প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু ঘটা নাই। ই এটা উৰা-বাতৰিহে।

False Social

২৫ আগষ্ট ২০২৫ত অসমৰ এগৰাকী ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশ্বৰ প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ ফটোৰ এখন ক’লাজ আপলোড কৰি অভিনেতাগৰাকীৰ মৃত্যু ঘটা বুলি দাবী কৰি এটা পোষ্ট দিছে। তাত তেওঁ কেপছন লিখিছে- জেকী চান – যিজন ব্যক্তিয়ে নিজৰ যৌৱন শিল্পৰ প্ৰতি উৎসৰ্গা কৰিছিল আৰু কালজয়ী স্মৃতি এৰি থৈ গৈছিল সেই জেকী চান আৰু নাই good bye  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeZNuqWJOUTkwaTzRVDMnQx7sdlSDMC2Qg2xZND1klfBdu1syX4o3vwWby27o1yxcmfZyltxThHF5WfnMCQgvyrZ8hPmhX4s0cyIwXAiKmOl-70BahZbTbFByVskWMM4y8PhWDK?key=ZJ89aL0tHttigOFU7DvHIQ

Facebook Link Archived Link 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ বাবে আমি বিশ্বৰে অতিকৈ প্ৰসিদ্ধ অভিনেতাগৰাকীৰ মৃত্যু বা তেনেকুৱা কোনো ঘটনাৰ কোনোধৰণৰ বা-বাতৰি ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশ হৈছে নেকি, তাৰেই সন্ধান কৰিলোঁ। কিন্তু কোনোধৰণৰ বাতৰি লাভ নকৰিলোঁ। তাৰ সলনি আমি একেগৰাকী অভিনেতাৰ মৃত্যু সম্পৰ্কে পূৰ্বেও একাধিকবাৰ উৰা-বাতৰি প্ৰকাশ হোৱাৰ তথ্যহে লাভ কৰিলোঁ। ২০১১ চনত এবাৰ জেকী ছানৰ মৃত্যুৰ উৰা-বাতৰিয়ে সামাজিক মাধ্যমত খলকনিৰ সৃষ্টি কৰিছিল।  

https://lh7-rt.googleusercontent.com/docsz/AD_4nXduw3N_24emj0WOE1yyfvXZRE6Prn9NEhrQjt0Uw2pO5Y8ywEeQq_GwXQndvuKaOe3Bswm9cktu5X-W-s6MQc68MttQX3OY2Qijq3xygQpiL_Fpvi1fD6Kz-GJQYhZ548y2VhHm7A?key=ZJ89aL0tHttigOFU7DvHIQ

২০১৩চনত পুনৰ এবাৰ জেকী ছানৰ মৃত্যুৰ উৰা-বাতৰি বিয়পি পৰিছিল। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcIFDMk4eD8_Ob9sVXl93a4Cp53We3AF9IVaLn8E-WShfsf2MLfNHjqrL6rE72hfg2hZm7w8-yRvQ3rGDWytU6tq3jDokPjH_f8oCNqzrdak1zQHgo4MVgjjqx5dhcZjOmj9UftsQ?key=ZJ89aL0tHttigOFU7DvHIQ

আনকি ২০১৫চনত বিয়পি পৰা উৰা-বাতৰিৰ সময়ত অভিনেতাগৰাকীয়ে নিজেই ক’বলগীয়া হৈছিল যে তেওঁ জীয়াই আছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeOY58-zi2GRkWTyEjIJw5qtcJJIplaoqe2ZG85XS0qjrwTtz92r3_ySNXIXGLduOBDgUeSv-LSWG901gvGphPczfUbce0fkBBPeFMjxU6bb05jV9-jgW66QkjRnFGEJ7w2v8o3FA?key=ZJ89aL0tHttigOFU7DvHIQ

ইয়াৰ পাছত আমি জেকী ছানৰ শেহতীয়া কৰ্ম সম্পৰ্কত তথ্যৰ সন্ধান কৰিলোঁ। তেতিয়া আমি একাধিক তথ্য লাভ কৰিলোঁ। ২০২৫ চনৰ ৪ আগষ্টত গোল্ডেন ষ্টেট ৱাৰিয়ৰ্ছে (Golden State Warriors) এনবিএৰ তাৰকা খেলুৱৈ জিমি বাটলাৰে লি-নিং জেবি৩ স্নিকাৰৰ প্ৰচাৰ ভ্ৰমণৰ সময়ত চীনত জেকী চানক সাক্ষাৎ কৰা এখন ফটো শ্বেয়াৰ কৰি এটা টুইট কৰিছিল

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdm7Y0mm249fo3pdSda5FKl7IawPG5_DxxM9GHQMSeWue9LwQeTqBCMQX7Sl6_zrnntxwxOu3P5XPDmxW0lRx9N5_otemNbaky3fQbnrX_04xOyAk_F3FBp8apZucEB33NB-bAN?key=ZJ89aL0tHttigOFU7DvHIQ

আনহাতে অতি শেহতীয়াকৈ জেকী ছান অভিনীত নতুন চিনেমা ‘The Shadow’s Edge’ ইণ্টাৰনেছনেল ট্ৰেইলাৰ মুক্তি লাভ কৰা সম্পৰ্কত যোৱা ১৪ আগষ্ট ২০২৫ত প্ৰকাশ পোৱা এটা বাতৰিও আমি পালোঁ। সাম্প্ৰতিক সময়ত জেকী ছানৰ সৈতে জৰিত অতি শেহতীয়া খবৰ হিচাপে এই চিনেমাখনৰ ট্ৰেইলাৰ মুকলিৰ খবৰটোৱেই আমি ইণ্টাৰনেটত লাভ কৰিলোঁ।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXe-J46Xf1FDybBjlhUJr6LaXcKzkIPDS4ASYclsQqs_0-hUd5tmSF2INaNzKnd7uYFDmEHC_JKqNBt7TB2W5ScJ2ApVj_RJEkKzuGdk77DnvaxBINWtPxqydORTZWvMQei_RM942w?key=ZJ89aL0tHttigOFU7DvHIQ

চিনেমাখনৰ ট্ৰেইলাৰটো ইয়াত চাব পাৰিব। 

আমি জেকী ছানৰ অফিচিয়েন ইনষ্টাগ্ৰাম হেণ্ডেল আৰু এক্স হেণ্ডেলো পৰীক্ষা কৰিলোঁ। তাতো এই সম্পৰ্কত কোনোধৰণৰ তথ্য লাভ নকৰিলোঁ। বিশ্বৰ কোনো প্ৰসিদ্ধ ব্যক্তি, কোনো তাৰকা অথবা কোনো ৰাজনৈতিক ব্যক্তিয়েই বিশ্বৰ প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু সম্পৰ্কত কোনোধৰণৰ শোকবাৰ্তা, কোনো পোষ্ট, কোনো টুইট কৰা আমি নাপালোঁ।  ইয়াৰ পৰাই আমি নিশ্চিত হৈছোঁ যে পূৰ্বেও দুই তিনিবাৰ তেওঁৰ মৃত্যুৰ উৰা-বাতৰি ওলোৱাৰ দৰে এইবাৰো অসমৰ ফেচবুকত ব্যৱহাৰকাৰীজনে দিয়া পোষ্টটো এটা উৰা-বাতৰিহে। ই সত্য নহয়। 

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু ঘটা নাই। ই এটা উৰা-বাতৰিহে।      

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:প্ৰসিদ্ধ অভিনেতা জেকী ছানৰ মৃত্যু ঘটা নাই। ই এটা উৰা-বাতৰিহে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *