
শেহতীয়াকৈ অসমৰ একাংশ ফেচবুক ব্যৱহাৰকাৰীয়ে এটা বিশেষ ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে ভাৰতে সিন্ধু নদীৰ পানী বন্ধ কৰা কাৰ্যক সমৰ্থন কৰি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পাকিস্তানক ইতিকিং কৰিছে ‘Help, Help, I Need Water’ বুলি।
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেম কিছুমান লৈ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন খ্যাতিমান সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক আৰু ইউটিউৱ লিংক লাভ কৰিলোঁ। NBC Newsএ ২০২৬ চনৰ ২৭ ফেব্ৰুৱাৰীত এটা ভিডিঅ’ বাতৰি সম্প্ৰচাৰ কৰিছিল তেওঁলোকৰ ফেচবুক পেজত। Donald J. Trump mocks 2016 rival Marco Rubio’s infamous water bottle moment while on a campaign stop in Fort Worth, Texas, on Friday. বুলি কেপছন দিয়া পোষ্টটো আমি ভাইৰেল ভিডিঅ’টোৰ মূল ৰূপটো পালোঁ।
CBS Newsৰ ইউটিউৱ চেনেলত Donald Trump mocks Marco Rubio’s 2013 water bottle gaffe কেপছনেৰে ট্ৰাম্পৰ সেই ভিডিঅ’টো ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত আপলোড কৰা হৈছিল।
কেৱল ইমানেই নহয়। CNNৰ ইউটিউৱ চেনেলতো ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীত ট্ৰাম্পৰ সেই কাৰ্য সম্পৰ্কে তথ্য দি ভিডিঅ’টো আপলোড কৰা হৈছিল।
এইকেইটা বাতৰিৰ পৰা আমি গম পালোঁ যে এই ভিডিঅ’টো এতিয়াৰ নহয়, ২০১৬ চনৰে। সেই সময়ত বৰ্তমানৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি ট্ৰাম্পে তেওঁৰ বিৰোধী মাৰ্কো ৰুবীয়োক ইতিকিং কৰি এনেকৈ পানীৰ বটলৰ পৰা পানী খাইছিল।
ইয়াৰ পাছত আমি মাৰ্কো ৰুবীয়োৰ পানী খোৱা সেই ঘটনাটোৰ সম্ভেদ লৈ জানিবা পাৰিলোঁ যে ফ্ল’ৰিডাৰ চিনেটৰ তদানীন্তন মাৰ্কো ৰুবীয়োই ২০১৩চনত এক সভা সম্বোধনৰ সময়ত ভাষণৰ মাজতে পানী খাইছিল। The New York Timeত Rubio’s Water Moment নামেৰে আমি সেই দৃশ্য লাভ কৰিলোঁ।
এই সম্পৰ্কে এটা লেখাও আমি পঢ়িবলৈ পালোঁ।
ইয়াৰ পৰাই আমি এই সিদ্ধান্তত উপনীত হৈছোঁ যে যিটো ভিডিঅ’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পানীৰ অভাৱত পৰা পাকিস্তানক ইতিকিং কৰা বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ২০১৬ চনত এক সভাত ট্ৰাম্পে মাৰ্কো ৰুবীয়ো নামৰ এজন চিনেটৰক ঠাট্টা কৰি প্ৰদৰ্শন কৰা এটা আচৰণহে আছিল।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানৰ পৰা ক’ব পাৰোঁ যে দাবীটো মিছা। যিটো ভিডিঅ’ আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে পানীৰ অভাৱত পৰা পাকিস্তানক ইতিকিং কৰা বুলি প্ৰচাৰ কৰা হৈছে, সেইটো আচলতে ২০১৬ চনত এক সভাত ট্ৰাম্পে মাৰ্কো ৰুবীয়ো নামৰ এজন চিনেটৰক ঠাট্টা কৰি প্ৰদৰ্শন কৰা এটা আচৰণহে আছিল।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Title:২০১৬ত ট্ৰাম্পে কৰা এক ভেঙুচালিকে পানীৰ বাবে পাকিস্তানক ঠাট্টা কৰি বুলি প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: False
