
শেহতীয়াকৈ অসমৰ একাধিক ফেচবুক ব্যৱহাৰকাৰীয়ে এখন বিশেষ ফটো আপলোড কৰি দাবী কৰিছে যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ কন্যাৰ মিঞা যুৱকৰ সৈতে সম্পৰ্ক আছে আৰু তেওঁ মুম্বাইত সেই যুৱকৰ সৈতে লিভ-ইন ৰিলেশ্বনশ্বিপত আছে। ফটোখনত আমি দেখা পাওঁ মুখ্যমন্ত্ৰী ড০ শৰ্মা আৰু তেওঁৰ কন্যাৰ সৈতে এগৰাকী ইছলামধৰ্মী টুপি পৰিহিত যুৱক।


Facebook Link Archived Link

Facebook Link Archived Link
কিন্তু দাবীটো সত্য হয়নে?
আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ।
সত্যতা নিৰূপণ পদ্ধতি
অনুসন্ধানৰ আৰম্ভণীতে আমি সেই ফটোখনৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া সেইখন সম্পাদিত ফটো বুলি দাবী কৰা একাধিক পোষ্ট লাভ কৰিলোঁ। এগৰাকী এক্স ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে– Congress’ lowest form of politics! After repeatedly targeting Himanta Biswa Sarma and his wife, Congress has now stooped even lower by dragging a minor child into their dirty politics. They used AI to morph a photo by replacing the face with that of Bollywood actor Kartik Aaryan to spread a fake and misleading image. ( কংগ্ৰেছৰ ৰাজনীতিৰ নিকৃষ্টতা। হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীক নিৰৱচ্ছিন্নভাৱে লক্ষ্য কৰি লোৱাৰ পাছত এতিয়া তেওঁলোকে এগৰাকী নাবালিকা কন্যাকো তেওঁলোকৰ লেতেৰা ৰাজনীতিলৈ টানি আনিছে। এআই ব্যৱহাৰ কৰি বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানৰ ফটো আঁতৰাই আনৰ মুখ লগাই মিছা আৰু বিভ্ৰান্তিকৰ খবৰ প্ৰচাৰ কৰিছে।) টুইটটোত আমি ভাইৰেল ফটোখনৰ সৈতে আন এখন ফটো দেখিলোঁ। সেইখন ফটোত বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আছিল।

ইয়াৰ পাছত আমি ফেচবুকত আন এগৰাকী ব্যৱহাৰকাৰীয়ে একেদৰেই কাৰ্তিক আৰিয়ানৰ সৈতে থকা ফটোখনৰ লগতে ভাইৰেল ফটোখনো আপলোড কৰি সেয়া কংগ্ৰেছৰ নিকৃষ্ট ৰাজনীতি বুলি অভিহিত কৰি পোষ্ট কৰিছে। লিখিছে- ৰাজনীতিৰ নামত আৰু কিমান তললৈ নামিব বিৰোধী? এফালে যেতিয়া ভাৰতীয় জনতা পাৰ্টিয়ে বিকাশৰ কথা কৈছে, আনফালে বিৰোধী কংগ্ৰেছে নীতি-আদৰ্শৰ যুঁজত হাৰি এতিয়া মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰিয়ালক লক্ষ্য কৰি লৈছে। শেহতীয়াকৈ বলিউড অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে থকা মুখ্যমন্ত্ৰীৰ কন্যাৰ এখন ফটো AI (Artificial Intelligence) ব্যৱহাৰ কৰি বিকৃত কৰা হৈছে। এগৰাকী কন্যাক ৰাজনীতিৰ আভিলা কৰি অপমান কৰাটো অসমীয়া সংস্কৃতি কেতিয়াও হ’ব নোৱাৰে।

