পেচাদাৰী অভিনেতাৰে অভিনীত চিত্ৰনাট্যযুক্ত ভিডিঅ’ৰে সেনা জোৱানে গৰ্ভৱতী মহিলাক সহায় কৰা বুলি মিছাকৈ প্ৰচাৰ।  

False Social

শেহতীয়াভাৱে যোৱা ২৬ জুলাই ২০২৫ত অসমৰ এটা ফেচবুক পেজত এটা ভিডিঅ’ আপলোড কৰি দাবী কৰিছে যে দৃশ্যত দেখাৰ দৰে এগৰাকী গৰ্ভৱতী মহিলাক ভাৰতীয় সেনাৰ এগৰাকী জোৱানে আহি সহায় কৰিছে। ভিডিঅ’টো আপলোড কৰি তাত লিখিছে এইদৰে- আৰ্মী জনৰ মানৱীয়তা দেখিলে আপোনাৰো চকুলো নিগৰিব__ সঁচাকৈ দেশভক্ত আৰ্মীৰ হৃদয়খন বৰ কোমল… চিচি টিভিৰ কেমেৰাত আৱদ্ধ এজন ভাৰতীয় আৰ্মীৰ আচল মানৱীয়তা।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcB9Ot_EErQ_lAEAb0dUTj6J72Gvhjdgol0WS1e_SGI2zq313Yl4txyC51q1siWwtOsQ_dkAqEb8JgZu4elOw3joez04OnVQcMtHXSH24XMcMcxDyjidC0qARHL6U0fHYoGZ5u35A?key=NJvtZ7oaxmhksRt9GhTwGA

Facebook Link  Archived Link

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণীতে আমি ভিডিঅ’টোৰ কী-ফ্ৰেমৰ ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰি চালোঁ। তেতিয়া আমি একেটা ভিডিঅ’ 3RD EYE নামৰ ইউটিউৱ চেনেলটোত ২০২৪ৰ ১৩জুন তাৰিখে আপলোড কৰি থোৱা দেখিলোঁ। তাত লিখা আছে- This Was Really Awesome..! You Can Salute This Army Man..! 

  

উল্লিখিত এই ভিডিঅ’টোৰ বৰ্ণনা শিতানত লিখা হৈছে যে সেয়া চিত্ৰনাট্যযুক্ত এক ভিডিঅ’। মনোৰঞ্জনৰ মাধ্যমেৰে ৰাইজক সজাগ-সচেতন কৰাৰ উদ্দেশ্যেৰে সেই ভিডিঅ’ প্ৰস্তুত কৰা হৈছে বুলি তাত স্পষ্টভাৱে উল্লেখ কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeriNcz-1QcH2g-DlXjYsmdE6YX3SwbaP41kzQ0GoDQDXjJnh-osfdH9abhC1e4gD4POx3GcVotAhcfyK3hvdiOvRO3D4Q6wEjv7LC3ZkKQrAs8JEcHz_RZIUKsxU6-8bRdF5wCTA?key=NJvtZ7oaxmhksRt9GhTwGA

আমি সেই চেনেলটো পৰীক্ষা কৰি দেখিলোঁ যে তাত অনুৰূপ ধৰণৰ অনেক ভিডিঅ’ আছে। প্ৰতিটো ভিডিঅ’টে সেয়া স্ক্ৰিপ্টেড অৰ্থাত চিত্ৰনাট্যযুক্ত বুলি উল্লেখ কৰি সেয়া মনোৰঞ্জনৰ বাবে সৃষ্টি কৰা ভিডিঅ’ বুলি কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcE3dp_52Nudml6vv3j8kXBrmSCxPgXmdyjVmsg1WEyiPHBeheGBji968_EjRoXBmUZgDxbFjDQU-I1qSG-WdizjX7M3hSClxMWudDeyfdF4wpC8W8hOdH3m8AOlydQTysZnCL7?key=NJvtZ7oaxmhksRt9GhTwGA

চেনেলটোৰ বৰ্ণনাত আমি  দেখিলোঁ যে তাত All Rights Reserved by Ideas Factory Ventures Pvt.Ltd বুলি লিখা আছে। অৰ্থাত সেই ভিডিঅ’সমূহৰ সকলো স্বত্ব আইডিয়াজ ফেক্টৰীৰ নামত সংৰক্ষিত। আমি আইডিয়াজ ফেক্টৰীৰ অফিচিয়েল ফেচবুক পেজটোৰ লিংকটোও তাত লাভ কৰিলোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcBq5Zs_jrVwak0akZsjEolUoII3kRZ4yyMwj_XcxTK6kPl7g5AqF1SBTZ8VlQxXOJrN01D38qvPLfrk1177XdsTvQhbzxhgWKIQ1wtTkkYy4NdnUAwvW4SQ6XbBo5ayHmO4viz?key=NJvtZ7oaxmhksRt9GhTwGA

আইডিয়াজ ফেক্টৰীৰ ফেচবুক পেজটোতো আমি এই একেটা ভিডিঅ’ ২০২৪ৰ ১৩মাৰ্চত আপলোড কৰি থোৱা দেখা পালোঁ। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXeYBrVkCgS3sFZvRXnZ65KoEssLArC7fQsWZMXESGAVdI39fua8FDJNaVS_VAeJUdCHzjxHhqt_zUm8QIgw_wVkaO5YOQUK9DByn0mXvMlgUaw9TsLKZriFZNTDRRNSabsphEsVbw?key=NJvtZ7oaxmhksRt9GhTwGA

তাতো উল্লেখ কৰা হৈছে যে এয়া এক চিত্ৰনাট্যযুক্ত ভিডিঅ’ আৰু ইয়াক শৈক্ষিক আৰু মনোৰঞ্জনমূলক উদ্দেশ্যেৰে সৃষ্টি কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXc7C1rGDgpI_df8CX1pH97rcdt93OkE1iECnazmr8Kpirpcvj-nYMEoSUrUY-S3oUBWOVfrWBT29nMGveal287fC4I0DDDpVb7lQypAZVcDgA2OsNafh-m35FS-w_Vg6ty5tfeZ?key=NJvtZ7oaxmhksRt9GhTwGA

তদপৰি ফেচবুকতে 3RD EYEৰ আন এটা পেজ আছে। সেই পেজটোতো এই ভিডিঅ’টো আছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXf8k0EVWTBD-gb9rTYCP8zx4HLnJhMZ_eqDqyyK8LJxXiM3Wx1ZHKpwBLqPLUFifMisJnPBG2J2Wzy3kSBhdYObRaei27Cg4NPJ1fETu0xf1LyjNyEd5ImAm3irISr-ggUHtc1VMw?key=NJvtZ7oaxmhksRt9GhTwGA

তাতো লিখা আছে যে সেইটো চিত্ৰনাট্যযুক্ত।   

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdqPwLcZjPuBV2TefBdHeUNl9YFPFsi1rU-EsCPz6HeQ_K5GZh8DXRTVhiBQk2-7TjbKB4J9AdYxb1ORrhFo8id3_n1hGzVGszayQJ1YwN6UuW3455LDe0cbT8vUOVnVr8QviR7?key=NJvtZ7oaxmhksRt9GhTwGA

এই ভিডিঅ’টো পেচাদাৰী অভিনেতাৰ দ্বাৰা অভিনীত, চিত্ৰনাট্যযুক্ত এক সজাগতামূলক মনোৰঞ্জক ভিডিঅ’ বুলি আমি কৰা ধাৰণাৰ সত্যতা নিৰূপিত হোৱাৰ পাছত আমি সামাজিক মাধ্যমৰ জৰিয়তেই আইডিয়াজ ফেক্টৰী আৰু থাৰ্ড আইৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিলোঁ। তেতিয়া থাৰ্ড আইৰ তৰফৰ পৰা আমাক সঁহাৰি দি জানিবলৈ দিলে যে সামাজিক সচেতনতা সৃষ্টিৰ বাবে তেওঁলোকে এইদৰে অভিনেতাৰ দ্বাৰা অভিনীত একোটা কাহিনী দৃশ্যগ্ৰহণ কৰি ভিডিঅ’ প্ৰস্তুত কৰে। বিগত বহুদিন ধৰি তেওঁলোকে এই কাম কৰি আহিছে। আমাৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে ইয়াকো জানিবলৈ দিয়ে যে ইউটিউৱ আৰু ফেচবুকত 3RD EYE নামেৰে তেওঁলোকৰে চেনেল আৰু পেজ আছে। তাতেই তেওঁলোকে দৰ্শকৰ বাবে এইসমূহ ভিডিঅ’ পোষ্ট কৰে। 

আমাৰ সন্ধানত এইদৰেই স্পষ্ট হৈ পৰিল যে অসমৰ ফেচবুক পেজটোৱে যিটো ভিডিঅ’ এগৰাকী সেনাৰ জোৱানে এগৰাকী গৰ্ভৱতী মহিলাক সহায় কৰাৰ চিচিটিভি ফুটেজ বুলি দাবী কৰি প্ৰচাৰ কৰিছে, সেইটো আচলতে এটা চিত্ৰনাট্যযুক্ত আৰু পেচাদাৰী অভিনেতাৰ দ্বাৰা অভিনীত সজাগতামূলক মনোৰঞ্জক ভিডিঅ’হে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত এই কথা নিশ্চিত হৈছে  দাবীটো মিছা। যিটো ভিডিঅ’ এগৰাকী সেনাৰ জোৱানে এগৰাকী গৰ্ভৱতী মহিলাক সহায় কৰাৰ চিচিটিভি ফুটেজ বুলি দাবী কৰি প্ৰচাৰ কৰিছে, সেইটো আচলতে এটা চিত্ৰনাট্যযুক্ত আৰু পেচাদাৰী অভিনেতাৰ দ্বাৰা অভিনীত সজাগতামূলক মনোৰঞ্জক ভিডিঅ’হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:পেচাদাৰী অভিনেতাৰে অভিনীত চিত্ৰনাট্যযুক্ত ভিডিঅ’ৰে সেনা জোৱানে গৰ্ভৱতী মহিলাক সহায় কৰা বুলি মিছাকৈ প্ৰচাৰ।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *