ভূমিকম্পত অট্টালিকা খহি পৰা বেংককৰ এটা দৃশ্য ম্যানমাৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।  

False Social

শেহতীয়াভাবে ২৮ মাৰ্চ ২০২৫ শুকুৰবাৰে ৰাতিপুৱাৰ ভাগত এক ভূমিকম্পই ম্যানমান,থাইলেণ্ড আজি ৰাষ্ট্ৰ জোকাৰি যায়। তাৰ প্ৰভাৱ অসম তথা উত্তৰ পূৰ্বাঞ্চলতো পৰে। এই পৰিপ্ৰেক্ষিতত সামাজিক মাধ্যমত বিভিন্ন ফটো আৰু ভিডিঅ’ ভাইৰেল হৈ পৰে। অসমৰ বহুতো ফেচবুক পেজ তথা ব্যৱহাৰকাৰীয়ে তেনেকুৱা এটা ভিডিঅ’ আপলোড কৰি সেইটো ম্যানমাৰৰ দৃশ্য বুলি দাবী কৰা দেখা গৈছে। ভূমিকম্পত খহি পৰা এটা অট্টালিকাৰ দৃশ্য আপলোড কৰি সেইটো ম্যানমাৰৰ আট্টালিকা বুলি দাবী কৰিছে এটা ফেচবুক পেজে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfO0RAfVcUUacSgBogifPtFP_DHNbFgLAoZg9Gcwr5DYNFCPQfdQ-tlS6QS1f1H5kDyCv4VbU4LdTqD01wNU_0Ep50Sqze6_ZTzqCsF5gofMrFu2VtOXL3pzMFhoG0FDv5xjkualA?key=tkPPfKZIhUwVHMiQl7OvSE_O

Facebook Link Archived Link 

আন এক ব্যৱহাৰকাৰীয়ে একেটা ভিডিঅ’কে আপলোড কৰি সেয়া ম্যানমাৰৰ অট্টালিকা ভূমিকম্পত খহি পৰা বুলি দাবী কৰিছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcPvCavfsHF5-1AyeLp1dH-DJKcuzJpAxeB52QcpPMMiJMtnJQswcMTLZ9YoyaV7VW2uKZzTfwmEnu6GKy8XPwNjD0gryzsPXmodJn4P16ZU0yqXm2QKQj-mRSoRHrShlEPgX5oaQ?key=tkPPfKZIhUwVHMiQl7OvSE_O

Facebook Link Archived Link 

অন্য এটা ফেচবুক পেজতো সেয়া ম্যানমাৰৰ দৃশ্য বুলি দাবী কৰা হৈছে।

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfaX-BJqRYvQU0bNEoi2bQRtH09n2mP0QNYlliGaexdqNkyqE-ZdaKRp8lADOxDlB0Ay4InkuIwx1tay9vnQvD0uBamrv4-NwgNvqzijIsadMul6vmsuwGwQ-nuecUdHDQTJFbxTw?key=tkPPfKZIhUwVHMiQl7OvSE_O

Facebook Link Archived Link

একেধৰণে সেই ভিডিঅ’টো ম্যানমাৰৰ বুলি দাবী কৰা আন দুটা ফেচবুক পোষ্ট ইয়াত আৰু ইয়াত চাব পৰা যাব।

আনহাতে অসমৰ এক সংবাদ প্ৰতিষ্ঠানৰ ফেচবুক পেজত ম্যানমাৰৰ ভূমিকম্প সন্দৰ্ভত আপলোড কৰা ভিডিঅ’ এটাৰ ৮ চেকেণ্ডৰ পৰা সেই দৃশ্যটো ব্যৱহাৰ কৰা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXdKWyrZYpBgzlP90CsvFv_nHIcnVxhReOJHyjQMvYPxP16iHETuLluvc3yvowt-PLnXl5QD4fJ4hHcRhnEB1amQ5Yc1heQeCxh8ttdBoVppcdq7xb5fXtKBWoxJMd2f31jlbBdq?key=tkPPfKZIhUwVHMiQl7OvSE_O

Facebook Link Archived Link

আন এক সংবাদ প্ৰতিষ্ঠানৰ ভিডিঅ’তো সেই দৃশ্যটো ম্যানমাৰৰ দৃশ্য বুলি ব্যৱহাৰ কৰা হৈছে। 

কিন্তু দাবীটো সত্য হয়নে?

আমি ফেক্ট ক্ৰেছেণ্ডো অসমীয়াই ইয়াৰ সত্যতা নিৰূপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিলোঁ। 

সত্যতা নিৰূপণ পদ্ধতি

অনুসন্ধানৰ আৰম্ভণিতে আমি ভিডিঅ’টোৰ পৰা কিছুমান ফ্ৰেম উলিয়াই গুগল ৰিভাৰ্ছ ইমেজ ছাৰ্চ কৰিলোঁ। তেতিয়া আমি বিভিন্ন প্ৰতিষ্ঠিত সংবাদ প্ৰতিষ্ঠানৰ বাতৰি লাভ কৰিলোঁ, য’ত সেই খহি পৰা আট্টালিকাটো থাইলেণ্ডৰ বেংককৰ বুলি কোৱা হৈছে। প্ৰথমতেই দেখিলোঁ যে NDTVয়ে সেই ভিডিঅ’টো বেংককৰ দৃশ্য বুলি উল্লেখ কৰি বাতৰি পৰিবেশন কৰিছে। 

NEWS Firstৰ বাতৰিতো সেই দৃশ্য বেংককৰ এটা খহি পৰা অট্টালিকাৰ বুলি কোৱা হৈছে।  

The Guardianৰ বাতৰিত ব্যৱহাৰ কৰা ভিডিঅ’তো সেইটো ভূমিকম্পত খহি পৰা বেংককৰ এটা অট্টালিকা বুলি উল্লেখ কৰা হৈছে। 

CNN worldৰ বাতৰিতো সেয়া বেংককৰ দৃশ্য বুলিয়েই কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXcS2YO51nzDqy_AizRuTZ-3O1KlLHgypCuH_QBTPK-kmQhqsHPBWrXW_lpqsT7R9mWpWPxG9SKKJxeITSWbXWu1AaeUDREC07XLMDVbinn0fIA-wZon1XbOKsemEGg1xuXXH2iX?key=tkPPfKZIhUwVHMiQl7OvSE_O

Sky Newsৰ বাতৰিত ব্যৱহৃত ভিডিঅ’টোতো সেয়া ম্যানমাৰত অহা ৭.৭ ৰিখটাৰ প্ৰাবল্যৰ ভূমিকম্পৰ সময়ত বেংককত হোৱা জোকাৰণিত খহি পৰা এটা অট্টালিকা বুলি কোৱা হৈছে। 

https://lh7-rt.googleusercontent.com/docsz/AD_4nXfMN11wR89U5g7aQf0tL-97-nS6YED0JvZCK3Hl_y_gFs-28wPWahRiK6uerPWn-ZmeMe46lbUi8tyqBQi94_g45gpocW7edjOYUoN22b9AaZ4sDjMg0-KPCk2SktKn10KNLtdyuQ?key=tkPPfKZIhUwVHMiQl7OvSE_O

ইমানবোৰ তথ্য প্ৰমাণৰ পৰা আমি নিশ্চিত হৈছোঁ যে অসমৰ বিভিন্ন ফেচবুক পেজ আৰু ব্যৱহাৰকাৰীয়ে ম্যানমাৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা ভিডিঅ’টোত আচলতে সেয়া বেংককৰ এটা অট্টালিকাহে দেখা গৈছে।

ফলাফল

ফেক্ট ক্ৰেছেণ্ডো অসমীয়াৰ অনুসন্ধানত স্পষ্ট হৈ পৰিছে যে দাবীটো মিছা। ভুমিকম্পত খহি পৰা সেই অট্টালিকাৰ দৃশ্যটো ম্যানমাৰৰ নহয়, বেংককৰ হে।

যদি আপুনি সন্দেহজনক অনুভৱ কৰা যিকোনো তথ্য, ৰেকৰ্ডিং, ফটো, ভিডিঅ’ লাভ কৰে, তেনেহ’লে সেইবোৰ আমাৰ হোৱাটছএপ নম্বৰলৈ ফৰৱাৰ্ড কৰিব পাৰে (+91 904 905 3770)। আমি তথ্যগত বিৱৰণসহ অনুসন্ধান কৰিম আৰু প্ৰকাশ কৰিম। আমাৰ দৈনিক আপডেটবোৰো চাবস্ক্ৰাইব কৰক।

যদি আপুনি সামাজিক মাধ্যমত আমাক অনুসৰণ কৰিব বিচাৰে:

ফেচবুক | টুইটাৰ | ইনষ্টাগ্ৰাম | গুগল নিউজ চেনেল | হোৱাটছএপ

Avatar

Title:ভূমিকম্পত অট্টালিকা খহি পৰা বেংককৰ এটা দৃশ্য ম্যানমাৰৰ দৃশ্য বুলি প্ৰচাৰ কৰা হৈছে।

Fact Check By: Pranjal Sharma 

Result: False

Leave a Reply

Your email address will not be published. Required fields are marked *