১ এপ্ৰিলত জম্মু-কাশ্মীৰৰ কথুৱাত হোৱা এক সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছৰ অভিযান বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে। 

False Social

শেহতীয়াকৈ পেহেলগামত হোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ পাছত অসমৰ সামাজিক মাধ্যমত সেই ঘটনাটোৰ লগত সংগতি ৰাখি বিভিন্ন ফটো, ভিডিঅ’ প্ৰচাৰ হৈ আছে। তাৰে কিছুমানৰ সত্যতা নিৰূপণ ইতিমধ্যেই আমি কৰিছোঁ। এই বিষয়টোৰ সৈতে সাঙোৰ খাই থকা আন এক ভিডিঅ’ এক ব্যৱহাৰকাৰীয়ে আপলোড কৰা আমাৰ দৃষ্টিগোচৰ হৈছে। দৃশ্যটোত দেখা গৈছে যে এক দুৰ্গম সীমান্তৱৰ্তী অঞ্চলত কেইজনমান মানুহৰ দৌৰা ঢপৰা লাগিছে আৰু লগতে গুলীৰ শব্দও শুনা গৈছে। দাবী কৰা হৈছে যে সেয়া পেহেলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই চলোৱা এনকাউণ্টাৰ অভিযানৰ দৃশ্য। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfjUjogATIOK1iKCI-lDU1oGGMPLnvYmAyxyJ9h5yacl3mOU9NOB7jFfZ8p1qASKbPbX1SspH01l2jLle7q8_XIFhE5G1TvevjrGeXx21R1RMhIyRqwG22uW80HQr0L3nsfcjQc?key=aBQpLUlnj6CUW4l86A37yhbO

Facebook Link Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি একাধিক বাতৰি আৰু এক্স পোষ্টৰ লিংক লাভ কৰিলোঁ।  চলিত বছৰৰে ১ এপ্ৰিলত এগৰাকী ব্যৱহাৰকাৰীয়ে এক্সত কৰা এটা টুইটত আমি সেই ভিডিঅ’টো পালোঁ। কেপছনৰ পৰা জানিব পাৰিলোঁ যে জম্মু-কাশ্মীৰৰ কথুৱা জিলাৰ জুথানাত ভাৰতীয় সেনা আৰু জম্মু-কাশ্মীৰত নিয়োজিত বিশেষ অভিযান গোটে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এক অভিযান চলাইছিল। দুয়োপক্ষৰ মাজত প্ৰৱল গুলীয়াগুলীৰ খবৰ পোৱা গৈছিল। সেই টুইটটোতেই আমি অনুসন্ধানকৃত এই ভিডিঅ’টো পালোঁ। আমি নিশ্চিত হৈ পৰিলোঁ যে এই দৃশ্যটো পেহেলগাম কাণ্ডৰ পাছৰ ঘটনাৰ নহয়। কাৰণ যোৱা ২২ এপ্ৰিলত পেহেলগামত এক সন্ত্ৰাসবাদী আক্ৰমণ হৈছিল আৰু এই ভিডিঅ’টো এক্সত ১ এপ্ৰিলতেই আপলোড হৈ আছিল। 

একেদিনাই আন এক ব্যৱহাৰকাৰীয়ে জম্মু-কাশ্মীৰৰ কথুৱা জিলাত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাই যুঁজ দিয়াৰ কথা উল্লেখ কৰি সেই ভিডিঅ’টো এক্সত আপলোড কৰিছিল। 

অনুসন্ধানত আমি ২ এপ্ৰিলত The Hinduএ এই ঘটনাটোক লৈ পৰিবেশন কৰা Kathua anti-militancy operation continues, India-Pakistan armies exchange fire along LoC in Poonch  শীৰ্ষক বাতৰিটো পঢ়ি চালোঁ আৰু জানিব পাৰিলোঁ যে কথুৱা জিলাৰ জুথানা অঞ্চলৰটোত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে এই অভিযান চলিছিল। চুবুৰীয়া পুঞ্চ জিলাতো আত্মগোপন কৰি থকা তিনি সন্ত্ৰাসবাদীৰ বিৰুদ্ধে অভিযান চলাৰ কথা বাতৰিটোত আমি পঢ়িবলৈ পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXea0FZLkNGr8-xNc2X8eDDsYzuBAzvPgQg3t-WLaeTwxadqZCLV4rJCkMzv2b_5776Tth3aQFO-ob-w8a0LGXzd4Q7_dnxnf5gvm-hnSqpyYK7hfXtRK-HaLVRyFwp1exeU2qDxlA?key=aBQpLUlnj6CUW4l86A37yhbO

এইখিনি তথ্যৰ পৰা আমি নিশ্চিত হওঁ যে যিটো ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে যোৱা ১ এপ্ৰিলত কথুৱাৰ জুথানাত হোৱা এক অভিযানৰ ভিডিঅ’হে। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। যিটো ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছত সন্ত্ৰাসবাদীৰ বিৰুদ্ধে ভাৰতীয় সেনাৰ অভিযান বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে যোৱা ১ এপ্ৰিলত কথুৱাৰ জুথানাত হোৱা এক অভিযানৰ ভিডিঅ’হে।  

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:১ এপ্ৰিলত জম্মু-কাশ্মীৰৰ কথুৱাত হোৱা এক সন্ত্ৰাসবাদী বিৰোধী অভিযানৰ ভিডিঅ’ পেহেলগাম কাণ্ডৰ পাছৰ অভিযান বুলি মিছাকৈ প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *