকাশিত আন এক প্ৰতিবেদন ইয়াত পঢ়িব পাৰিব।
ইয়াৰ পৰা স্পষ্ট হৈ পৰে যে ভাইৰেল ভিডিঅ’টো পুৰণি আৰু এইবাৰৰ হোলী উদযাপনৰ সৈতে কোনো সম্পৰ্ক নাই।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভাইৰেল ভিডিঅ’টো ভাৰতীয় ক্ৰিকেট দলে এইবছৰ বাছৰ ভিতৰত হোলী উদযাপন কৰা দৃশ্য নহয়। সেয়া ২০২৩ চনত আহমেদাবাদত অনুষ্ঠিত হ’বলগীয়া ভাৰত বনাম অষ্ট্ৰেলীয়াৰ চতুৰ্থ টেষ্টৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলে বাছত হোলী উদযাপন কৰা দৃশ্যহে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২৩ চনত ভাৰতীয় ক্ৰিকেট দলে ষ্টেডিয়ামৰ পৰা হোটেললৈ ওভটাৰ পথত বাছত হোলী খেলা দৃশ্য এইবছৰৰ বুলি মিছা দাবীৰে প্ৰচাৰ কৰা হৈছে।
Fact Check By: Pranjal SharmaResult: False
