
শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণত কমেও ২৮ জন লোকৰ প্ৰাণহানি হৈছিল। তাৰ পাছতেই সামাজিক মাধ্যমত বিভিন্ন ভিডিঅ’ ভাইৰেল হৈ পৰিছিল। অতি শেহতীয়াকৈ ভাৰতীয় সেনাই বোমা আৰু গুলীৰে আক্ৰমণ কৰি ধ্বংস কৰা এটা ঘৰৰ ভিডিঅ’ আপলোড কৰি সেয়া পেহেলগাম আক্ৰমণত জৰিত থকা সন্ত্ৰাসবাদীৰ ঘৰ বুলি দাবী কৰি প্ৰচৰা কৰা হৈছে। পেহেলগামৰ প্ৰতিশোধ কল্পে ভাৰতীয় সেনাই এই কাৰ্য কৰা বুলি দাবী কৰা হৈছে। অসমৰ কেইবাটাও সংবাদ পৰিবেশনকাৰী ফেচবুক পেজে সেই ভিডিঅ’টো এই দাবীৰে প্ৰচাৰ কৰিছে। তেনেকুৱা কেইবাটাও পোষ্ট আমাৰ দৃষ্টিগোচৰ হৈছে।
কেৱল ইমানেই নহয় বহুকেইগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এই ভিডিঅ’টো একেই দাবীৰে আপলোড কৰিছে। সেই পোষ্টসমুহ ইয়াত,ইয়াত,ইয়াত ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক ইউটিউৱ আৰু ফেচবুক লিংক লাভ কৰিলোঁ। আজিৰ পৰা প্ৰায় তিনি বছৰ পূৰ্বে অৰ্থাৎ ১২ মে’, ২০২১ত Excelsior News নামৰ সংবাদ পৰিবেশনকাৰী ইউটিউৱ চেনেলটোত সেই ভিডিঅ’টো Kokernag Encounter: Militants Made Abortive Bid To Escape Before Being Killed শীৰ্ষকেৰে আপলোড কৰি থোৱা ৰূপত পালোঁ। ভিডিঅ’টোৰ বৰ্ণনাৰ পৰা সেয়া কোকেৰনাগত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে চলা অভিযানৰ বুলি জানিব পাৰিলোঁ।
ফেচবুকতো একেই দিনটোত একেই বৰ্ণনাৰে সেই ভিডিঅ’টো আপলোড কৰা হৈছিল আজিৰ পৰা তিনি বছৰ পূৰ্বেই। সেয়াও আমি লাভ কৰিলোঁ এই পোষ্টটোত।
ইয়াৰ আঁত ধৰি আমি প্ৰাসাংগিক শব্দেৰে কী-ৱৰ্ড ছাৰ্চ কৰোতে সেই ঘটনাটোৰ সবিশেষ বৰ্ণনা কৰি পৰিবেশন কৰা বাতৰিৰ লিংক লাভ কৰিলোঁ। The Times Of Indiaই কোকেৰনাগৰ সেই এনকাউণ্টাৰ সন্দৰ্ভত পৰিবেশন কৰা বাতৰিটোত সেই ঘটনাটোৰ বিৱৰণ আমি পঢ়িবলৈ পালোঁ।
তদুপৰি INDIA TODAY সেই একেটা ঘটনা সন্দৰ্ভত পৰিবেশন কৰা বাতৰিটোও আমি লাভ কৰিলোঁ। জানিব পাৰিলোঁ যে ২০২১ চনৰ ১১মে’ত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগত ভাৰতীয় সেনাই তিনিগৰাকী লস্কৰ-এ-তৈবাৰ সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰিছিল আৰু ভাইৰেল হোৱা ভিডিঅ’টো সেই এনকাউণ্টাৰৰে হয়।
আমাৰ এই অনুসন্ধানে আমাক যি সিদ্ধান্তত উপনীত কৰোৱাইছে,সেয়া হৈছে যে ২০২১ চনৰ ১১মে’ত জম্মু-কাশ্মীৰৰ অনন্তনাগ জিলাৰ কোকেৰনাগ অঞ্চলত ভাৰতীয় সেনাই তিনি লস্কৰ-এ-তৈবা সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰাৰ সময়ৰ এটা দৃশ্য শেহতীয়া পেহেলগাম কাণ্ডৰ সৈতে জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। ২০২১ চনৰ মে’ত আনন্তনাগৰ কোকেৰনাগ অঞ্চলত ভাৰতীয় সেনাই তিনি লস্কৰ-এ-তৈবা সন্ত্ৰাসবাদীক এনকাউণ্টাৰ কৰাৰ সময়ৰ এটা দৃশ্য শেহতীয় পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ পৰত সেনাৰ আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০২১ চনৰে পুৰণি ভিডিঅ’ পেহেলগাম কাণ্ডত জৰিত সন্ত্ৰাসবাদীৰ ঘৰৰ ওপৰত ভাৰতীয় সেনাৰ প্ৰতিশোধমূলক আক্ৰমণ বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।
Written By: Pranjal SharmaResult: False