কাৰ্তিক আৰিয়ানৰ ফটো আঁতৰাই আন যুৱকৰ ফটো সংলগ্ন কৰি মিছা ফটো প্ৰচাৰ কৰা বুলি উল্লেখ কৰি দিয়া ইনষ্টাগ্ৰাম পোষ্ট ইয়াত চাব পাৰিব।
এই সম্পৰ্কে অধিক তথ্য আহৰণৰ চেষ্টা কৰোতে আমি অসমৰ এগৰাকী জ্যেষ্ঠ সাংবাদিক তথা সাহিত্য অকাডেমী বঁটা প্ৰাপক সাহিত্যিক মনোজ কুমাৰ গোস্বামীয়ে যোৱা ৫ চেপ্তেম্বৰ ২০২৫ত কৰা এটা ফেচবুক পোষ্ট পালোঁ। তাত আমি এখন ফটো আপলোড কৰা দেখিলোঁ। ফটোখনত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা,তেওঁৰ কন্যা সুকন্যা শৰ্মা আৰু বলিউডৰ অভিনেতা কাৰ্তিক আৰিয়ানক দেখিলোঁ। পোষ্টটোত মনোজ কুমাৰ গোস্বামীয়ে লিখিছে- পুনৰ অভিনয় জগতলৈ নেকি হিমন্তবিশ্ব শৰ্মা। আজি জীয়ৰী সুকন্যাৰ সৈতে মুম্বাইত বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে মুখ্যমন্ত্ৰী৷ কিন্ত্ত এটা কথা কও, মুখ্যমন্ত্ৰীয়ে কৰো বুলি কলে “বালক” আৰিয়ানে পাৰ নাপাব!!

সমান্তৰালভাৱে আমি অসমৰ একাধিক সংবাদ প্ৰতিষ্ঠানেও মুখ্যমন্ত্ৰীগৰাকীয়ে নিজ কন্যা আৰু কাৰ্তিক আৰিয়ানৰ সৈতে ফটো তোলা কথাটোক লৈ ৫ চেপ্তেম্বৰ ২০২৫ত বিভিন্ন বাতৰিমূলক ফটো আপলোড কৰি আমি দেখিলোঁ। অন্যান্য বিভিন্ন প্ৰতিষ্ঠানে একে দিনাই সেইখন ফটো আপলোড কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে মুম্বাইত কন্যাৰে সৈতে কাৰ্তিক আৰিয়ানক লগ কৰাৰ বাতৰিটো প্ৰচাৰ কৰিছিল। তেনেকুৱা বাতৰি ইয়াত, ইয়াত, ইয়াত আৰু ইয়াত চাব পাৰিব।

তাৰে এটা বাতৰিত আমি পালোঁ যে মুখ্যমন্ত্ৰীগৰাকীয়ে নিজেই সেই ফটোখন শ্বেয়াৰ কৰিছিল। তাৰ পাছতেই আমি অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সামাজিক মাধ্যমত সেই ফটোখনৰ সন্ধান কৰিলোঁ আৰু ২০২৫ৰ ৫ চেপ্তেম্বৰত তেখেতে সেই ফটোখন শ্বেয়াৰ কৰা আমি দেখিলোঁ। পোষ্টটোত তেখেতে লিখিছিল- জীয়ৰী সুকন্যাৰ সৈতে আজি মুম্বাইত বৰ্তমান সময়ৰ জনপ্ৰিয় অভিনেতা কাৰ্তিক আৰিয়ানক লগ পাওঁ৷ সময়ছোৱাত প্ৰতিভাৱান অভিনেতাগৰাকীক সুন্দৰ অভিনয় যাত্ৰাৰ বাবে শুভেচ্ছা জ্ঞাপন কৰোঁ৷

ইয়াৰ পৰাই স্পষ্ট হৈ পৰিল যে যোৱা ৫ চেপ্তেম্বৰ ২০২৫ত অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে নিজ কন্যাৰ লগত মুম্বাইত তোলা ফটো এখনকে সম্পাদনা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ কন্যাৰ মিঞা যুৱকৰ সৈতে লিভ-ইন সম্পৰ্ক আছে বুলি মিছাকৈ প্ৰচাৰ কৰি থকা হৈছে।
ফলাফল
ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে যে দাবীটো মিছা। হিমন্ত বিশ্ব শৰ্মাই অভিনেতা কাৰ্তিক আৰিয়ানৰ সৈতে নিজ কন্যাৰ লগত তোলা ফটো সম্পাদনা কৰি মুখ্যমন্ত্ৰীগৰাকীৰ কন্যাৰ মিঞা যুৱকৰ সৈতে লিভ-ইন সম্পৰ্ক আছে বুলি মিছাকৈ প্ৰচাৰ কৰি থকা হৈছে।
যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে,সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।
যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:
ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ
Title:হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ কন্যাৰ ফটো সম্পাদনা কৰি ভুল বাৰ্তা প্ৰচাৰ।
Fact Check By: Pranjal SharmaResult: Altered


